Thursday, 05 November 2026
লগইন
ব্ৰেকিং

শোকস্তব্ধ বলিউড! ৭৫ বছৰ বয়সত ইহ সংসাৰ ত্যাগ জনপ্ৰিয় অভিনেতাৰ

৭৫ বছৰ বয়সত ইহ সংসাৰ ত্যাগ জনপ্ৰিয় অভিনেতাৰ

বৃহস্পতিবাৰে পুৱা বলিউড জগতলৈ নামি আহিল এক দুঃখবৰ। বলিউডৰ প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান। গোৱাৰ এখন চিকিৎসালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে অভিনেতাগৰাকীৰ। পুৱা ৫:২০ বজাত গোৱাৰ ডোনা পওলাত থকা নিজা বাসভৱনত ৭৫ বছৰ বয়সত জনপ্ৰিয় অভিনেতাগৰাকীৰ মৃত্যু ঘটে।

উল্লেখ্য যে, ৪ দিন পূ্ৰ্বে গোৱাৰ ‘সম্ৰাট ক্লাৱ ইণ্টাৰনেচনেল’ ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰখ্যাত অভিনেতা নানা পাটেকাৰে গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী প্ৰয়াত মনোহৰ পাৰিকৰক গভীৰভাৱে স্মৰণ কৰে আৰু তেওঁৰ নেতৃত্বৰ প্ৰশংসা কৰে।

অনুষ্ঠানটোত তেওঁ কৈছিল, 'আমি সকলোৱে এদিন যাবই লাগিব, কাইলৈ মই ইয়াত থাকিম নে নাই নিজেই নাজানো। প্ৰতিজন মানুহৰ জীৱন এদিন সেই পৰ্যায় পাবহি। কিন্তু তাৰ আগতে মই নিজকে সুধিব লাগিব: মই যি কৰিব বিচাৰোঁ, সেয়া কৰিবলৈ মই সমৰ্থনে?'

মণিপাল হাস্পতালৰ অংক’লজী বিভাগৰ প্ৰধান ডাঃ শেখৰ চালকাৰে কয় যে, ধাৰাবাহিকভাৱে ৪৫ মিনিট ধৰি চিপিআৰ দিয়াৰ পিছতো তেওঁক সুস্থ কৰি তুলিব পৰা নগ’ল। লগতে চিকিৎসকগৰাকীয়ে কয়, এটা মেডিক’ লিগেল কেচ পঞ্জীয়ন কৰা হৈছে আৰু মৰণোত্তৰ পৰীক্ষা কৰা হ’ব।

উল্লেখ্য যে, অভিনেতা নানা পাটেকাৰক শেষবাৰৰ বাবে 'O'Romeo' বোলছবিখনত শ্বাহিদ কাপুৰ, তৃপ্তি ডিমৰী, অবিনাশ তিৱাৰী আৰু দিশা পাটানীৰ সৈতে একেলগে দেখা গৈছিল। 

তেওঁ মৃত্যুত কেইবাগৰাকীও ৰাজনীতিবিদৰ লগতে বলিউডৰ অভিনেতা-অভিনেত্ৰী, কাৰ্যকৰ্তাসকলে গভীৰ শোক প্ৰকাশ কৰিছে।
##bigupdate #breakingnews #nanapatekar #celebritynews #bollywoodactor #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।