নিউজ ডেস্ক: তুলসীৰ তলে মৃগ পহু চৰে...তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে।।
আজি অসমীয়াৰ তিনি বিহুৰ ভিতৰত অন্যতম বিহু কাতি বিহু বা কঙালী বিহু। অসমীয়াৰ এই জাতীয় উৎসৱটি পালন কৰিবলৈ সাজু হৈছে অসমবাসী। উল্লেখ্য যে, এই সময়ছোৱাত কৃষক ৰাইজৰ ভঁৰাল উদং হৈ থাকে। যাৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ এই উৎসৱ পালন কৰা বাবে ইয়াক কঙালী বিহু বুলি কোৱা হয়। এই দিনটোত মানুহে ঘৰে ঘৰে তুলসী ৰুই তাৰ তলত সমগ্ৰ মাহটো চাকি বন্তি জ্বলায়। ধাননি পথাৰত চাকি জ্বলাই বা ঘৰৰ চোতালৰ চৌদিশে চাকি জ্বলাই শ্ৰীবৃদ্ধিৰ কামনা কৰে।
তাৰোপৰি এই বিহুৰ দিনা আকাশ বন্তিও জ্বলায়। ঠাই ভেদে বিহুৰ নিয়ম বেলেগ বেলেগ হয়। বিহুৰ দিনটোত তুলসীৰ তলত বন্তি জ্বলাই নাম-কীৰ্তন কৰি ঘৰে ঘৰে গঁঞাই প্ৰসাদ গ্ৰহণ কৰে।
কাতি বিহুৰ তাৎপৰ্য
অভাৱ অনাতনৰ মাজেৰে পাৰ হ'লেও এই বিহুৰ তাৎপৰ্য বহুত। বিহু অসমীয়া গঁঞা ৰাইজৰ আয়ুসৰেখা। ধৰ্মীয় ৰীতিৰে শৰৎ কালৰ এই বিহু শৰতৰ জৰে স্নিগ্ধ সমাহিত বুলি অভিহিত কৰা হয়। শস্যৰ সুৰক্ষা আৰু শ্ৰীবৃদ্ধিৰ বাবে পূৰ্বৰ পৰাই খেতিৰ পথাৰত জুইৰ পৰম্পৰা আছে। কালক্ৰমত এই জুইৰ ব্যৱহাৰ মাটিৰ বন্তিৰ ৰূপ লৈছে বুলি অনুমান কৰা হয়। কাতি বিহুৰ দিনা প্ৰতিগৰাকী অসমীয়াই ঘৰ-দুৱাৰ, আলি-পদুলি পৰিষ্কাৰ কৰি ৰাখে। কাতি বিহুৰ দিনা ঘৰ-দুৱাৰ, আলি-পদুলি চাফা কৰি ৰাখিলে শস্যৰ দেৱী মা লক্ষ্মী গৃহস্থৰ ঘৰলৈ আহে বুলি বিশ্বাস কৰা হয়।
কাতি বিহু কিয় পালন কৰা হয়?
কাতি বিহুৰ দিনাখন চোতালৰ আগত বা ভঁৰালৰ কাষৰ মাটিত টিপ তুলি তুলসী পুতি তাৰ তলত চাকি জ্বলায়। সমগ্ৰ মাহটো এই তুলসী তলত চাকি দিয়ে। সন্ধিয়া ধাননি পথাৰ, ভঁৰাল ঘৰ, ঢেঁকীশাল, গোহালি আদি বিভিন্ন ঠাইত চাকি জ্বলায়।
উল্লেখ্য যে, এই সময়ছোৱাত খেতি পথাৰত কীট-পতংগৰ আগমন ঘটে। বিভিন্ন কীট-পতংগ, নিগনি - এন্দুৰ আদিৰ পৰা খেতিদৰা ৰক্ষা কৰিবলৈ ৰাইজে বন্তি জ্বলায়। আন বহুতে আকাশ বন্তিও জ্বলায়। আকাশ বন্তিৰ পোহৰত কীট-পতংগসমূহ বহু দূৰলৈ উৰি যায় বুলি ধৰা হয়। বিশ্বাস অনুসৰি, ,সন্ধিয়া পথাৰলৈ গৈ খেতিদৰাত চাকি জ্বলোৱা নিয়ম আছে। এনে কৰিলে লক্ষ্মী দেৱী সন্তুষ্ট হয়।
ইতিমধ্যে কাতি বিহুক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰস্তুতি। প্ৰতি বছৰৰ দৰে এইবাৰো অসমীয়াই কাতি বিহু পালন কৰি সকলোৰে শ্ৰীবৃদ্ধি কামনা কৰি প্ৰাৰ্থনা জনাব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।