এটা আকৰ্ষণীয় ৰূপত ঐশ্বৰ্য ৰায় বচ্চন ঘৰলৈ উভতি অহা মূহূৰ্তৰ কিছু আলোকচিত্ৰ

সকলোকে পিছ পেলাই পেৰিছ ফেশ্যন উইকত আকৰ্ষণৰ কেন্দ্ৰবিন্দু ঐশ্বৰ্য ৰায় বচ্চন
পেৰিছ ফেশ্ব্যন উইকত এটা আকৰ্ষণীয় ৰূপেৰে সঁহাৰি জনায় মোহময়ী অভিনেত্ৰীগৰাকীয়ে । সেই অনুষ্ঠানটোত এটা সৌন্দৰ্যবোধক ব্ৰেণ্ডৰ বাবে ৰাজকীয় পোছাক পৰিধান কৰি ৰেম্প ৱাক কৰিছিল আৰু এই দৃশ্যটো শ্ব'টোৰ অন্যতম আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছিল। উল্লেখ্য যে,সোমবাৰে আইফেল টাৱাৰ আৰু ইক'ল মিলিটাৰীৰ পাদদেশত অনুষ্ঠিত নৱম বাৰ্ষিক ফেশ্বন শ্ব'ত ঐশ্বৰ্য ৰায়ে অংশগ্ৰহণ কৰিছিল।
ঐশ্বৰ্য ৰায়ে তেওঁৰ সাজ-পোছাকৰ আকৰ্ষণ বৃদ্ধি কৰিবৰ বাবে ছিৰিয়ান ব্ৰেণ্ড শ্বু 'মেকাৰৰ ক'লা ভেলভেটৰ ভি- আকৃতিৰ ফিশ্বটেইল গাউন বাছি লৈছিল। উল্লেখ্য যে, এই আকৰ্ষণীয় পোছাকযোৰৰ সৈতে তেওঁ মুকুতা খচিত এটা আকৰ্ষণীয় কেপ পৰিধান কৰিছিল আৰু মূৰত এটা মুকুট পৰিধান কৰিছিল যিয়ে তেওঁ ৰাজকীয় ৰূপ প্ৰদান কৰিছিল। এচটা ডাঠ ৰঙা লিপষ্টিক, চকুৰ চোকা উইংড আইলাইনাৰ আৰু এটা উজ্জ্বল, সতেজ মেকআপ বেচেৰে তেওঁ ৰূপটো সম্পূৰ্ণ কৰিছিল।
অনুষ্ঠানত ঐশ্বৰ্য ৰায় বচ্চনে তৰকা বন্ধুসকলৰ সৈতে কিছু ধেমালি কৰে
অনুষ্ঠানৰ পূৰ্বে অভিনেত্ৰীগৰাকীক কেইবাগৰাকীও এম্বেছেডৰৰ সৈতে কথা-বতৰা পতা দেখিবলৈ পোৱা গৈছিল। এই ভিডিঅ'ত তেওঁক ব্ৰিজাৰ্টনৰ তাৰকা চিমোন এশ্লিৰ সৈতে কথা পাতি থকা আৰু আলফুলকৈ তেওঁৰ হাতখন ধৰি থকা দেখিবলৈ পোৱা গৈছিল। ৰেম্প প্ৰদৰ্শনৰ সময়ত তেওঁ চেলিন ডিঅনক সাৱটি ধৰাও দেখা গৈছিল।
অনুষ্ঠানটোত ঐশ্বৰ্যৰ পুৰণি বন্ধু ইভা লংগৰিয়াৰ সৈতেও সাক্ষাৎকাৰ হৈছিল।
অনুষ্ঠানটোৰ নৱম সংস্কৰণত আন্তঃৰাষ্ট্ৰীয় তাৰকাসকলৰ এটা দল আছিল, য'ত আছিল মেৰী বোচেট, ভায়োলা ডাভিছ, কাৰা ডেলভিন, জেন ফণ্ডা, বেবে ভিঅ', গ্ৰেণ্ডিছ, লুমা গ্ৰথে, কেন্ডেল জেনাৰ, আজা নাওমি কিং, ইভা লংগোৰিয়া আৰু এণ্ডি মেকডৱেল।
তথ্য অনুসৰি, এই বছৰৰ আৰম্ভণিতে কান চলচ্চিত্ৰ মহোৎসৱত আন এক ডাঙৰ টেষ্টমেণ্ট দিয়াৰ কেইমাহমানৰ পিছত ঐশ্বৰ্যৰ পেৰিছৰ এই উপস্থিতি দেখা গৈছিল।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।