Thursday, 05 November 2026
লগইন

আজি নৱৰাত্ৰিৰ অষ্টম দিন

কেনেকৈ সন্তুষ্ট কৰিব দেৱী মহাগৌৰীক?

নিউজ ডেস্ক : আজি ১৮ অক্টোবৰ,দেওবাৰ। নৱৰাত্ৰিৰ অষ্টমটো দিন। এই বিশেষ দিনটোক ধৰ্মীয় পৰম্পৰাত মহা অষ্টমী বা দুৰ্গা অষ্টমী হিচাপে অত্যন্ত ভক্তিৰে পালন কৰা হয়।
নৱৰাত্ৰিৰ অষ্টম দিনা ভগৱতী দুৰ্গাৰ অষ্টম স্বৰূপ মা মহাগৌৰীৰ বিশেষ পূজা-অৰ্চনা কৰা হয়। দেৱীৰ এই ৰূপ অত্যন্ত শান্ত, শুভ্ৰবৰ্ণ আৰু সুখ-সমৃদ্ধি প্ৰদানকাৰী।

দেৱী মহাগৌৰীৰ পূজাৰ বহু মূল তাৎপৰ্য আছে। 

* মানসিক আৰু আধ্যাত্মিক পবিত্ৰতা: ধৰ্মীয় বিশ্বাস অনুসৰি, ভগৱান শিৱক পতি ৰূপে পাবলৈ দেৱী পাৰ্বতীয়ে হিমালয়ত কঠোৰ তপস্যা কৰিছিল। সুদীৰ্ঘ কাল ধৰি কৰা এই কঠিন তপস্যাৰ বাবে তেওঁৰ শৰীৰ ক'লা পৰি গৈছিল। পৰৱৰ্তী সময়ত ভগৱান শিৱই তেওঁৰ ভক্তিত প্ৰসন্ন হৈ গংগাৰ পবিত্ৰ জলেৰে স্নান কৰোৱাৰ লগে লগে দেৱীয়ে এক অতি উজ্জ্বল, শুভ্ৰ আৰু মনোহৰ বৰ্ণ লাভ কৰে। এই কাৰণেই তেওঁৰ নাম ‘মহাগৌৰী’ হয়। ইয়াৰ আধ্যাত্মিক তাৎপৰ্য এইটোৱেই যে কঠিন সাধনা আৰু ভক্তিৰ দ্বাৰা মানুহৰ আত্মাৰ সকলো কলুষতা দূৰ হয় আৰু অন্তৰাত্মা পবিত্ৰ হৈ পৰে।

 * কৰ্ম আৰু পাপৰ পৰা মুক্তি: মা মহাগৌৰীৰ উপাসনা কৰিলে ভক্তৰ পূৰ্বজন্মৰ লগতে এই জন্মৰো সকলো জ্ঞাত-অজ্ঞাত পাপ আৰু বেয়া কৰ্মৰ প্ৰভাৱ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়। দেৱীৰ কৃপাত মনৰ পৰা নেতিবাচক চিন্তা, ভয় আৰু দুখ-কষ্ট দূৰ হয়।

* সুখ, সমৃদ্ধি আৰু দাম্পত্য সুখ লাভ : পাৰিবাৰিক জীৱনৰ সুখ-শান্তিৰ বাবে মা মহাগৌৰীৰ পূজা অত্যন্ত ফলদায়ী।

* বিবাহৰ যোগ্য যুৱতীসকলে মন পছন্দৰ জীৱন সংগী লাভৰ বাবে আৰু সুন্দৰ বৈবাহিক জীৱনৰ বাবে এই পূজা কৰে।

* গৃহস্থী জীৱনত চলি থকা পাৰিবাৰিক অশান্তি বা দাম্পত্য কলহ দূৰ কৰি স্বামী-স্ত্ৰীৰ মাজত প্ৰেম আৰু বুজাবুজি বৃদ্ধি কৰাত দেৱীয়ে আশীৰ্বাদ প্ৰদান কৰে।

