নিউজ ডেস্ক : ৬.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় মধ্য পেৰুত । জাৰ্মান ৰিছাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছে (GFZ) ভূমিকম্পটোৰ প্ৰাবল্যৰ বিষয়ে জনোৱাৰ বিপৰীতে পেৰুৰ জিঅ’ফিজিকেল ইনষ্টিটিউটে কয় যে এই কম্পনটো এণ্ডিয়ান অঞ্চলৰ জুনিনত ১২৯ কিলোমিটাৰ গভীৰতাত উৎপত্তি হৈছিল।
এই ভূমিকম্পটো লিমাত অনুভূত হৈছিল, য’ত সাৱধানতামূলক ব্যৱস্থা হিচাপে বাসিন্দাসকল নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে। টেলিভিছনৰ দৃশ্যত কম্পনৰ পিছত সাংসদসকলে দেশখনৰ সংসদ ভৱন (Congress building) ত্যাগ কৰা দেখা গৈছিল।
আমেৰিকাৰ ছুনামি সতৰ্কবাণী ব্যৱস্থাই (US Tsunami Warning System) জনাইছে যে এই ভূমিকম্পটোৰ পিছত ছুনামিৰ কোনো সতৰ্কবাণী, পৰামৰ্শ বা ভাবুকি নাই।
দক্ষিণ আমেৰিকাৰ দেশখনত চলি থকা ভূমিকম্পীয় কাৰ্যকলাপৰ মাজতে এই শেহতীয়া কম্পনটো অনুভূত হৈছে। ইয়াৰ পূৰ্বে মঙলবাৰে পেৰুৰ উপকূলত ৫.৪ প্ৰাবল্যৰ আন এটা ভূমিকম্পই জোকাৰি গৈছিল, যাৰ কম্পন লিমাতো অনুভূত হৈছিল।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থাই (USGS) জনাইছিল যে সেই ভূমিকম্পটো লিমাৰ দক্ষিণে থকা চাংগুইলোৰ পৰা প্ৰায় ৫৯ মাইল দূৰত্বত আৰু প্ৰায় ৬.২ মাইল গভীৰতাত সংঘটিত হৈছিল ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।