ইয়াৰ পূৰ্বেও বিতৰ্কৰ মাজত সোমাইছিল হানী সিং
বিতৰ্ক হানী সিঙৰ বাবে কোনো নতুন কথা নহয়। ইয়াৰ পূৰ্বেও গান আৰু লাইভ প্ৰদৰ্শনক লৈ আইনী বিতৰ্কৰ সৃষ্টি হৈছিল। হানী সিঙৰ বিৰুদ্ধে ২০২৫ চনত দিল্লীৰ ইন্দিৰা গান্ধী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত আপত্তিজনক গীতৰ কিছু শাৰী পৰিৱেশন কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগক কেন্দ্ৰ কৰি হিন্দু শক্তি বল নামৰ সংগঠন এটাই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।
উল্লেখ্য যে, চলিত বছৰৰ মে' মাহত আদালতে এই আবেদনৰ প্ৰসংগত হানী সিঙক শপতনামা দাখিল কৰিবলৈ হানী সিঙক নিৰ্দেশ দিছিল। ইয়াৰোপৰি হানী সিঙৰ কেইবাটাও গানক লৈ পূৰ্বেও সমালোচনাৰ সৃষ্টি হৈছিল। বিশেষকৈ গায়কগৰাকীৰ কিছুমান গীতত নাৰীক আপত্তিজনকভাৱে উপস্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছিল।
তথ্য অনুসৰি, কিছু সময়ৰ বাবে সংগীত জগতৰ পৰা হানী সিং কিছু সময়ৰ বাবে আঁতৰি আছিল। অসুস্থতাৰ বাবে তেওঁ দীঘলীয়া সময় গান আৰু মঞ্চ পৰিৱেশনৰ পৰা দূৰত আছিল। অৱশ্যে তেওঁ পিছত পুনৰ সংগীত জগতলৈ উভতি আহে আৰু নতুন গান তথা লাইভ শ্ব'ৰ যোগেদি অনুৰাগীৰ মাজত জনপ্ৰিয়তা ঘূৰাই আনিবলৈ সক্ষম হৈছিল। এতিয়া মহাৰাষ্ট্ৰ চাইবাৰ আৰক্ষীৰ তদন্তত হানী সিং কেতিয়া হাজিৰ হয় আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত কি তথ্য পোহৰলৈ আহে, সেয়া সময়ত লক্ষ্যণীয় হ'ব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।