নিউজ ডেস্ক : ভাৰত আৰু নেপালৰ বাবে এক আজি ঐতিহাসিক ক্ষণ । দ্বিপাক্ষিক সম্পৰ্কত এক নতুন অধ্যায়ৰ সূচনা হৈছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ মাজত অনুষ্ঠিত হ’ব দ্বিপাক্ষীক বৈঠক ।
সোমবাৰে নতুন দিল্লীত উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব । উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত বলেন শ্বাহৰ এয়া হৈছে প্ৰথমটো বিদেশ ভ্ৰমণ ।
দেওবাৰে ৩৫ জনীয়া এক উচ্চস্তৰীয় প্ৰতিনিধি দলসহ নতুন দিল্লীত উপস্থিত হোৱা শ্বাহে আজি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মিলিত হৈ অযোধ্যা-জনকপুৰ ৰে'ল সেৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ ভাৰ্চুৱেলী শুভ উদ্বোধন কৰিব।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, নেপালৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ অন্যতম মূল কাৰণ উত্তৰ প্ৰদেশৰ অযোধ্যা আৰু নেপালৰ জনকপুৰ ধামক সংযোগ কৰা নতুন সাপ্তাহিক ৰে'ল সেৱা 'সৰযূ-কমলা এক্সপ্ৰেছ'ৰ (Saryu-Kamala Express) শুভ উদ্বোধন ।
দিল্লীৰ পৰা দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী যোগে এই ৰে'লখনৰ ফ্লেগ-অফ কৰিব । আনহাতে, অযোধ্যাত অনুষ্ঠিত হ’বলগীয়া মূল অনুষ্ঠানত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থাকিব।
প্ৰায় ৬০৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে'লপথটোৱে ভগৱান শ্ৰীৰামৰ জন্মস্থান অযোধ্যা আৰু মাতা সীতাৰ জন্মস্থান জনকপুৰ ধামক পোনপটীয়াকৈ সংযোগ কৰিব । এই ৰে'লখন প্ৰতি শনিবাৰে নেপালৰ জনকপুৰ ধামৰ পৰা আৰু প্ৰতি সোমবাৰে উত্তৰ প্ৰদেশৰ অযোধ্যা কেণ্টৰ (Ayodhya Cantt) পৰা যাত্ৰা কৰিব ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।