Friday, 20 November 2026
লগইন
ব্ৰেকিং

যুদ্ধ সমাপ্ত কৰিবলৈ আমেৰিকাক ৭টা চৰ্ত বান্ধি দিলে ইৰানে

আমেৰিকালৈ ৭টা চৰ্ত ইৰানৰ

নিউজ ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পুনৰ যুদ্ধ হোৱাৰ সম্ভাৱনা নাই বুলি ইংগিত দিয়াৰ পিছত, ইৰানৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ ক্ষমতাশালী সচিব মেজৰ জেনেৰেল মহচেন ৰেজায়ীয়ে আমেৰিকাক এক সকীয়নি প্ৰদান কৰিছে ।

এটা বিবৃতিত ৰেজায়ীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ তাৎক্ষণিক অন্ত পেলাবলৈ আমেৰিকাক ইৰানৰ সাতটা চৰ্ত মানি ল’বলৈ আহ্বান জনায় । ৰেজায়ীয়ে ইৰানৰ সংবাদ মাধ্যমক কয়, "কাল্পনিক আলোচনাৰ ভুৱা বাতৰি বনোৱা বন্ধ কৰক। পশ্চিম এছিয়াৰ নতুন ব্যৱস্থাক অস্বীকাৰ নকৰিব । ইৰানৰ সাতটা চৰ্ত মানিব লাগিব আমেৰিকাই ।”

ইৰানৰ সাতটা চৰ্তৰ ভিতৰত আছে সকলো ক্ষেত্ৰতে শত্ৰুতাৰ অন্ত পেলোৱা, হৰমুজ প্ৰণালীত আমেৰিকাৰ নৌসেনাৰ অৱৰোধ প্ৰত্যাহাৰ কৰা, প্ৰণালীটোৰ জাহাজ চলাচলৰ পথসমূহ অতি সোনকালে মুকলি কৰা, ইৰানৰ ওপৰত আৰোপ কৰা অৰ্থনৈতিক নিষেধাজ্ঞা উঠাই লোৱা, বিদেশত থকা ইৰানৰ সম্পত্তি মুকলি কৰি দিয়া আৰু ইৰানৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা বন্ধ কৰা ।

ইৰানৰ এই চৰ্তসাপেক্ষ প্ৰস্তাৱ ট্ৰাম্পৰ সেই দাবীৰ পিছত আহিছে য’ত তেওঁ কৈছিল যে সংঘাত পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই । ট্ৰাম্পে কৈছিল, "সামৰিক দিশৰ পৰা ইৰান কাৰ্যতঃ শেষ হৈ গৈছে। আমি কেৱল ইয়াৰ বৰ্তমানৰ স্থিতি বজাই ৰাখিছো আৰু আমি তেওঁলোকৰ চুবুৰীয়া দেশসমূহৰ অনুৰোধতহে এইটো কৰি আছো । 

সোমবাৰে ট্ৰাম্প কাটাৰৰ প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ বিন আব্দুলৰহমান বিন জাচিম আল থানীৰ সৈতে এক উচ্চস্তৰীয় আলোচনাত মিলিত হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ঘোষণা কৰে যে উপসাগৰীয় অঞ্চলৰ প্ৰধান মিত্ৰদেশসমূহে "অপাৰেচন আইৰন গেট"ৰ অধীনত ইৰানৰ বিৰুদ্ধে এক অভূতপূৰ্ব যৌথ স্থল আৰু জলপথ অৱৰোধক সমৰ্থন জনাইছে।

ইয়াৰ লগতে তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে যে তেহৰানক পাৰমাণৱিক অস্ত্ৰ লাভ কৰাৰ পৰা বিৰত ৰখাটো সম্পূৰ্ণৰূপে কোনো আলোচনাৰ বিষয় নহয়, ইৰানে কেতিয়াও পৰমাণু অস্ত্ৰ লাভ কৰিব নোৱাৰিব ।
##Iran #USAwar #iransevendemands # যুদ্ধ সমাপ্ত #আমেৰিকাক ৭টা চৰ্ত

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।