'চান ফ্ৰান্সিস্কো ডিক্লেৰেচন অন দ্য চিকিউৰ ফাউণ্ডেশ্যনছ অৱ এণ্ডিউৰিং প্ৰস্পেৰিটি' নামৰ এই চুক্তিখনত আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, অষ্ট্ৰেলিয়া, ইজৰাইল, ব্ৰিটেইন (ইউ.কে.), দক্ষিণ কোৰিয়া, ভাৰত, কাটাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহীয়ে স্বাক্ষৰ কৰিছে। ইফালে, অহা সপ্তাহত জাৰ্মানী, ছুইডেন, নেদাৰলেণ্ড আৰু ইউৰোপীয় আয়োগে এই চুক্তিত যোগদান কৰিব বুলি আশা কৰা হৈছে।
উন্নত AI চিপ, বিশেষকৈ Nvidia ৰ দ্বাৰা নিৰ্মিত চিপসমূহ চীনৰ হাতলৈ যোৱাক লৈ ৱাশ্বিংটনত বৃদ্ধি পোৱা উদ্বেগৰ মাজতে এই চুক্তিখন সম্পন্ন হৈছে। জানিব পৰা মতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এনভিডিয়াৰ উন্নত চিপসমূহ অবৈধভাৱে চীনলৈ সৰবৰাহ কৰাৰ সন্দেহ থকা কোম্পানীসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
তথ্য অনুসৰি, এই চুক্তিটোৰ সময় অতি তাৎপৰ্যপূৰ্ণ হৈ পৰিছে, কিয়নো জেনচেন হুৱাঙে এগৰাকী কথিত চীনা চোৰাংচোৱাৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰাৰ কিছুদিন পিছতেই এই প্ৰতিবেদনটো প্ৰকাশ পাইছে। ইয়াৰ পিছতে হুৱাঙে Nvidia CEO পদৰ পৰা পদত্যাগ কৰে।
Pax Silica কি আৰু ইয়াৰ গুৰুত্ব কি?
এই ঘোষণাপত্ৰখনে Pax Silica ৰ এক নতুন পৰ্যায়ৰ সূচনা কৰো, যি হৈছে AI যোগান শৃংখলক অধিক স্থিতিস্থাপক কৰি তোলা আৰু চীন-নিয়ন্ত্ৰিত বাধাসমূহৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ উদ্দেশ্যে ২০২৫ চনৰ ডিচেম্বৰত আৰম্ভ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠিত এক পদক্ষেপ। এই পদক্ষেপৰ অধীনত অৰ্ধপৰিবাহী, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, উন্নত উৎপাদন ব্যৱস্থা, শক্তি আন্তঃগাঁথনি আৰু ডাটা চেণ্টাৰকে ধৰি সমগ্ৰ এআই পৰিৱেশ তন্ত্ৰক (AI ecosystem) সামৰি লোৱা হৈছে।
চিন্তাৰ বিষয়টো হ’ল AI যোগান শৃংখলসমূহ কেইবাখনো দেশত বিস্তৃত হৈ আছে। এটা চিপ এখন দেশত ডিজাইন কৰা হ’ব পাৰে, আন এখন দেশৰ সঁজুলি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হ’ব পাৰে আৰু তৃতীয় এখন দেশৰ মাজেৰে প্ৰেৰণ কৰা হ’ব পাৰে। ইয়াৰ ফলত যিকোনো এখন চৰকাৰৰ বাবে এই প্ৰযুক্তি সুৰক্ষিত কৰাটো কঠিন হৈ পৰে।
তথ্য অনুসৰি, আমেৰিকাৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ আণ্ডাৰ-ছেক্ৰেটেৰী অৱ ষ্টেট জেকব হেলবাৰ্গে উল্লেখ কৰে যে এই পদক্ষেপটোৱে গুৰুত্বপূৰ্ণ প্ৰযুক্তিসমূহ সুৰক্ষিত কৰাৰ বাবে এক উমৈহতীয়া দৃষ্টিভংগী গঢ়ি তুলিব। হেলবাৰ্গে কয়, "ছান ফ্ৰান্সিস্কো ঘোষণাপত্ৰখনক ঐতিহাসিক কৰি তোলা কথাটো হ'ল যে Pax Silica অংশীদাৰসকলে সেই প্ৰযুক্তিসমূহ আৰু ইয়াৰ আঁৰৰ আন্তঃগাঁথনিৰ সুৰক্ষাক এক উমৈহতীয়া দায়িত্ব হিচাপে গ্ৰহণ কৰিবলৈ সন্মত হৈছে।
উল্লেখ্য যে, স্বাক্ষৰকাৰীসকলে দুৰ্বলতাসমূহ চিনাক্ত কৰিবলৈ, তথ্যৰ আদান-প্ৰদান কৰিবলৈ আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) সম্পৰ্কীয় উদ্যোগসমূহত বিনিয়োগ আকৰ্ষণ কৰিব পৰা অৰ্থনৈতিক কেন্দ্ৰসমূহ অন্বেষণ কৰিবলৈ কাৰ্যকৰী গোট গঠন কৰিব।
ভাৰতৰ অংশগ্ৰহণ কিয় গুৰুত্বপূৰ্ণ?
