বিকাশ সংকৃত্যায়ন ওৰফে বিকাশ পাণ্ডেই ২০১৮ চনত ধ্ৰুৱৰ বিৰুদ্ধে এই অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল। ২০১৮ চনৰ মে’ মাহত ৰাঠীয়ে নিজৰ ইউটিউব চেনেলত প্ৰকাশ কৰা ‘BJP IT Cell Part II’ শীৰ্ষক এটা ভিডিঅ’ক কেন্দ্ৰ কৰিয়েই গোচৰটোৰ সূত্ৰপাত হৈছিল।
অভিযোগ অনুসৰি, উক্ত ভিডিঅ’টোত ৰাথীয়ে ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) আই টি চেলৰ সদস্যই বিকাশ পাণ্ডেক উৎকোচ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগসমূহ মিছা আৰু উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰি পাণ্ডেই আদালতৰ দ্বাৰস্থ হৈছিল। তেওঁৰ মতে, ভিডিঅ’টোৰ জৰিয়তে তেওঁৰ সামাজিক সন্মান আৰু ভাবমূৰ্তি ক্ষুণ্ণ কৰা হৈছিল।
উল্লেখ্য যে, সেই সময়ৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ছ’চিয়েল মিডিয়াত ভিডিঅ’টো শ্বেয়াৰ কৰিছিল। ইয়াৰ পিছতে বিকাশ পাণ্ডেই ধ্ৰুৱ আৰু অৰবিন্দ কেজৰিৱাল দুয়োৰে বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।
ইফালে, গোচৰটোৰ শুনানিৰ বাবে আদালতে ইয়াৰ পূৰ্বে ধ্ৰুৱৰ বিৰুদ্ধে জামিনযোগ্য পৰোৱানাও জাৰি কৰিছিল। কিন্তু তেওঁ আদালতত হাজিৰ নোহোৱাত সোমবাৰে জামিনবিহীন পৰোৱানা জাৰি কৰে।
ছাকেত আদালতৰ ন্যায়িক দণ্ডাধীশ অনাম ৰেইছ খানে এই নিৰ্দেশ প্ৰদান কৰে। অহা ৩ ডিচেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।