Monday, 09 November 2026
লগইন
ব্ৰেকিং

মাংস-ভাত খুৱাই হত্যা ‍! পোহৰলৈ পত্নী-পুত্ৰসহ শহুৰৰ ঘৰৰ মানুহক হত্যাৰ নতুন তথ্য

কন্যাৰ সৈতে মিলি পত্নী-পুত্ৰক হত্যা!

নিউজ ডেস্ক : নৈশভোজলৈ নিমন্ত্ৰণ জনাই মাংস-ভাতৰ সৈতে টোপনিৰ ঔষধ মিহলাই অচেতন কৰি পেলোৱা হৈছিল শহুৰৰ পৰিয়ালক। তাৰ পিছত জোৰেৰে টিভি চলাই সাতগৰাকী লোকক হত্যা কৰা হৈছিল। বেংগালুৰু হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীৰ হাতত আহি পৰিছে নতুন তথ্য। এই ঘটনাত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে টেক্সিচালক এছ ইন্দুশেখৰ আৰু তেওঁৰ নাবালিকা কন্যা। তদন্তকাৰী সূত্ৰৰ খবৰ অনুসৰি, ১৫ দিন ধৰি এই হত্যাকাণ্ড সংঘটিত কৰিছিল ইন্দুশেখৰে। তেওঁক সহযোগিতা কৰিছিল তেওঁৰ কন্যাই।

তথ্য অনুসৰি, সাতগৰাকী লোকৰ ভিতৰত এতিয়ালৈকে তিনিগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাকী চাৰিগৰাকীৰ মৃতদেহৰ সন্ধানত ১২টা দল গঠন কৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ইন্দুশেখৰৰ পত্নী সুনীতা আৰু শাহুৱেক ৰূপৱতীৰ মৃতদেহ তামিলনাডুৰ ছালেমৰ এখন অৰণ্যৰ পৰা উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে বেংগালুৰুৰ নন্দন পাহাৰৰ সমীপৰ পৰা উদ্ধাৰ কৰা হৈছিল সুনীতাৰ সাত বছৰীয়া ভতিজাকৰ মৃতদেহ।

তদন্তকাৰীসকলে জনায় যে, ১৪ অক্টোবৰত প্ৰথমে সুনীতাক হত্যা কৰা হৈছিল। মাংস-ভাত খুৱাবলৈ পিছদিনা আইতাক ৰূপৱতীক তেওঁলোকৰ ঘৰলৈ মাতিছিল ইন্দুৰ কন্যাই। নিশাৰ ভাগত তেওঁ ঘৰখনত উপস্থিত হয়। মাংস-ভাতত আগতেই টোপনিৰ ঔষধ মিহলাই থোৱা হৈছিল। সেই খাদ্য খোৱাৰ পিছতে সংজ্ঞাহীন হৈ পৰে ৰূপৱতী।

ইয়াৰ পিছত ইন্দু আৰু তেওঁৰ কন্যাই মিলি শিলেৰে থেতেলিয়াই তেওঁক হত্যা কৰে। হত্যাকাণ্ডৰ সময়ত ওচৰ-চুবুৰীয়াই যাতে কোনো উমঘাম নাপায়, তাৰ বাবে তেওঁলোকে টিভিৰ শব্দ বঢ়াই দিছিল। তাৰ পিছত সুনীতা আৰু তেওঁৰ মাতৃৰ মৃতদেহ প্লাষ্টিকেৰে মেৰিয়াই বস্তাত ভৰাই তামিলনাডুত পেলাই থৈ আহে।

ইয়াৰ দুদিন পিছত সুনীতাৰ ভতিজাকো একে কায়দাৰে হত্যা কৰে মাতৃ-কন্যাই। তেওঁৰ মৃতদেহ গাড়ীৰে নি নন্দন পাহাৰত পেলাই থৈ আহে। ৩১ অক্টোবৰৰ ভিতৰত সুনীতাৰ দুই ককায়েক আৰু বৌয়েককো পৃথকে পৃথকে নিমন্ত্ৰণ কৰি মাংস-ভাত খুৱাই হত্যা কৰে ইন্দু আৰু তেওঁৰ কন্যাই। তাৰ পিছত মৃতদেহবোৰ গাড়ীত উঠাই নি বিভিন্ন স্থানত পেলাই থৈ আহে।

উল্লেখ্য যে, হত্যাকাৰী ইন্দুৰ গাড়ীৰ পৰা বহুতো পাৰফিউমৰ বটল উদ্ধাৰ কৰা হৈছে। কিয় ইমানবোৰ পাৰফিউম গাড়ীত ৰখা হৈছিল, তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। তদন্তকাৰীসকলৰ সন্দেহ, মৃতদেহ পচিবলৈ ধৰিলে তাৰ পৰা ওলোৱা দুৰ্গন্ধ ঢাকিবলৈ সেই পাৰফিউম ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছিল।

তদন্তকাৰীসকলে এই কথাও জানিব পাৰিছে যে পত্নী, শাহুৱেক আৰু দুই খুলশালীয়েকৰ পত্নীৰ শৰীৰত থকা সকলো সোণৰ গহনা মৃতদেহ নোহোৱা কৰাৰ আগতে ইন্দুৱে খুলি লৈছিল। সেই গহনাবোৰ তেওঁ বিক্ৰী কৰিছে নে ক’ৰবাত লুকুৱাই ৰাখিছে, সেই বিষয়ে জানিবলৈ তদন্ত অব্যাহত আছে।

বুধবাৰে আৰক্ষীয়ে ইন্দুক গাড়ীসহ গ্ৰেপ্তাৰ কৰে। ঘটনাক্ৰমে, সেই সময়ত তেওঁৰ গাড়ীৰ ভিতৰত ১০ বছৰীয়া এটি ল’ৰাকো আৰক্ষীয়ে দেখা পায়। ল’ৰাজন ইন্দুৰ এগৰাকী খুলশালীয়েকৰ পুত্ৰ। তদন্তকাৰীসকলৰ সন্দেহ, তেওঁকো হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ইন্দুৱে। কিন্তু তাৰ পূৰ্বেই তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

তদন্তকাৰীসকলে বিগত ২০ বছৰ ধৰি চলি অহা দাম্পত্য কলহৰ কিছু তথ্য লাভ কৰিছে। শহুৰেকৰ পৰিয়ালৰ লোকসকলৰ প্ৰতি সন্দেহ আছিল ইন্দুৰ। আনহাতে, ৩ কোটি টকাৰ এটা সম্পত্তিক লৈও শহুৰেকৰ পৰিয়ালৰ সৈতে তেওঁৰ বিবাদ চলি আছিল। হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ বিচাৰি উলিয়াবলৈ তদন্তকাৰীসকলে এই তথ্যসমূহ একত্ৰিত কৰি তদন্ত অব্যাহত ৰাখিছে।
##bigupdate #newsupdate #horrificincident #bengaluru #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।