নিউজ ডেস্ক: কৰণ জোহাৰৰ জনপ্ৰিয় শ্ব' 'Koffee With Karan'-ৰ শেহতীয়া ছিজনটো ছালমান খানৰ চমকপ্ৰদ উপস্থিতিৰে আৰম্ভ হৈছিল। বৰ্তমান ইয়াৰ দ্বিতীয়টো খণ্ডৰ ট্ৰেইলাৰ মুক্তি পাইছে, য’ত তেলেগু তাৰকা দম্পতী বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মন্দনাক দেখিবলৈ পোৱা গৈছে।
ৰশ্মিকাই বিজয়ক বিয়াৰ বাবে এবছৰ ধৰি অনুৰোধ কৰিছিল
ট্ৰেইলাৰৰ আৰম্ভণিতে কৰণে বিজয় আৰু ৰশ্মিকাক আদৰণি জনাই তেওঁলোকক এটা “ব্লকবাষ্টাৰ দম্পতী” বুলি অভিহিত কৰে। চলচ্চিত্ৰ নিৰ্মাতাজনে তেওঁলোকক সোধে যে, কিবা প্ৰেমৰ প্ৰস্তাৱ আছিল নেকি? ৰশ্মিকাই মূৰ জোকাৰি 'নহয়' বুলি কোৱাৰ বিপৰীতে বিজয়ে উত্তৰ দিয়ে, “তাই কৈছিল ব'লা আমি বিয়া পাতো।" মই ভাই কৈছিলোঁ যে, "তুমি মোক এই কথাটো প্ৰায় ১০০ বাৰ কৈছা।"
বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দান্নাৰ প্ৰেম কাহিনীৰ বিষয়ে
ৰশ্মিকা মন্দান্না আৰু বিজয় দেৱৰকোণ্ডাই প্ৰথমবাৰৰ বাবে ২০১৮ চনৰ তেলুগু ৰোমাণ্টিক ড্ৰামা 'গীতা গোবিন্দম' ত একেলগে অভিনয় কৰিছিল, আৰু পিছলৈ ২০১৯ চনত 'Dear Comrade' চিনেমাখনত স্ক্ৰীণ শ্বেয়াৰ কৰিছিল। তেওঁলোকৰ অন-স্ক্ৰীণ কেমিষ্ট্ৰীয়ে বিগত বছৰবোৰত তেওঁলোকৰ সম্পৰ্কক লৈ বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি কৰিছিল, যদিও অভিনেতা দুগৰাকীয়ে তেওঁলোকৰ ব্যক্তিগত জীৱনক বহু পৰিমাণে গোপন কৰি ৰাখিছিল। অৱশেষত, এই তাৰকা দম্পতীহালে ২০২৬ চনblockৰ ২৬ ফেব্ৰুৱাৰীত উদয়পুৰত বিবাহপাশত আৱদ্ধ হয়, য’ত তেওঁলোকৰ তেলুগু আৰু কোডভা পৰম্পৰা অনুসৰি বিবাহ সম্পন্ন হয়।
'ৰণবালী'ৰ বিষয়ে
ৰাহুল সাংকৃত্যায়নৰ দ্বাৰা পৰিচালিত এটা ঐতিহাসিক এক্সন ড্ৰামা চলচ্চিত্ৰ 'ৰণবালী'ৰ জৰিয়তে বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দান্না পুনৰবাৰ পৰ্দাত একত্ৰিত হৈছে। এই চলচ্চিত্ৰখনত বিজয়ে মুখ্য চৰিত্ৰটো ৰূপায়ণ কৰিছে, আনহাতে ৰশ্মিকাই তেওঁৰ পত্নী 'জায়াম্মা'ৰ চৰিত্ৰত অভিনয় কৰিছে। বিবাহৰ পিছত এইটোৱে এই দম্পতীহালৰ প্ৰথম অন-স্ক্ৰীন সহযোগিতা।
উল্লেখ্য যে, তেওঁলোকৰ আগন্তুক চলচ্চিত্ৰসমূহৰ সন্দৰ্ভত ৰশ্মিকাৰ হাতত 'মায়ছা' আৰু 'ৰাকা' পাইপলাইনত আছে, আনহাতে বিজয়ক 'ৰাউডী জনাৰ্দন' বোলছবিখনত দেখিবলৈ পোৱা যাব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।