Saturday, 07 November 2026
লগইন
ব্ৰেকিং

ৰিয়েলিটি শ্ব’'Bigg Boss 20-ৰ পৰা এটা ডাঙৰ খবৰ পোহৰলৈ! খবৰ শুনি আচৰিত দৰ্শকমণ্ডলী

ৰিয়েলিটি শ্ব’'Bigg Boss 20-ৰ পৰা এটা ডাঙৰ খবৰ পোহৰলৈ!

Big Boss 20-ৰ শেহতীয়া খণ্ডটোত প্ৰতিযোগী তথা বিখ্যাত ই-স্পৰ্টছ খেলুৱৈ স্কাউট অ’পি-এ আন এগৰাকী প্ৰতিযোগী লাভ গিলৰ প্ৰতি মনৰ ভাৱ প্ৰকাশ কৰা দেখা গৈছে। তেওঁ বাগিচা এলেকাত Yung DSA-ৰ সৈতে কথা পাতি থকাৰ সময়ত আংশিকভাৱে ছাইন লেংগুৱেজ ব্যৱহাৰ কৰি লাভ গিলৰ প্ৰতি আকৰ্ষিত হোৱাৰ ইংগিত দিয়ে।

ক্লিপটোত, স্কাউট অ’পি আৰু Yung DSA-ক লাভৰ সৈতে থকা তেওঁলোকৰ সমীকৰণৰ বিষয়ে আলোচনা কৰি থকা দেখা গৈছিল আৰু তেনেতে কথা-বতৰাটো অনুভৱ বা আৱেগৰ ফালে ঢল খোৱা যেন লাগিল। স্কাউট অ’পিয়ে আংশিকভাৱে সাংকেতিক ভাষাৰে কথা পাতিছিল আৰু তেওঁ লাভ গীলৰ প্ৰতি মনতে আৱেগ বা দুৰ্বলতা গঢ়ি তুলিবলৈ আৰম্ভ কৰা বুলি ইংগিত দিছিল। Yung-এ তেওঁক সুধিছিল, “তোমাৰ বাট সলনি হৈছে নেকি?", যাৰ উত্তৰতস্কাউট অ’পিয়ে কৈছিল, “নাজানো।”

পিছলৈ তেওঁ লাভৰ সৈতে থকা তেওঁৰ সম্পৰ্কক এক ভিন্ন ধৰণে বৰ্ণনা কৰিছিল। তেওঁ কৈছিল, "ভনীয়েক হোৱাৰ আগতে এজন মানুহ তাইৰ বন্ধু হোৱা উচিত," যাৰ দ্বাৰা তেওঁ বুজাব বিচাৰিছিল যে ভনীয়েক বুলি ভাবিবলৈ লোৱাৰ আগতে তেওঁ তাইক এগৰাকী বান্ধৱীৰ দৃষ্টিৰে চাইছে। লগতে তেওঁ স্বীকাৰ কৰে যে, যেতিয়া গুল্লু আৰু লাভ প্ৰেমজনিত নাটকীয়তাত সাঙোৰ খাই পৰে, তেতিয়া তেওঁৰ ঈৰ্ষা অনুভৱ হয়।

Big Boss হাউছৰ বাহিৰত কোনোবা থকাৰ কথা কোৱাৰ পিছত স্কাউটঅ’পি আৰু Yung DSA-ৰ কথোপকথনে দৰ্শকসকলক বিভ্ৰান্ত কৰি তুলিছে। এই ছিজনৰ আৰম্ভণিতে তেওঁ পাঁচ বছৰ ধৰি এটা সম্পৰ্কত থকাৰ কথা প্ৰকাশ কৰিছিল, যাৰ পিছত অনুৰাগীসকলে সেই ৰহস্যময়ী মহিলাগৰাকীক গেমিং ক্ৰিয়েটৰ কাশভী হিৰানন্দানীৰ সৈতে সংযোগ কৰিছে। 

খণ্ডটো সম্প্ৰচাৰিত হোৱাৰ লগে লগে, দৰ্শকসকলে এই স্বীকাৰোক্তিৰ বাবে স্কাউটঅ’পিক ট্র’ল কৰিবলৈ আৰম্ভ কৰিলে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “কি? স্কাউটঅ’পিকৰ লাভ গীলৰ প্ৰতি অনুভৱ জাগিছে!!! ভাবি চাওকচোন কি পৰিস্থিতি হ’ব যদিহে কাচভীয়ে ইয়াৰ ওপৰত এটা লাইভ ষ্ট্ৰীম কৰে!!”

"ৰাষ্ট্ৰীয় টিভি চেনেলত নিজৰ সংগীজনক আন কাৰোবাৰ প্ৰতি অনুভৱ বা প্ৰেমভাৱ গঢ়ি উঠা চাবলগীয়া হোৱাটো কোনো ছোৱালীৰে প্ৰাপ্য নহয়! স্কাউটে লাভক বাইদেউ-ভনী বুলি মাতি তাৰ পিছত এইবোৰ কথা কৈ সঁচাকৈয়ে আটাইতকৈ ঘৃণনীয় কাম কৰিলে... 'যিয়েই নহওক, কাশভীয়ে কাজীক 'ৰেড ফ্লেগ' বুলি কৈছিল' বুলিআন এজনে উল্লেখ কৰে।"

“তেওঁ স্বীকাৰ কৰিছে যে তাৰ লাভৰ প্ৰতি অনুভৱ জাগিছে, অথচ তেওঁ বাহিৰত থকা কাশৱীক লৈও চিন্তিত। তাৰ পিছত আকৌ তেওঁলোকে ইয়াক "ভাই-ভনী"ৰ সম্পৰ্ক বুলি কয়? সঁচাকৈয়ে! কিবা এটা যুক্তিযুক্ত অৰ্থ দিয়াচোন ইয়াৰ"-আন এজনে মন্তব্য কৰে।

উল্লেখ্য যে, Bigg Boss 20 ৰ নতুন এপিছ’ডসমূহ প্ৰতিদিনে ৰাতি ৯ বজাত JioHotstar আৰু ৰাতি ১০:৩০ বজাত ColorsTVত সম্প্ৰচাৰ কৰা হয়।
##bigupdate #newsupdate #bigboss20 #latestupdate #enetertainmentnews

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।