Saturday, 21 November 2026
লগইন
ব্ৰেকিং

বাংলাদেশত জ্বলাই দিয়া হৈছে মহম্মদ ইউনুচৰ ঘৰ, আৰক্ষী থানা, সাংসদৰ ঘৰ

জ্বলিছে সাংসদ, আৰক্ষী থানা, সাংসদৰ ঘৰ

নিউজ ডেস্ক : পুনৰ হিংসাত্মক ৰূপ লৈছে বাংলাদেশত । ৰাইজে জ্বলাই দিলে আৰক্ষী থানা আৰু সাংসদৰ ঘৰ । তদুপৰিও মহম্মদ ইউনুচৰ ঘৰো জ্বলাই দিলে উত্তেজিত জনতাই । উল্লেখ্য যে, বিগত এমাহৰো অধিক দিনৰ পৰা চলা এই প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে ।

কাপোৰৰ উদ্যোগত কৰ্মৰত কৰ্মচাৰীৰ মজুৰি বৃদ্ধিৰ দাবীৰে চলি থকা প্ৰতিবাদে এতিয়া ৰাজনৈতিক আন্দোলনলৈ পৰিৱৰ্তিত হৈছে । আনহাতে নিষিদ্ধ আৱামী লীগ আৰু তেওঁলোকৰ সহযোগী সংগঠনৰ নেতা-কৰ্মীৰ বিৰুদ্ধে মুকছুদপুৰ থানাত আক্ৰমণ আৰু অগ্নিসংযোগৰ অভিযোগ উত্থাপন হৈছে।

বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত এই ঘটনা সংঘটিত হয়। থানাৰ ভিতৰত থকা আৰক্ষীৰ চৰকাৰী বাহন আৰু বিভিন্ন গোচৰত জব্দ কৰা বাহনকে ধৰি মুঠ ১০খন গাড়ীত অগ্নিসংযোগ কৰা হয়।থানাত আক্ৰমণ আৰু অগ্নিসংযোগৰ কেইবাটাও ভিডিঅ’ ইতিমধ্যে ফেচবুকত বিয়পি পৰিছে।

শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ বাসগৃহৰ লগতে গ্ৰামীন বেংকৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়ে । এটা ভিডিঅ’ত দেখা গৈছে যে ঘৰ জুই লগোৱাৰ পাছত প্ৰতিবাদকাৰীসকলে ছেলফি তোলাৰ লগতে ম’বাইলত ভিডিঅ’ ৰেকৰ্ডিং কৰিছে । তেওঁলোকৰ মুখত ‘জয় বাংলা’ শ্লোগান শুনিবলৈ পোৱা গৈছে ।
##Violence #Bangladesh #Hasina supporters #Violence in Bangladesh

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।