নিউজ ডেস্ক : আজি ২৫ অক্টোবৰ, দেওবাৰ। কোজাগৰী লক্ষ্মী পূজা। হিন্দু পঞ্জিকা অনুসৰি আহিন মাহৰ এই পূৰ্ণিমা তিথিত ঘৰে ঘৰে ধন-সম্পদ আৰু সুখ-শান্তিৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীৰ আৰাধনা কৰা হয়। ৰাতিপুৱা ১১ বাজি ৫৫ মিনিটত আৰম্ভ হোৱা পূৰ্ণিমা তিথি ২৬ অক্টোবৰ, সোমবাৰ পুৱা ৯ বাজি ৪১ মিনিটত সমাপ্ত হ'ব। সন্ধ্যা পূজাৰ শুভ সময় হৈছে আবেলি ৫:০১ বজাৰ পৰা নিশা ৮:৪৫ বজাৰ ভিতৰত। ৰাত্ৰি জাগৰণৰ সময় হৈছে ২৫ অক্টোবৰ নিশা ১০ বাজি ৫৬ মিনিটৰ পৰা ১১ বাজি ৪৬ মিনিটলৈ দেৱী আৰাধনাৰ বিশেষ সময়।
‘কোজাগৰী’ শব্দটোৰ অৰ্থ হ’ল ‘কোন সাৰে আছা?’ প্রচলিত বিশ্বাস অনুসৰি, এই নিশাত মা লক্ষ্মী মর্ত্যলোকলৈ নামি আহে আৰু যিসকলে সাৰে থাকি তেওঁৰ নাম-সংকীৰ্তন কৰে, তেওঁলোকৰ ঘৰ ধন-ধানেৰে ভৰাই তোলে। সেইবাবে এই নিশাত ঘৰত ঘিউৰ চাকি জ্বলাই ৰখাৰ আৰু চিৰা-নৰিকলৰ প্ৰসাদ খোৱাৰ নিয়ম আছে।
লক্ষ্মী পূজা বা লখিমী পূজাৰ দিনা ঘৰখনলৈ সুখ, শান্তি আৰু ঐশ্বৰ্য আনিবলৈ পৰম্পৰাগতভাৱে কিছুমান বিশেষ নিয়ম আৰু লোক-আচাৰ পালন কৰা হয়। মা লক্ষ্মী হৈছে চাফ-চিকুণতা আৰু ভক্তিৰ প্ৰতীক, সেয়েহে এই দিনটোত কিছুমান কাম কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়।
ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰা: পুৱাই উঠি ঘৰৰ চোতাল, দুৱাৰ মুখ আৰু থাপনাৰ স্থান ভালদৰে চাফা কৰি ল’ব লাগে। মা লক্ষ্মীয়ে লেতেৰা ঠাই ত্যাগ কৰে বুলি বিশ্বাস আছে।
শুদ্ধ বস্ত্ৰ পৰিধান: স্নান কৰি উঠি পূজাৰ বাবে ৰঙা, হালধীয়া বা গুলপীয়া ৰঙৰ চাফা কাপোৰ পিন্ধিলে ভাল। ক’লা ৰঙৰ কাপোৰ পিন্ধিব নালাগে।
দুৱাৰমুখত আলপনা বা পদচিহ্ন: ঘৰৰ মূল দুৱাৰৰ পৰা আৰম্ভ কৰি থাপনালৈকে পিঠাগুৰিৰে মা লক্ষ্মীৰ পদচিহ্ন আৰু ধুনীয়া আল্পনা আঁকিব লাগে।
আমৰ পাত আৰু ঘট স্থাপন: থাপনাত তাম বা মাটিৰ ঘট এটা পাতি তাৰ ওপৰত আমৰ পাত আৰু এটা নাৰিকল ৰাখিব লাগে।
সন্ধিয়া পূজাৰ মূল নিয়মসমূহ
* প্ৰথমতে গণেশ বন্দনা: পূজা আৰম্ভ কৰাৰ আগতে বিঘ্নহৰ্তা ভগৱান গণেশক স্মৰণ কৰি "ওঁ গাং গণপতয়ে নমঃ" মন্ত্ৰ জপ কৰিব লাগে।
* চাকি-ধূপ জলোৱা: থাপনাৰ সোঁফালে ঘিঁউ বা মিঠাতেলৰ চাকি আৰু ধূপ জ্বলাব। ঘৰৰ প্ৰতিটো কোণ, বিশেষকৈ তুলসী তল আৰু দুৱাৰমুখত চাকি দিব।
* প্ৰিয় ফুল অৰ্পণ: মা লক্ষ্মীক পদুম ফুল বা ৰঙা-হালধীয়া ফুল দিলে তেওঁ অতি প্ৰসন্ন হয়। বগা ফুল এই পূজাত বৰ্জন কৰা হয়।
* প্ৰসাদ বা ভোগ: মা লক্ষ্মীৰ থাপনাত আখৈ, সান্দহ, চিৰা, নাৰিকলৰ লাডু, কল আৰু বিভিন্ন ফল-মূলৰ নৈবেদ্য আগবঢ়াব।
* শংখধ্বনি আৰু পাঁচালী পাঠ: মা লক্ষ্মীয়ে শান্ত পৰিৱেশ ভাল পায়, সেয়ে পূজাৰ সময়ত কাঁহ-ঘণ্টা জোৰেৰে নবজাই কেৱল শংখধ্বনি কৰিব লাগে। পূজাৰ অন্তত লক্ষ্মী চৰিত বা পাঁচালী ভক্তিৰে পাঠ কৰিব।
পূজাৰ দিনটোত কি কৰিব নালাগে?
লোহাৰ বাচন বৰ্জন: পূজাৰ কামত বা ভোগ ৰান্ধিবলৈ লোহাৰ বাচন-বৰ্তন ব্যৱহাৰ নকৰিব। ইয়াৰ পৰিৱেৰ্তে পিতল বা কাঁহৰ বাচন ব্যৱহাৰ কৰিব।
বাদ-বিবাদ নকৰিব: পূজাৰ দিনা ঘৰত কোনো ধৰণৰ কাজিয়া-কালি কৰিব নালাগে। খং-ৰাগ নকৰি ঘৰখন শান্ত আৰু আনন্দময় কৰি ৰাখিব।
কোজাগৰী ৰীতি: কোজাগৰী পূৰ্ণিমাৰ দিনা ৰাতি সোনকালে শুব নালাগে। বিশ্বাস কৰা হয় যে, নিশা সাৰে থাকি যিসকলে মা লক্ষ্মীৰ নাম লয়, তেওঁলোকৰ ঘৰলৈ দেৱীৰ আগমন ঘটে।
উল্লেখ্য যে, লক্ষ্মী পূজাপ মূল মন্ত্ৰটো হ'ল -
ওঁ পাশাক্ষমালিকাম্ভোজ-সৃণিভি র্যাম্যসৌম্যয়োঃ। পদ্মাসনস্থাং ধ্যায়েচ্চ শ্রিয়ং ত্রৈলোক্য-মাতরম্।
গৌরবর্ণাং সুরূপাঞ্চ সর্ব্বালঙ্কারভূষিতাম্। রৌক্মপদ্মব্যগ্রকরাং বরদাং দক্ষিণে ন তু।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।