Monday, 09 November 2026
লগইন

১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ বিষয়ে স্মৰণ কৰি কি ক'লে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে?

ৰাজহুৱাকৈ ক্ষমা মাগিছিল ইন্দিৰা গান্ধীয়ে!

নিউজ ডেস্ক : জৰুৰীকালীন অৱস্থাৰ সময়ত সংঘটিত হোৱা তথাকথিত অতিৰিক্ত কাৰ্যকলাপৰ বাবে ছোনিয়া গান্ধীয়ে সম্পূৰ্ণৰূপে সঞ্জয় গান্ধীক দোষাৰোপ কৰিবলৈ অস্বীকাৰ কৰে। তেওঁ জনায় যে সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কিছুমান জ্যেষ্ঠ সতীৰ্থৰ ফালৰ পৰা 'প্ৰচণ্ড হেঁচা' আছিল।

অহা ১০ নৱেম্বৰত বিশ্বজুৰি ছোনিয়া গান্ধীৰ আত্মজীৱনীমূলক গ্ৰন্থ ‘Belonging: A Journey Of Love' প্ৰকাশ পাবলৈ ওলোৱাৰ সময়তে এই মন্তব্য আহিছে।

উল্লেখ্য যে, ছোনিয়া গান্ধীয়ে কয়, কেৱল সঞ্জয়েই নাছিল, যদিও সাধাৰণ জনতাৰ মনত তেওঁক প্ৰায়ে জৰুৰীকালীন অৱস্থাৰ সমাৰ্থক হিচাপে গণ্য কৰা হয়। তেওঁৰ কেইবাজনো জ্যেষ্ঠ সহযোগীৰ তৰফৰ পৰা যথেষ্ট হেঁচা আছিল, আৰু মোৰ ধাৰণা তেওঁৰ চাৰিওফালে ৰাজীৱৰ দৰে পৃথক দৃষ্টিভংগী থকা লোক খুব কমেইহে আছিল।" তেওঁ লগতে উল্লেখ কৰে যে, তেওঁৰ স্বামী ৰাজীৱ গান্ধীয়ে শুনা অভিযোগ বা জনসাধাৰণৰ মতামতসমূহ তেওঁৰ মাতৃক জনাইছিল।

শেষত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ শাহুৱেক ইন্দিৰাই 'নিজৰ প্ৰজ্ঞাৰে পৰিস্থিতিটো বুজিবলৈ আৰম্ভ কৰিছিল আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে পদক্ষেপ লৈছিল।'

“মোৰ ধাৰণা, অৱশেষত মোৰ শাহুৱে নিজৰ বিচক্ষণতাৰে পৰিস্থিতিটো বুজিবলৈ আৰম্ভ কৰিলে আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলে।"

তথ্য অনুসৰি, জৰুৰী অৱস্থাক গণতন্ত্ৰ-বিৰোধী আৰু স্বৈৰতান্ত্ৰিক অধ্যায় হিচাপে স্বীকৃতি দিয়াটো শুদ্ধ নহ'ব নেকি বুলি সোধাত ৭৯ বছৰীয়া নেতাগৰাকীয়ে গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হৈছিল বুলি সহমত প্ৰকাশ কৰে।

ছোনিয়া গান্ধীয়ে তকয়, "জৰুৰীকালীন অৱস্থাৰ পিছতহে মই আচলতে কি ঘটি আছিল তাৰ প্ৰকৃত গুৰুত্ব বুজি পাইছিলোঁ। হয়, গণতান্ত্ৰিক অধিকাৰসমূহ কৰ্তন কৰা হৈছিল আৰু হেবিয়াছ কৰ্পাছ (বন্দী প্ৰত্যক্ষীকৰণ) স্থগিত ৰখা হৈছিল, কিন্তু সেয়া সাংবিধানিকভাৱে কৰা হৈছিল।"

