Saturday, 07 November 2026
লগইন

আজি ধৰালৈ আগমন ঘটিছে মহিষাসুৰমৰ্দিনী মা দুৰ্গাৰ

আজি মহালয়া

শৰৎ ঋতুয়ে কঢ়িয়াই আনে পূজাৰ বতৰা। শৰৎ অহাৰ লগে লগে চাৰিওফালে বিৰাজ কৰে এক সুকীয়া পৰিৱেশে। শৰৎ মানেই হৈছে শাৰদী ৰাণীৰ আগমন। নৈৰ কাষে কাষে শাৰী শাৰাকৈ হালিছে অসংখ্য কহুৱা। দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় বৃহত্তম ধৰ্মীয় আৰু সাংস্কৃতিক উৎসৱ দুৰ্গোৎসৱ। শাস্ত্ৰ অনুসৰি আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গা পূজা উদযাপন কৰা হয়। চ’ত অৰ্থাৎ বসন্ত কালৰ দুৰ্গা পূজাক বাসন্তী পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামেৰে জনা যায়।

আজি মহালয়া, ধৰাৰ বুকুৰ মাজলৈ আগমন ঘটিব মা দুৰ্গাৰ। চৌপাশে এতিয়াৰ দুৰ্গতি নাশিনীৰ আৰাধনাৰ বাবে সীমাহীন ব্যস্ততা। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহালয়া উদযাপনৰ বাবে পুৱতি নিশাৰে পৰা ৰাজ্যবাসীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, আজিৰ পৰা দেৱী পক্ষৰ সূচনা হৈছে। আজি পুৱাই চণ্ডীপাঠৰ জৰিয়তে দেৱী দুৰ্গাক ধৰালৈ আমন্ত্ৰণ জনাইছে ভক্তসকলে।

অশুভ শক্তিক বিনাশৰ বাবে ধৰালৈ আগমন হোৱা দেৱী দুৰ্গাক আৰাধনা কৰাৰ বাবে পুৱতি নিশাৰে পৰা পৰা ভক্তসকলে ব্যাপক আয়োজন কৰা পৰিলক্ষিত হৈছে।

তথ্য অনুসৰি, এইবাৰ দেৱী দুৰ্গা ধৰালৈ আহিব ঘোঁৰাত আৰু গমন কৰিব নাৱত। জ্যোতিষীৰ মতে, ‘ঘোঁৰাত আহিলে ভূমিকম্প, কাজিয়া আদি হ’ব পাৰে। কিন্তু গমন কৰাৰ সময়খিনি ভাল। এই সময়ত মা দুৰ্গাই নাৱত গ’লে শস্য বৃদ্ধি হ’ব। 


##bigupdate #newsupdate #goddessdurga #mahalaya #durgapuja #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।