তাৰ পাছতে ভাইৰল হৈ পৰিল সেই বিশেষ অংশ । যাৰ বাবে এক্সত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপেৰ নেতাসকলে কংগ্ৰেছক সমালোচনা কৰে ।
কংগ্ৰেছ নেতা খাৰ্গেৰ মন্তব্যৰ বিৰুদ্ধে সোমবাৰে দেশজুৰি বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ঘোষণা কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “খৰ্গেই শিষ্টাচাৰৰ সকলো নিয়ম ভংগ কৰিছে ।"
দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও খাৰ্গেৰ এই মন্তব্যক গৰিহণা দি তেওঁক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাৰ পিতৃৰ সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই পাটনাত কৰা মন্তব্যত মই গভীৰভাৱে স্তম্ভিত আৰু দুখিতঃ ৷ শেহতীয়াকৈ একাংশ কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰধানমন্ত্ৰীৰ নম্ৰ পাৰিবাৰিক পটভূমিক উপহাস কৰি তেওঁৰ সন্মানীয় মাতৃৰ প্ৰতি অপমানজনক শব্দ ব্যৱহাৰ কৰিছিল ।’’

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।