Thursday, 05 November 2026
লগইন
ব্ৰেকিং

স্থগিত ৰখা হ'ল সৌৰভ দাস, আশুতোষ ৰাংকাৰ জামিনৰ শুনানি

JP ৰ নেতাসকলৰ জামিন শুনানি স্থগিত! কি ক'লে দণ্ডাধীশে?

নিউজ ডেস্ক: দেওবাৰে CJPৰ পদাধিকাৰী সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ জামিনৰ শুনানি স্থগিত ৰখা হয়। বিশেষ কাৰ্যবাহী দণ্ডাধীশগৰাকী নিৰ্ধাৰিত সময়ত উপস্থিত হ'বলৈ ব্যৰ্থ হোৱাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয। পৰৱৰ্তী সময়ত তেওঁ নিজৰ জীৱনৰ প্ৰতি ভাবুকি অহাৰ কথা উল্লেখ কৰি এই গোচৰৰ পৰা আঁতৰি থকা বুলি তথ্য অনুসৰি জানিব পৰা গৈছে।

কথিত ভাবুকিৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ৰাংকা আৰু দাসক কোনো পলম নকৰাকৈ মুকলি কৰি দিবলৈ SEM ক হেঁচা প্ৰয়োগ কৰা হৈছিল।

CJP য়ে যুক্তি দৰ্শাই যে, এই ভাবুকিটো এটা সুকীয়া গোচৰ আৰু CJP ৰ কোনো সদস্যৰ ম’বাইলৰ পৰা বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ নম্বৰটো শ্বেয়াৰ কৰা হৈছিল নে নাই, তাক নিশ্চিত কৰিবলৈ আৰক্ষীক কল ডিটেইল ৰেকৰ্ড (CDR) পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু দণ্ডাধীশে এই পৰামৰ্শ প্ৰত্যাখ্যান কৰে।

উল্লেখ্য যে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক ১৪ অক্টোবৰত পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বেৰিকেড ভাঙি তেওঁলোকে দিল্লীৰ যন্তৰ মন্তৰত প্ৰৱেশ কৰাৰ পিছতে আৰক্ষীয়ে তেওঁলোকক আটক কৰে। এই যন্তৰ মন্তৰ স্থানডোখৰ অলপতে প্ৰতিবাদৰ বাবে নিৰ্দিষ্ট স্থানৰ তালিকাৰ পৰা কৰ্তৃপক্ষই বাতিল কৰিছিল।

CJP এ জামিন শুনানিত পলম হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে সংগঠনটোৰ আইনী মুৰব্বী ৰত্না সিঙে কয় যে, অস্পষ্ট কাৰণত জামিনদাৰসকলক নাকচ কৰা হৈছিল। তেওঁ এক্স (X)-ত পোষ্ট কৰি কৰে, দুপৰীয়া ১২ বজাত হ'বলগীয়া শুনানিৰ বাবে তেওঁ পুৱা ১১ বজাৰ পৰাই আৰক্ষী থানাত উপস্থিত আছিল, কিন্তু সহকাৰী আৰক্ষী আয়ুক্ত (ACP), যিগৰাকীয়ে বিশেষ কাৰ্যবাহী দণ্ডাধীশ (SEM) হিচাপেও কাৰ্যনিৰ্বাহ কৰে, বিয়লি প্ৰায় ৫.৩০ বজাতহে আহি উপস্থিত হৈছিল।

"এগৰাকী আৰক্ষী বিষয়াই কয়, 'কোনোবাই তেওঁক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছিল, আৰু তেওঁ আজিৰ শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখিছে। এনে ভাবুকিপূৰ্ণ পৰিস্থিতিত তেওঁ কেনেকৈ গোচৰটোৰ শুনানি ল’ব পাৰে?"কথিত অপৰাধমূলক ভাবুকি আৰু চৰকাৰী কৰ্মচাৰীক ভাবুকি প্ৰদানৰ বাবে BNS ৰ ব্যৱস্থাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
##bigupdate#newsupdate#CJP#politicalnews#latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।