নিউজ ডেস্ক : ইম্ফল ইষ্ট জিলাত তিনিজন লোকক হত্যা কৰা দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ নিৰাপত্তা বাহিনীক নির্দেশ দিয়ে মণিপুৰৰ মুখ্যমন্ত্রী য়ুমনাম খেমচান্দ সিঙে । এই আক্ৰমণৰ বিৰুদ্ধে আহ্বান জনোৱা ৪৮ ঘণ্টীয়া বন্ধৰ ফলত স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত হৈ পৰিছে ।
সোমবাৰৰ আক্ৰমণ আৰু শেহতীয়াকৈ থৌবাল জিলাত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত সৃষ্টি হোৱা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰী সিঙে সচিবালয়ত এক বৈঠক অনুষ্ঠিত হৈছে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, এন ডি এৰ বিধায়কসকলৰ বৈঠকত সদস্যসকলে একমুখে এই হত্যাকাণ্ডক গৰিহণা দিয়ে আৰু সশস্ত্ৰ আক্ৰমণকাৰীসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।
কেবিনেট হলত অনুষ্ঠিত আন এখন সুকীয়া নিৰাপত্তা পৰ্যালোচনা বৈঠকত গৃহমন্ত্ৰী গোবিন্দাস কোন্থৌজামক লগত লৈ সিঙে সামগ্ৰিক নিৰাপত্তা পৰিস্থিতিৰ মূল্যায়ন কৰে আৰু ইম্ফল ইষ্ট তথা থৌবালৰ ঘটনা সন্দৰ্ভত আলোচনা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়াসকলক স্পৰ্শকাতৰ এলেকাসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ আৰু শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে এক সমন্বিত পদক্ষেপ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
ইফালে, এই হত্যাকাণ্ডক লৈ ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে আৰু ‘নেটিভ পিপলছ কমিটী মণিপুৰ’ (NPC)-এ মাজনিশাৰ পৰা ৪৮ ঘণ্টীয়া ৰাজ্যজোৰা সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে। এই বন্ধৰ ফলত মঙলবাৰে স্বাভাৱিক জীৱন-যাত্ৰা গুৰুতৰভাৱে ব্যাহত হয় আৰু কেইবাটাও অঞ্চলত যানবাহন চলাচল প্ৰায় স্তব্ধ হৈ পৰে। ধৰ্মঘট সমৰ্থনকাৰীসকলে ধৰ্মঘট সফল কৰিবলৈ কানচিপুৰ, খুৰাই আৰু পাটচৈকে ধৰি বিভিন্ন স্থানত ৰাজপথলৈ ওলাই আহে।
সমিতিখনে এই হত্যাকাণ্ডৰ বাবে অভিযোগ উত্থাপিত সশস্ত্ৰ গোটসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা, খোংবাল টাংখুল পাদদেশ আৰু খামেনলোকৰ ওচৰত থকা অননুমোদিত সশস্ত্ৰ শিবিৰসমূহ উচ্ছেদ কৰা আৰু ‘অপাৰেচন স্থগিতকৰণ’ (SoO) চুক্তিৰ ওপৰত এক সময়সীমাৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰাৰ দাবী জনাইছে ।
ইয়াৰ উপৰিও, নিৰাপত্তা অভিযানত ৰাজনৈতিক হস্তক্ষেপৰ অভিযোগ তুলি উপ-মুখ্যমন্ত্ৰী নেমচা কিপগেনৰ পদত্যাগ দাবী কৰাৰ লগতে কে এন এফ (পি)ৰ অধ্যক্ষ এছ এছ থাংবই কিপগেনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অৱশ্যে এইসমূহ সমিতিখনে কৰা দাবী আৰু অভিযোগ হিচাপেই আছে।
আনহাতে, মণিপুৰ আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF), অসম ৰাইফেলছ আৰু সীমান্ত সুৰক্ষা বাহিনী (BSF)ৰ যুটীয়া দলে অচিনাক্ত বন্দুকধাৰীৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে। এই অভিযানত ড্ৰোন, স্নিফাৰ ডগ (সূঁঘি ধৰা কুকুৰ) আৰু হেলিকপ্টাৰৰ জৰিয়তে পহৰা দিয়া হৈছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।