Friday, 20 November 2026
লগইন

মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ, মনোনয়ন দাখিল প্ৰাৰ্থীৰ

মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

নিউজ ডেস্ক : ৩০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদ (MAC)ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি মাজুলী আৰু যোৰহাটত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে।

সোমবাৰে বিভিন্ন সমষ্টিত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। মঙলবাৰ হৈছে মনোনয়ন দাখিলৰ অন্তিম দিন। বৰ্তমানলৈকে যোৰহাট জিলাৰ ৩৮-জাঁজী আৰু ৩৩-যোৰহাট সমষ্টিৰ পৰা মুঠ পাঁচগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে।

মিচিং সংগঠন টাকাম মিচিং পৰিণ কেবাং (TMPK) আৰু মিচিং মিমাগ কেবাং (MMK)ৰ সমৰ্থিত হৰেন ৰিচঙে সোমবাৰে নৱগঠিত ৩৮-জাঁজী সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। এই সময়ছোৱাত তেওঁৰ সৈতে বৃহৎ সংখ্যক সমৰ্থক উপস্থিত থাকে।

মনোনয়ন দাখিলৰ পিছত ৰিচঙে কয়, "মই ৩৮-জাঁজী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। জাঁজী সমষ্টিত কেইবাটাও সমস্যা আছে আৰু এই সমস্যাসমূহক লৈ আমি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি আহিছোঁ। মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধীনত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ সমস্যা সমাধানৰ দায়িত্ব পালন কৰাৰ উদ্দেশ্যে মই আগবাঢ়ি আহিছোঁ।"

ইফালে, মাজুলীত পুৱাৰে পৰাই প্ৰাৰ্থী আৰু তেওঁলোকৰ সমৰ্থকসকলে মনোনয়ন দাখিলৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়।

৩২-ৰিকং মাজুলী সমষ্টিৰ পৰা ৰঞ্জিত দলেই মনোনয়ন দাখিল কৰাৰ বিপৰীতে ৩১-ফুলনি-জোকাইবোৱা সমষ্টিৰ পৰা ত্ৰৈলোক্য পামেগাম আৰু আনন্দ নৰহে মনোনয়ন পত্ৰ দাখিল কৰে। আনহাতে, ৩০-চাংগা সমষ্টিৰ পৰা অজিত পেগু আৰু ২৩-লোহিত সমষ্টিৰ পৰা বৰনালী কামানে মনোনয়ন দাখিল কৰে।

প্ৰাৰ্থীসকলৰ সৈতে অহা শ শ সমৰ্থকৰ উপস্থিতিত গড়মূৰে উৎসৱমুখৰ পৰিৱেশ ধাৰণ কৰে। মনোনয়ন দাখিলৰ পূৰ্বে সমৰ্থকসকলে মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গুমৰাগ নৃত্যৰে শোভাযাত্ৰা উলিয়ায়।

ঢোলৰ শব্দ আৰু নৃত্য-গীতে সমগ্ৰ পৰিৱেশ অধিক উলাহমুখৰ কৰি তোলে। বিভিন্ন বয়সৰ লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। পৰম্পৰাগত ইৰক (Erok) গামোচা পৰিধান কৰি আৰু বেনাৰ-পোষ্টাৰ লৈ সমৰ্থকসকলে গড়মূৰৰ ৰাজপথত নিৰ্বাচনী শ্লোগান দিয়ে।

ইফালে, একে সময়তে মাজুলীত ৰাস মহোৎসৱৰ প্ৰস্তুতিও চলি থকাত দ্বীপ জিলাখনত উৎসৱ আৰু নিৰ্বাচনী পৰিৱেশৰ এক ব্যতিক্ৰমী সমাহাৰ পৰিলক্ষিত হৈছে।
##bigupdate #newsupdate #misingautonomouscouncil #politicalupdate #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।