নিউজ ডেস্ক : কেঁচু খান্দুতে সাপ উলাইছে ! এনভিডিয়াৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া (CEO) জেনছেন হুয়াঙৰ সৈতে কোম্পানীটোৰ এগৰাকী কৰ্মচাৰীৰো অন্তৰংগ সম্পৰ্ক আছিল। এই কথা দুগৰাকী বিষয়ৰ সৈতে জড়িত ব্যক্তিৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে ৰয়টাৰ্ছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে আন দুটা পৰকীয়া প্ৰেমৰ সম্পৰ্কৰ অভিযোগ উত্থাপন হৈছিল। এই ঘটনাৰ পৰিণতিতে বৃহস্পতিবাৰে তেওঁ পদত্যাগ কৰে। এই দুগৰাকী মহিলাৰ এগৰাকী হৈছে এলিছ হুয়াং, যিগৰাকীক চীনৰ চোৰাংচোৱা বুলি সন্দেহ কৰিছে আমেৰিকাৰ চোৰাংচোৱা সংস্থাই। আনগৰাকী হৈছে এনভিডিয়াৰ স্বাস্থ্যসেৱা বিভাগৰ উপ-সভাপতি কিম্বাৰ্লি পাৱেল।
এই সন্দৰ্ভত এনভিডিয়াই কোনো মন্তব্য প্ৰকাশ কৰা নাই। আনহাতে, কিম্বাৰ্লি পাৱেল, জেনছেন হুয়াং আৰু এনভিডিয়াৰ পৰিচালনা সমিতিৰ এগৰাকী প্ৰতিনিধিয়েও ৰয়টাৰ্ছৰ মন্তব্য বিচৰা অনুৰোধৰ কোনো উত্তৰ দিয়া নাই। এলিছ হুয়াঙৰ সৈতেও যোগাযোগ কৰিব পৰা হোৱা নাই।
যোৱা ৮ নৱেম্বৰত প্ৰকাশিত এক বিবৃতিত জেনছেন হুয়াঙে নিজৰ পৰকীয়া সম্পৰ্কৰ কথা স্বীকাৰ কৰিছিল। অৱশ্যে সেই বিবৃতিত তেওঁ এলিছ হুয়াঙৰ নাম উল্লেখ কৰা নাছিল।
জেনছেন হুয়াঙৰ পদত্যাগৰ সিদ্ধান্তই তেওঁৰ নেতৃত্বত গঢ় লৈ উঠা কৃত্ৰিম বুদ্ধিমত্তা (AI) উদ্যোগত প্ৰভাৱ পেলাব পাৰে। এনভিডিয়াই নিজৰ শক্তিশালী বিত্তীয় অৱস্থাৰ সহায়ত AI উদ্যোগৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কোম্পানীটোৰ চিপ ক্ৰয় সহজ কৰি তুলিবলৈ জটিল বিত্তীয় ব্যৱস্থাৰ সৃষ্টি কৰাৰ লগতে ক্লাউড কম্পিউটিং কোম্পানী আৰু AI গৱেষণাগাৰসমূহকো সহায় আগবঢ়াই আহিছে।
৬৩ বছৰীয়া আৰু বিবাহিত জেনছেন হুয়াঙৰ বিৰুদ্ধে এলিছ হুয়াঙৰ সৈতে সম্পৰ্কৰ বাতৰি প্ৰকাশ পোৱাৰ পিছৰে পৰা পদত্যাগৰ দাবী অধিক জোৰদাৰ হৈ পৰিছিল।
ইফালে, জেনছেন হুয়াঙৰ উত্তৰাধিকাৰী নিৰ্বাচন নকৰালৈকে এনভিডিয়াৰ বিত্তীয় বিভাগৰ মুৰব্বী ক'লেট ক্ৰেছক অন্তৱৰ্তীকালীন মুখ্য কাৰ্যবাহী বিষয়া (Interim CEO) হিচাপে নিযুক্তি দিছে কোম্পানীটোৰ পৰিচালনা সমিতিয়ে। এই পদৰ বাবে কোম্পানীটোৰ ভিতৰৰ লগতে বাহিৰৰ প্ৰাৰ্থীৰ নামো বিবেচনা কৰি থকা হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।