* জ্ঞান আৰু মোক্ষ প্ৰাপ্তি : 

আৰ্ট অৱ লিভিং-ৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী ৰবি শংকৰৰ মতে, 'গৌৰী' শব্দৰ গভীৰ অৰ্থ হৈছে জ্ঞান, গতি আৰু মুক্তি। মা মহাগৌৰীয়ে ভক্তক বুদ্ধি আৰু সঠিক জ্ঞান প্ৰদান কৰে, জীৱনত আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে আৰু শেষত মোক্ষ বা মুক্তিৰ পথ প্ৰশস্ত কৰে।


* জ্যোতিষীয় গুৰুত্ব: জ্যোতিষ শাস্ত্ৰ অনুসৰি, দেৱী মহাগৌৰীয়ে ৰাহু গ্ৰহক নিয়ন্ত্ৰণ কৰে। সেয়েহে, যাৰ কুণ্ডলীত ৰাহুৰ কু-প্ৰভাৱ বা দোষ থাকে, তেওঁলোকে অষ্টমীৰ দিনা মা মহাগৌৰীৰ আৰাধনা কৰিলে ৰাহুৰ নেতিবাচক প্ৰভাৱসমূহ বহুখিনি হ্ৰাস পায়।

ইয়াৰোপৰিও দেৱী মহাগৌৰীৰ মূল স্তুতি মন্ত্ৰটো হ'ল: 

"যা দেৱী সৰ্বভূতেষু মা মহাগৌৰী ৰূপেণ সংস্থিতা।
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ॥"

ধৰ্মীয় বিশ্বাস অনুসৰি দেৱী মহাগৌৰীক এইসমূহ ভোগ আগবঢ়ালে দেৱী প্ৰসন্ন হয়।

* নাৰিকলৰ ভোগ : মা মহাগৌৰীক সমৰ্পণ কৰিবলৈ নাৰিকলৰ লাডু, নাৰিকলৰ বৰ্ফি বা কেঁচা নাৰিকল আগবঢ়োৱা হয়। বিশ্বাস কৰা হয় যে ইয়াৰ দ্বাৰা ঘৰলৈ সুখ-সমৃদ্ধি আহে আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পৰ্ক মধুৰ হয়। পূজাৰ শেষত এই নাৰিকল ব্ৰাহ্মণক দান কৰা বা ভক্তসকলৰ মাজত প্ৰসাদ ৰূপে বিতৰণ কৰা শুভ।

* পুৰী, হালৱা আৰু কলা বুট: মহা অষ্টমীৰ দিনা কন্যাক খুৱাবলৈ আৰু দেৱীৰ চৰণত অৰ্পণ কৰিবলৈ বিশেষভাৱে চুজিৰ হালৱা, আটাৰ পুৰী আৰু ঘিূঁত ভজা কলা বুটৰ ভোগ প্ৰস্তুত কৰা হয়। কন্যা পূজা বা কুমাৰী পূজাৰ সময়ত ৯ গৰাকী কন্যাক এই ভোগ খুৱাটো অপৰিহাৰ্য নিয়ম।

*খিচিৰি ভোগ : বহু পৰম্পৰাত মহা অষ্টমীৰ দিনা দেৱী দুৰ্গাক চাল-দাইল আৰু বিভিন্ন পাচলিৰে তৈয়াৰী সুস্বাদু খিচিৰি ভোগ আৰু লুচি-ভাজি আগবঢ়োৱাৰো প্ৰথা আছে।

*ইলাচীৰ বিশেষ ভোগ : জ্যোতিষ শাস্ত্ৰীয় বিশ্বাস অনুসৰি, যিসকল জাতকৰ নিজৰ পছন্দৰ ব্যক্তিৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাত বাধা আহি পৰিছে, তেওঁলোকে অষ্টমী তিথিত দেৱীক ইলাচী ভোগ হিচাপে অৰ্পণ কৰিলে শুভ ফল লাভ কৰে।
##bigupdate #newsupdate #navaratri #goddessdurga #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।