Saturday, 21 November 2026
লগইন
ব্ৰেকিং

হোৰাহোৰে হ্ৰাস পাইছে সোণৰ মূল্য, প্ৰতি ১০ গ্ৰামত প্ৰায় ৫,১২০ টকাকৈ হ্ৰাস

সোণৰ প্ৰতি ১০ গ্ৰামত প্ৰায় ৫,১২০ টকাকৈ হ্ৰাস

নিউজ ডেস্ক : সোণ ক্ৰয় কৰিবলৈ পৰিকল্পনা কৰা গ্ৰাহকসকলৰ বাবে আহিছে এক বৃহৎ ভাল খবৰ । যোৱা ৮ মাহৰ ভিতৰত এই সপ্তাহত সোণৰ মূল্যত সৰ্ববৃহৎ পতন পৰিলক্ষিত হৈছে। শুকুৰবাৰে ভাৰতীয় বজাৰত সোণৰ দামত ব্যাপক হ্ৰাস হৈছে ।

বজাৰৰ শেহতীয়া তথ্য অনুসৰি, শুকুৰবাৰে ২৪ কেৰেট সোণৰ মূল্য এদিনতে প্ৰতি ১০ গ্ৰামত প্ৰায় ৫,১২০ টকা হ্ৰাস পাই ১,২৫,৫৭০ টকা হৈছে গৈ । একেদৰে, গহনা নিৰ্মাণত ব্যৱহৃত ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৪,৭০০ টকা কমি ১,১৫,১০০ টকাত উপনীত হৈছে।

আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰভাৱত ঘৰুৱা বজাৰত সোণৰ দাম এনেদৰে হ্ৰাস পোৱাৰ আঁৰত মূলতঃ তিনিটা কাৰণ আছে:

১.আমেৰিকাত সুতৰ হাৰ বৃদ্ধিৰ ইংগিত: ডিচেম্বৰ মাহত আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। সোণৰ পৰা যিহেতু কোনো স্থায়ী সুত পোৱা নাযায়, সেয়ে বিনিয়োগকাৰীসকলে এতিয়া সোণ বিক্ৰী কৰি বেংক বা চৰকাৰী বণ্ডত ধন বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে।

২.শক্তিশালী আমেৰিকান ডলাৰ: আন্তঃৰাষ্ট্ৰীয় বজাৰত আমেৰিকান ডলাৰ যোৱা ১৯ মাহৰ ভিতৰত আটাইতকৈ শক্তিশালী অৱস্থাত উপনীত হৈছে। ডলাৰৰ মূল্য বৃদ্ধি পোৱাৰ ফলত আন দেশসমূহৰ বাবে সোণ আমদানি কৰাটো ব্যয়বহুল হৈ পৰিছে, যাৰ বাবে চাহিদা হ্ৰাস পাইছে।

৩. নগদ ধনৰ প্ৰয়োজনীয়তা: আমেৰিকাৰ শ্বিয়াৰ বজাৰত হোৱা লোকচান পূৰণ কৰিবলৈ বহুতো বৃহৎ বিনিয়োগকাৰীয়ে নগদ ধন সংগ্ৰহৰ উদ্দেশ্যে নিজৰ হাতত থকা সোণ বিক্ৰী কৰি দিছে।
##Gold prices #gold #Gold prices drop #india

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।