Tuesday, 24 November 2026
লগইন
ব্ৰেকিং

লস্কৰ-ই-তৈবাই হায়দৰাবাদক ৰক্তাক্ত কৰাৰ পৰিকল্পনা, সতৰ্কতা জাৰি আৰক্ষীৰ

হায়দৰাবাদত পাক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা

নিউজ ডেস্ক : মুম্বাইৰ ২৬/১১ ৰ দৰে সন্ত্ৰাসবাদী আক্ৰমণ পুনৰ সংঘটিত হ’ব পৰে হায়দৰাবাদত । পাক সন্ত্ৰাসবাদীয়ে ৩০০ জনৰো অধিক লোকক হত্যা কৰাৰ পৰিকল্পনা কৰিছে । যাৰ বাবে তেলেংগানা আৰক্ষীকে হাই এলাৰ্ট জাৰি কৰিছে ।

তেলেংগনা আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, “লস্কৰ-ই-তৈবা” (Lashkar-E-Taiba) নামত এটা ই-মেইল লাভ কৰিছে । ইমেইল প্ৰেৰকজনে নিজকে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য বুলি দাবী কৰি কাচিগুডাৰ হোটেল টুৰিষ্ট প্লাজা আৰু কাচিগুডা ৰে'লৱে ষ্টেচনত বোমা বিস্ফোৰণ ঘটাই কমেও ৩০০ লোকক হত্যা কৰাৰ ভাবুকি দিছে ।

প্ৰেৰকজনে লগতে ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ দৰে একেটা দিনতে হায়দৰাবাদতো আক্ৰমণ চলোৱাৰ ভাবুকি দিছে । ভাৰতীয় সেনাৰ হাতত নিহত হোৱা তেওঁলোকৰ নেতা লতিফ ভাট আৰু আন সহযোগীসকলৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ এই আক্ৰমণৰ পৰিকল্পনা কৰা বুলি ইমেইলটোত দাবী কৰা হৈছে ।

হায়দৰাবাদৰ আৰক্ষী আয়ুক্ত মহেশ মুৰলীধৰ ভাগৱতে ৰাইজক উৰাবাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে । তেওঁ কয় যে ভাবুকিপূৰ্ণ ইমেইলটো পোৱাৰ লগে লগে সাৱধানতামূলক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

সন্দেহযুক্ত স্থানসমূহত তালাচী অভিযান চলোৱাৰ লগতে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীৰ পহৰা বৃদ্ধি কৰা হৈছে। আনহাতে, এই ইমেইলটো কোনে আৰু ক’ৰ পৰা পঠিয়াইছে তাক চিনাক্ত কৰিবলৈ চাইবাৰ ক্ৰাইম আৰক্ষীয়ে তদন্ত চলাই আছে।
হায়দৰাবাদ আৰক্ষীয়ে নাগৰিকসকলক শান্ত হৈ থাকিবলৈ আৰু কোনো ধৰণৰ উৰাবাতৰি প্ৰচাৰ বা বিশ্বাস নকৰিবলৈ অনুৰোধ জনাইছে।

কোনো সন্দেহজনক ব্যক্তি বা গৰাকীবিহীন সামগ্ৰী চকুত পৰিলে লগে লগে ১১২ নম্বৰত ফোন কৰি আৰক্ষীক খবৰ দিবলৈ কোৱা হৈছে। আৰক্ষীয়ে জনাইছে যে তেওঁলোক ২৪ ঘণ্টাই সষ্টম হৈ আছে আৰু নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
##Hyderabad #hyderabad Police #terror threat email #লস্কৰ-ই-তৈবাই

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।