Friday, 06 November 2026
লগইন
ব্ৰেকিং

মিজোৰাম আৰু মণিপুৰত ইডিৰ অভিযান, ১,৪২৪ টা বেংক একাউণ্ট জব্দ

ড্ৰাগছ, হাৱালৰ বিৰুদ্ধে মাৰাথান অভিযান ইডিৰ

নিউজ ডেস্ক : মিজোৰাম আৰু মণিপুৰত ড্ৰাগছ ব্যৱসায় আৰু হাৱালা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিৰ (ED) ৷ 'অপাৰেচন ট্ৰাইডেন্ট'ৰ অধীনত, প্ৰৱৰ্তন সঞ্চালকালয়ে মিজোৰাম আৰু মণিপুৰত ড্ৰাগছ ব্যৱসায় আৰু হাৱালা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই ১,৪২৪ টা বেংক একাউণ্ট ফ্ৰীজ কৰাৰ লগতে ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ আনহাতে মিজোৰামত নাৰ্কো আৰু হাৱালা ব্যৱসায়ৰ ১৭.৮২ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে ইডিয়ে ৷

২৩ অক্টোবৰত নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰো (NCB) আৰু মিজোৰাম আৰক্ষীৰ যুটিয়া অভিযানত এই বৃহৎ পৰিমাণৰ সম্পত্তি জব্দ কৰে ৷ উল্লেখ্য যে, ম্যানমাৰৰ পৰা হেৰোইন, ব্ৰাউন চুগাৰ আৰু মেথামফেটামিন টেবলেটৰ আন্তঃসীমান্ত সৰবৰাহ আৰু ড্ৰাগছৰ ধনৰ হাৱালা নিষ্পত্তিৰ পৰা উদ্ভৱ হোৱা ধনৰ অবৈধ লেনদেনৰ তিনিটা গোচৰৰ অধীন এই অভিযান চলোৱা হৈছিল অভিযান ৷ ইডিয়ে ধন প্ৰতিৰোধ আইন, ২০০২ (PMLA)ৰ ১৭ নং ধাৰাৰ অধীনত মিজোৰামৰ আইজল, চম্পাই আৰু লংটলাই আৰু মণিপুৰৰ চুৰাচান্দপুৰৰ একাধিক এলেকাত অভিযান চলাইছিল ।

লগতে একেদিনাই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী নেটৱৰ্কৰ বিৰুদ্ধে অসম, মিজোৰাম আৰু মণিপুৰৰ ৩৮ টা স্থানত এনচিবি আৰু ৰাজ্যিক আৰক্ষী বাহিনীয়ে যুটীয়াভাৱে অভিযান চলাইছিল ৷ ইডিয়ে ইয়াৰ পূৰ্বে ফ্ৰীজ কৰা বেংক একাউণ্টৰ ৰূপত ৮.১৯ কোটিৰ আছিল ৷ তালাচীৰ সময়ত পিএমএলএ-ৰ ১৯ নং ধাৰাৰ অধীনত ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় ৷ ইয়াৰে তিনিজনকৈ মিজোৰাম আৰু মণিপুৰৰ ।

নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্সেছ (NDPS) এক্ট, ১৯৮৫-ৰ অধীনত ৰুজু হোৱা এজাহাৰ (FIR)-ৰ ভিত্তিত ইডিয়ে তিনিটা গোচৰৰ তদন্ত আৰম্ভ কৰিছিল । ইয়াৰে এটা এনফৰ্চমেণ্ট কেচ ইনফৰ্মেশ্যন ৰিপৰ্ট (ECIR) ২০২৫ চনৰ ১৪ মাৰ্চত চম্পাইৰ জখাওথাৰ আৰক্ষীয়ে ম্যানমাৰ ভিত্তিক এজন সৰবৰাহকাৰীৰ বাবে জখাওথাৰৰ পৰা আইজললৈ লৈ যোৱাৰ সময়ত ৪.৭২২ কিলোগ্ৰাম হেৰোইন (৪৪০ টা চাবোনৰ বাকচ) জব্দ কৰাৰ ঘটনাৰ সৈতে জড়িত।

আন এটা ইচিআইআৰ ২০২৫ চনৰ ২১ আগষ্টত মিজোৰামৰ চেলিংৰ সমীপৰ ০৬-এ ৰাষ্ট্ৰীয় ঘাইপথত এখন কনভয়ৰ পৰা এনচিবি আগৰতলাই ৪৯.১০১ কিলোগ্ৰাম মেথামফেটামিন টেবলেট আৰু ৪০ গ্ৰাম হেৰোইন জব্দ কৰাৰ ঘটনাৰ পৰা উদ্ভৱ হৈছে, যিটো ম্যানমাৰৰ চিনটুয়াঙৰ পৰা দামচেৰা-কানহমুন সীমান্তত ডেলিভাৰীৰ বাবে অনা হৈছিল। অৱশ্যে, তৃতীয়টো ইচিআইআৰ চলিত বৰ্ষৰ ২ জুলাইত মণিপুৰৰ চুৰাচান্দপুৰ আৰক্ষীয়ে ২.৪১৩ কিলোগ্ৰাম ব্ৰাউন চুগাৰ আৰু নগদ ৩১.৪৩ লাখ টকা জব্দ কৰাৰ সৈতে জড়িত । এই গোচৰটোত নগদ ধনখিনি ম্যানমাৰৰ পৰা সৰবৰাহ কৰা ড্ৰাগছ বিক্ৰীৰ ধন আছিল, যিখিনি সৰবৰাহকাৰীসকলক প্ৰেৰণ কৰাৰ বাবে চুৰাচান্দপুৰত সংগ্ৰহ কৰা হৈছিল ।
##bigupdate #newsupdate #edexpedition #mizoram #manipur #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।