উল্লেখ্য যে, শৃংখাবদ্ধ জীৱনশৈলী আৰু ফিটনেছৰ প্ৰতি থকা সচেতনতাৰ বাবে পৰিচিত নানা পাটেকাৰৰ মৃত্যুৰ খবৰে সকলোকে গভীৰভাৱে শোকস্তব্ধ কৰি তুলিছে। তেওঁৰ মৃত্যুক লৈ সচেতন মহলত প্ৰশ্নৰো উত্থাপন হৈছে। অৱশেষত নানা পাটেকাৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱা বুলি উল্লেখ কৰি তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহাৰ দাবী উত্থাপন কৰা হৈছে।
নানা পাটেকাৰৰ মৃতদেহ গোৱাৰ বাম্বোলিস্থিত গোৱা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছিল। নিয়ম মতে তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়া প্ৰকাশ পাইছে।
তথ্য অনুসৰি, বাম্বোলিস্থিত গোৱা মেডিকেল কলেজৰ এটা দলে নানা পাটেকাৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, তেওঁৰ মৃত্যুক চিকিৎসকে স্বাভাৱিক বুলি উল্লেখ কৰিছে।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, নানা পাটেকাৰৰ মৃত্যু হৃদৰোগৰ ফলত হোৱা বুলি দাবী কৰা হৈছে। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, হৃদযন্ত্ৰৰ প্ৰধান ধমনীত তেজ গোট মৰা আৰু হৃদযন্ত্ৰৰ ৰক্তবাহী নলী বন্ধ হৈ পৰাৰ ফলতে অভিনেতাগৰাকীৰ মৃত্যু হয়।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।