ভাৰতৰ বাবে এই চুক্তিয়ে বিশ্বব্যাপী প্ৰযুক্তিৰ যোগান শৃংখলত দেশখনৰ স্থিতি শক্তিশালী কৰিব পাৰে, বিশেষকৈ এনে এটা সময়ত যেতিয়া দেশখনে অৰ্ধপৰিবাহী নিৰ্মাণ, AI আন্তঃগাঁথনি আৰু ঘৰুৱা প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আছে।
ভাৰতৰ এই অংশগ্ৰহণ এনে এক সময়ত হৈছে যেতিয়া নতুন দিল্লী আৰু ৱাশ্বিংটনে গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰি তুলিছে। ভাৰতে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত 'ইণ্ডিয়া এআই ইম্পেক্ট ছামিট'ৰ সময়ত আনুষ্ঠানিকভাৱে 'Pax Silica' ত যোগদান কৰিছিল।
এই অংশীদাৰিত্বই ভাৰতীয় কোম্পানীসমূহক বিশ্বাসযোগ্য যোগান শৃংখলত অংশগ্ৰহণ কৰিবলৈ, বিনিয়োগ আকৰ্ষণ কৰিবলৈ আৰু বিশ্বব্যাপী প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা কৰিবলৈ সুযোগ প্ৰদান কৰিব পাৰে।
তথাপি, এই পদক্ষেপত অংশগ্ৰহণ কৰিলেই যে স্বয়ংক্ৰিয়ভাৱে ঘৰুৱা চিপ উৎপাদন সম্ভৱ হ’ব বা বিদেশী প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা নাইকিয়া হ’ব, তেনে নহয়। ভাৰতে এতিয়াও ইয়াৰ কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) উচ্চাকাংক্ষাক সমৰ্থন কৰিবলৈ উৎপাদন ক্ষমতা গঢ়ি তুলিব লাগিব, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ প্ৰাপ্তি নিশ্চিত কৰিব লাগিব আৰু আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগিব।
AI আৰু ৰাজহুৱা নীতি বিশেষজ্ঞ সাগৰ ছাইয়ে এটা সংবাদ প্ৰতিষ্ঠানৰ আগত উল্লেখ কৰে, "ভাৰতৰ সুযোগ কেৱল এআই প্ৰযুক্তিৰ আন এজন উপভোক্তা হোৱাতে সীমাবদ্ধ নহয়। ইয়াৰ মূল লক্ষ্য হৈছে আন্তঃগাঁথনি আৰু অৰ্ধপৰিবাহী নিৰ্মাণৰ পৰা আৰম্ভ কৰি এপ্লিকেচন আৰু এণ্টাৰপ্ৰাইজ এআইলৈকে সমগ্ৰ যোগান শৃংখলাত নিজা সামৰ্থ্য গঢ়ি তোলা। বিশ্বাসযোগ্য আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বই এই যাত্ৰাক ত্বৰান্বিত কৰিব পাৰে, কিন্তু দীৰ্ঘম্যাদী স্থিতিস্থাপকতা ঘৰুৱা সামৰ্থ্য বিকাশ আৰু গুৰুত্বপূৰ্ণ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ ওপৰত নিৰ্ভৰ কৰিব।"
শেহতীয়াকৈ এই চুক্তিখনে বিশ্বব্যাপী AI বা কৃত্ৰিম বুদ্ধিমত্তাৰ দৌৰত হোৱা এক বৃহৎ পৰিৱৰ্তনকো সূচাইছে। দেশসমূহে এতিয়া চিপ্ছ , কম্পিউটিং আন্তঃগাঁথনি, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ আৰু শক্তিক কেৱল বাণিজ্যিক সম্পদ হিচাপে নহয়, বৰঞ্চ কৌশলগত সম্পদ হিচাপে বিবেচনা কৰিবলৈ লৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।