"FICCI Frames-ৰ এক আলোচনাত অজয় দেৱগনে মোহনলালৰ সৈতে হোৱা তেওঁৰ কথোপকথনৰ বিৱৰণ দি কৈছিল, 'আঁচলতে,মই লাল (মোহনলাল) ছাৰক ফোন কৰিছিলোঁ,কাৰণ মই বিচাৰিছিলোঁ যে তেওঁ চিনেমাখন চাওঁক। এইবাৰ আমি মূল কাহিনীৰ পৰা আঁতৰি আহি সম্পূৰ্ণ বেলেগ ধৰণে কাম কৰিছোঁ। গতিকে মই ভাবিছিলোঁ যে তেওঁৰ পৰা এটা অনুমোদন পালে ভাল হয়। মই বিচাৰিছিলোঁ তেওঁ চিনেমাখন চাওঁক, কিন্তু তেওঁ ছুটীত আছিল । এইটো বহুত আৱেগৰ কথা যে তেওঁ যোগাযোগ ৰাখিছিল। মই ভাবো তেওঁ অতি সোনকালেই তাত চিনেমাখন চাব।'
তেওঁ কাহিনীটো শেষ কৰাৰ বিষয়ে অধিক সময় ধৰি কথা পাতি ক'লে, "এইটোৱেই ইয়াৰ সমাপ্তি কাৰণ মই অনুভৱ কৰোঁ যে, "Drishyam" লিখাটো অতি কঠিন। আমি ইয়াক এক উচ্চ পৰ্যায়ৰ সফলতাৰে শেষ কৰিব বিচাৰোঁ, আৰু ইয়াৰ চিত্ৰনাট্যখন যিধৰণে প্ৰস্তুত হৈ উঠিছে, চিনেমাখনে যি ৰূপ লৈছে, মই ভাবোঁ যে আমি এতিয়াই ইয়াতে ক্ষান্ত হোৱা উচিত। মই কালি চিনেমাখন চাইছিলোঁ, আৰু মোৰ ব্যক্তিগত মতামত এই যে ই "Drishyam 2" কো চেৰ পেলাইছে। ইমান সহজে এইবোৰ লিখিব নোৱাৰি। মই কোৱাৰ দৰেই, আপোনালোকৰ লেখক কাৰণ পৰিচালকসকল সীমিত।"
অভিনেতাগৰাকীয়ে কয় যে, "এটা সম্পূৰ্ণ নতুন হত্যাকাণ্ডৰ ৰহস্য উপস্থাপন কৰাৰ পৰিৱৰ্তে কাহিনীটো পূৰ্বৰ ছবিখন য’ত শেষ হৈছিল, তাৰ পৰাই আগবাঢ়ি যোৱা উচিত । ছবিখনৰ উদ্দেশ্য কেৱল পৰৱৰ্তী খণ্ড নিৰ্মাণ কৰাটোৱেই নাছিল, বৰঞ্চ এনে এটা ধাৰণা বিকশিত কৰাটোহে আছিল যিটো স্বাভাৱিকতে 'Drishyam'ৰ কাহিনী হৈ পৰিব পাৰে।" লগতে অভিনেতাগৰাকীয়ে প্ৰকাশ কৰে যে, "পৰিচালক আৰু লেখকে চাৰিখন চিত্ৰনাট্যৰ ওপৰত কাম কৰি নাকচ কৰাৰ পিছতহে এনে এখন চিত্ৰনাট্য লাভ কৰে, যিখনত কাহিনীটোৰ পৰা প্ৰত্যাশিত টুইষ্ট , টাৰ্ণ আৰু আঁচৰিত কৰিব পৰা সমল থাকে।" তাৰোপৰি তেওঁ কয় যে, বিজয়ৰ লগতে তেওঁৰ আশে-পাশে থকা লোকসকলৰ কাৰ্যকলাপ অপ্ৰত্যাশিত হৈ থকাটো প্ৰয়োজন।"
"Drishyam-3" ৰ বিষয়ে
"Drishyam: The Conclusion" ছবিখনত অজয় দেৱগনে শেষবাৰৰ বাবে বিজয় সলগাওকাৰৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। এই চৰিত্ৰটোৰ উপৰিও ছবিখনৰ জৰিয়তে শ্ৰীয়া চৰণ, ইশিতা দত্ত, তাবু আৰু ৰজত কাপুৰৰো প্ৰত্যাৱৰ্তন ঘটিব। জয়দীপ আহলাৱাট আৰু প্ৰকাশ ৰাজক ছবিখনৰ নতুন অভিনয় শিল্পী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।"
উল্লেখ্য যে,'Star Studio18'ৰ দ্বাৰা প্ৰস্তুত অলোক জৈন, অজিত আন্ধাৰে, কুমাৰ মঙত পাঠক আৰু অভিষেকৰ দ্বাৰা প্ৰযোজিত ছবিখন ২ অক্টোবৰ তাৰিখে ছবিগৃহত মুক্তি দিয়াৰ বাবে

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।