নিউজ ডেস্ক : লক্ষ্ণৌ অভিমুখী ইণ্ডিগ’ৰ বিমানত ‘হাইজেক’ আতংক। আধাবাটৰ পৰাই বেংগালুৰুলৈ উভতি আহে বিমানখন। জানিব পৰা মতে, বিমানখনৰ শৌচাগাৰত এখন চিৰকুট পৰি আছিল। তাত লিখা আছিল যে ঠিক সন্ধিয়া ৬:৩০ বজাত বিমানখন হাইজেক কৰা হ’ব। চিৰকুটখনৰ কথা জানিব পাৰি পাইলটে বিমানখন ঘূৰাই লয়। বিমানখনত ১৭৮ গৰাকী যাত্ৰী আছিল।
তথ্য অনুসৰি, ইণ্ডিগ'ৰ 6E451 বিমানখনে শনিবাৰে বিয়লি ৫ বাজি ৫০ মিনিটত বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। ইয়াৰ গন্তব্যস্থান আছিল লক্ষ্ণৌ। উৰা মৰাৰ কিছুদূৰ আগবঢ়াৰ পাছতেই বিমানখনৰ শৌচাগাৰত এখন চিঠি পৰি থকা এগৰাকী যাত্ৰীয়ে প্ৰত্যক্ষ কৰে। তাত লিখা আছিল, ‘‘এই বিমানখন ঠিক ৬.৩০ বজাত হাইজেক কৰা হ’ব। আওকাণ কৰিলে ইয়াৰ ফল ভুগিব লাগিব।’’
লগে লগেই যাত্ৰীজনে চিঠিখনৰ কথা বিমানকৰ্মীসকলক অৱগত কৰে। পাইলটক সতৰ্ক কৰি দিয়া হয়। তেওঁ এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ (এটিচি) সৈতে যোগাযোগ কৰে। লগে লগে পাইলটজনে বিমানখন বেংগালুৰুলৈ ঘূৰাই নিয়াৰ সিদ্ধান্ত লয়। চিৰকুটখনৰ সতৰ্কবাণী সঁচা নে মিছা, সেয়া পৰীক্ষা কৰি চোৱাৰ বিপদ তেওঁ ল’ব বিচৰা নাছিল।
বেংগালুৰুত অৱতৰণ কৰাৰ পাছতেই বিমানবন্দৰটোত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি দিয়া হয়। নিৰাপত্তাৰ ক্ষেত্ৰত কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰা হয়। যাত্ৰীসকলক আঁতৰাই নি সংশ্লিষ্ট বিমানখন তন্নতন্নকৈ পৰীক্ষা কৰি চোৱা হয়। আৰক্ষীয়ে প্ৰতিগৰাকী যাত্ৰীকে সোধা-পোছা কৰে। তদন্তকাৰীসকলৰ প্ৰাথমিক অনুমান যে বিমানখনৰ কোনোবা যাত্ৰীয়েই সেই চিৰকুটটো শৌচাগাৰত থৈ গৈছিল। অৱশ্যে এতিয়ালৈকে ইয়াৰ কোনো প্ৰমাণ পোৱা হোৱা নাই। চিচিটিভি (CC) কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি থকা হৈছে। নিৰাপত্তাৰ সকলো দিশ পৰীক্ষা কৰাৰ পাছত ৰাতি বিমানখনক পুনৰ উৰণৰ বাবে কৰ্তৃপক্ষই সেউজ সংকেত দিয়ে। যাত্ৰীসকল নিৰাপদে লক্ষ্ণৌত উপস্থিত হয়।
শেহতীয়াকৈ এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ইণ্ডিগ’ই এক বিবৃতি জাৰি কৰে। বিবৃতিত উল্লেখ কৰা হৈছে যে, ‘‘আদৰ্শ কাৰ্যপদ্ধতি (এছঅ’পি) মানি কাম কৰা হৈছে। প্ৰট’কল অনুসৰি প্ৰয়োজনীয় তালাচী চলোৱাৰ বাবে পাইলটে বিমানখন বেংগালুৰুলৈ ঘূৰাই নিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ ফলত যাত্ৰীসকল যি অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ল, তাৰ বাবে আমি দুঃখিত।’’ বেংগালুৰু বিমানবন্দৰত দীৰ্ঘসময় ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল যাত্ৰীসকল। তেওঁলোকৰ বাবে আহাৰ, পানীয় আৰু অন্যান্য সেৱাৰ ব্যৱস্থা কৰে ইণ্ডিগ’ কৰ্তৃপক্ষই।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।