জৰুৰীকালীন অৱস্থাৰ পূৰ্বে অৱনতি ঘটা কেইবাটাও পৰিস্থিতিৰ তালিকা দাঙি ধৰি ছোনিয়া গান্ধীয়ে লগতে কয় যে, ইন্দিৰা গান্ধীয়ে পৰৱৰ্তী সময়ত জৰুৰীকালীন অৱস্থাৰ সময়ত হোৱা অতিৰিক্ত কাৰ্য্যকলাপৰ বাবে ৰাজহুৱাভাৱে অনুশোচনা প্ৰকাশ কৰিছিল।

লগতে তেওঁ কয়, "যেতিয়া মই নিজকে সেই সময়ছোৱালৈ ঘূৰাই লৈ যাওঁ আৰু শ্ৰী মতী গান্ধীৰ দৃষ্টিভংগীৰে ইয়াক চাবলৈ চেষ্টা কৰোঁ, তেতিয়া মই দেখোঁ যে তেওঁ দ্ৰুতগতিত অৱনতি ঘটা সেই সময়ৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰি আছিল: হিংসাত্মক প্ৰতিবাদ, চৰকাৰী কাৰ্যালয় আৰু ৰাজহুৱা পৰিবহণত অগ্নিসংযোগ, ব্যাপক সংগঠিত অস্থিৰতা আৰু আনকি আমোলাতন্ত্ৰ তথা সশস্ত্ৰ বাহিনীকো আদেশ অমান্য কৰিবলৈ দিয়া আহ্বান।"

তেওঁ গুৰুত্ব আৰোপ কৰে যে, জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সিদ্ধান্তটো অৱশেষত গণতান্ত্ৰিক উপায়েৰে সমাধান কৰা হৈছিল। 

"অতীতৰ ঘটনালৈ ঘূৰি চালে আমাক কথাবোৰ অধিক ভালদৰে বুজাত সহায় কৰে। আমি পাহৰিব নালাগে যে শ্ৰীমতী গান্ধীয়ে নিজেই পৰিস্থিতি কি হৈ আছে সেয়া উপলব্ধি কৰি ১৯৭৭ চনৰ মাৰ্চ মাহত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিল। আৰু আপোনালোকে ভালদৰেই জানে যে তেওঁ নিজেই পাছলৈ ৰাজহুৱাভাৱে জৰুৰীকালীন অৱস্থাৰ সময়ত হোৱা অতিৰিক্ত কাৰ্যকলাপৰ বাবে দুখ প্ৰকাশ কৰিছিল আৰু ক্ষমা বিচাৰিছিল" বুলি তেওঁ উল্লেখ কৰে।

১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকালীন অৱস্থাৰ আনুষ্ঠানিক ঘোষণাই ভাৰতীয় সাংবিধানিক ইতিহাসত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছিল। এই সময়ছোৱাত কাৰ্যপালিকাই সৰ্বোচ্চ ক্ষমতা লাভ কৰিছিল আৰু ৰাজ্যিক কৰ্তৃত্ব কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ অধীনলৈ অনা হৈছিল।

ঘোষণাটোৰ পাছতেই সাংবিধানিক সুৰক্ষা ব্যৱস্থাসমূহ প্ৰণালীবদ্ধভাৱে স্থগিত ৰখা হৈছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত আনুষ্ঠানিক ব্যৱস্থা আৰু প্ৰশাসনিক আদেশৰ জৰিয়তে সংবাদ মাধ্যম তথা ৰাজহুৱা তথ্যৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰা হৈছিল।

জৰুৰীকালীন অৱস্থাৰ সময়ত সংসদে কেইবাটাও সাংবিধানিক সংশোধনী গৃহীত কৰিছিল, যিয়ে ন্যায়িক সমীক্ষা আৰু আনুষ্ঠানিক নিয়ন্ত্ৰণ ব্যৱস্থাক দুৰ্বল কৰি তুলিছিল। জৰুৰীকালীন অৱস্থাৰ অন্যতম বিতৰ্কিত দিশ আছিল বলপূৰ্বক বন্ধ্যাকৰণ অভিযান।

উল্লেখ্য যে, জৰুৰীকালীন অৱস্থা ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে চলি আছিল।
##bigupdate #newsupdate #politicalnews #soniagandhi #congress #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।