Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ছুপাৰহিট কমেডী ছবি 'ৱেলকাম'ত ডন 'উদয় শেট্টী'ৰ চৰিত্ৰটো কৰিবলৈ অভিনেতা নানা পাটেকাৰক কেনেকৈ মান্তি কৰাইছিল বলীউডৰ জনপ্ৰিয় পৰিচালক আনীছ বজ্মীয়ে ?

সবিশেষ জানিবলৈ প্ৰতিবেদনটো সম্পূৰ্ণকৈ পঢ়ক

অভিনেতা প্ৰয়াত নানা পাটেকাৰক সাধাৰণতে তেওঁৰ গম্ভীৰ আৰু ক্ৰোধিত চৰিত্ৰৰ বাবে জনা গৈছিল,যেতিয়ালৈকে পৰিচালক আনিছ বাজমীয়ে তেওঁক ২০০৭ চনৰ 'ৱেলকম' ছবিত অভিনয় কৰোৱা নাছিল।

'The Kapil Sharma Show Season 2' ত চলচ্চিত্ৰ নিৰ্মাতা আনিছ বাজ্মীয়ে প্ৰকাশ কৰিছিল যে, তেওঁ কেনেকৈ নানা পাটেকাৰক ছুপাৰহিট ছবি 'Welcome' ত উদয় শেট্টীৰ চৰিত্ৰত অভিনয় কৰিবলৈ মান্তি কৰাইছিল।

আনিছে ফোনত নানাৰ সৈতে হোৱা তেওঁৰ ধেমেলীয়া কথা-বতৰাটোও মনত পেলাইছিল। তেওঁ কৈছিল, 'মই তেওঁক ফোন কৰিলোঁ আৰু ক’লোঁ যে মই আপোনাক লগ কৰিব বিচাৰোঁ। তেওঁ উত্তৰ দিলে, কিয়? মই তেওঁক ক’লোঁ যে মই আপোনাক এখন চিনেমাৰ কাহিনী শুনাব বিচাৰোঁ।"

উল্লেখ্য যে, যেতিয়া আনীছ বোলছবিখনৰ কাহিনী ক’বলৈ নানাৰ ঘৰলৈ গৈছিল, তেতিয়া প্ৰবীণ অভিনেতাগৰাকীয়ে তেওঁক কৈছিল, 'মই কাহিনীটো শুনিব নিবিচাৰোঁ, তুমি তোমাৰ মাৰ শপত খাই কোৱা যে এই ছবিখন মোৰ বাবে সঠিক আৰু মই এইখন কৰা উচিত।"

পৰিচালক আনীছে তেওঁক কাহিনীটো শুনিবলৈ বাধ্য কৰিলে আৰু তাৰ পিছৰ তিনি ঘণ্টা ধৰি পৰিচালকজনে স্ক্ৰিপ্টখন বৰ্ণনা কৰিলে।

পৰিচালক আনীছে প্ৰকাশ কৰা অনুসৰি, কাহিনীটো শুনাৰ পিছত অভিনেতা নানাই তেওঁক সাৱটি ধৰিছিল আৰু কৈছিল, "মই কেঁচা মাটিৰ দৰে। তোমাৰ ছেটলৈ যাম, যি ৰূপত গঢ়িব বিচাৰা গঢ়ি ল’বা।"

জনপ্ৰিয় ধাৰণাৰ বিপৰীতে, আনীছে কয় যে, তেওঁ তেওঁৰ সৈতে কাম কৰাটো আটাইতকৈ সহজ অনুভৱ কৰিছিল।

'ৱেলকাম' (২০০৭) চলচ্চিত্ৰখনত উদয় শেট্টীৰ চৰিত্ৰত নানা পাটেকাৰৰ অনবদ্য অভিনয় ভাৰতীয় পপ-কালচাৰৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। তেওঁৰ ধেমেলীয়া ডায়লগ ডেলিভাৰী, বিশেষকৈ "আলু লেলো, কান্দা লেলো" আৰু খঙাল অথচ হাঁহি উঠা গুণ্ডাৰ চৰিত্ৰটোৱে দৰ্শকক আজিও আমোদ প্ৰদান কৰি আছে। বৰ্তমানৰ ছ'চিয়েল মিডিয়াত এই চৰিত্ৰটোক লৈ সৃষ্টি হোৱা অসংখ্য মিম ইয়াৰ জনপ্ৰিয়তাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ।

উদয় হিচাপে, নানা পাটেকাৰে এজন ভয়ংকৰ আণ্ডাৰৱৰ্ল্ড ডনৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে নিজৰ ভনীয়েক সঞ্জনাক এটা সন্মানীয় পৰিয়ালত বিয়া দিবলৈ ব্যাকুল হৈ আছিল।

২০০৭ চনৰ জনপ্ৰিয় কমেডী ছবি 'ৱেলকাম'ত অনিল কাপুৰৰ সৈতে নানা পাটেকাৰৰ অন-স্ক্ৰীণ কেমিষ্ট্ৰী আছিল সমগ্ৰ চলচ্চিত্ৰখনৰ মূল আকৰ্ষণ।

প্ৰৱীণ অভিনেতা নানা পাটেকাৰে গোৱাৰ নিজ বাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ পিছত ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। পুৱা ৫:২০ বজাত তেওঁক মৃত ঘোষণা কৰা হৈছে।

গোৱাৰ ডোনা পওলাস্থিত নিজ বাসগৃহত পাটেকাৰক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৰু ততাতৈয়াকৈ মণিপাল হাস্পতাললৈ লৈ যোৱা হৈছিল, য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰাৰ পূৰ্বে প্ৰায় ৪৫ মিনিট ধৰি জ্ঞান ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল।

তথ্য অনুসৰি, অভিনেতাগৰাকীক CPR দিয়া হৈছিল, যি হৈছে কোনো ব্যক্তিৰ হৃদস্পন্দন বা উশাহ-নিশাহ বন্ধ হ’লে কৰা এটা জৰুৰীকালীন চিকিৎসা পদ্ধতি।

৪৫ মিনিট ধৰি ধাৰাবাহিকভাৱে CPR দিয়াৰ পিছতো তেওঁক সুস্থ কৰি তুলিব পৰা নগ'ল," মণিপাল হাস্পতালৰ অংক’লজী বিভাগৰ প্ৰধান ডাঃ শেখৰ চালকাৰে এটা ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ এইদৰে উল্লেখ কৰে। তেওঁৰ মৃত্যু সন্দৰ্ভত এটা মেডিকো-লিগেল কেচ পঞ্জীয়ন কৰা হৈছে আৰু মৰণোত্তৰ পৰীক্ষা কৰা হ'ব।

আজি সন্ধিয়া পুনেৰ ডনজে গাঁৱত থকা তেওঁৰ ফাৰ্মহাউচত প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হ’ব।
##bigupdate #newsupdate #entertainmentnews #nanapatekar #welcomemovie2007 #latestupate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।