নিউজ ডেস্ক: আজি শুভ সপ্তমী। সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে আৰম্ভ সপ্তমী পূজা। ঢাল-ঢোলৰ শব্দ, পুৰোহিতৰ মন্ত্ৰোধ্বনিৰে ৰজন জনাইছে ৰাজ্যৰ চৌদিশ। শৰতৰ এই দিনকেইটাৰ কথাই সুকীয়া। প্ৰফুল্লিত হৈ থাকে প্ৰতিগৰাকী ব্যক্তিৰ মন। মা দুৰ্গাৰ আশীষ ল’বলৈ মণ্ডপসমূহত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। মা দুৰ্গতিনাশিনীয়ে যাতে সকলোৰে জীৱনৰ পৰা অপায়-অমংগল দূৰ কৰে তাৰ বাবে সকলোৱে দেৱীৰ চৰণত প্ৰাৰ্থনা কৰিছে।
উল্লেখ্য যে, সপ্তমী পূজাত মা দুৰ্গাক কালৰাত্ৰি ৰূপত পূজা কৰা হয়। ভক্তৰ আকুল আহ্বানত ধৰালৈ অহা মা দুৰ্গাক সন্তুষ্ট কৰিবলৈ সকলোৰে ব্যস্ততা তুংগত।
সপ্তমী পূজাৰ মূল আকৰ্ষণ
নৱপত্ৰিকা প্ৰৱেশ আৰু স্থাপন: আজি পুৱাৰ নিৰ্দিষ্ট শুভ মহেন্দ্ৰক্ষণত গণেশৰ মূৰ্তিৰ কাষত ‘কলাবউ’ বা নৱপত্ৰিকা (নবিধ উদ্ভিদৰ সমষ্টি) স্নান কৰাই পূজা মণ্ডপলৈ প্ৰৱেশ কৰোৱা আৰু স্থাপন কৰা হয়। ইয়াৰ জৰিয়তে দেৱী দুৰ্গাৰ প্ৰাণপ্ৰতিষ্ঠা আৰু মূল বিধি অনুসৰি পূজা-অৰ্চনা আৰম্ভ হয়।
দুদিনজোৰা সপ্তমী: পঞ্জিকাৰ তিথি অনুসৰি, এইবাৰৰ সপ্তমী তিথি শনি আৰু দেওবাৰ (১৭ আৰু ১৮ অক্টোবৰ) দুদিন ধৰি বিস্তৃত থকাৰ বাবে উৎসৱৰ আনন্দ আৰু দীৰ্ঘায়িত হৈছে।
মণ্ডপে মণ্ডপে দৰ্শনাৰ্থীৰ ভিৰ: পুৱাৰ ভাগত বিভিন্ন পূজা মণ্ডপত ঢাকৰ শব্দ, শঙ্খধ্বনিৰ লগতে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে চাৰিওদিশ মুখৰিত। আজি সন্ধিয়াৰ ভাগলৈ মণ্ডপসমূহত দেৱীক দৰ্শন কৰিবলৈ মানুহৰ ঢৌ পৰিলক্ষিত হ’ব।
ধৰ্মীয় বিশ্বাস অনুসৰি, সপ্তমী পূজাৰ প্ৰথম পুষ্পাঞ্জলি মন্ত্ৰটো হৈছে:
ওঁ জয়ন্তী, মঙ্গলা, কালী, ভদ্রকালী, কপালিনী।
দুর্গা, শিবা, ক্ষমা, ধাত্রী, স্বাহা, স্বধা নমোঽস্তু তে॥
এষ সচন্দন গন্ধ পুষ্প বিল্ব পত্রাঞ্জলিঃ ওঁ হ্রীং দুর্গায়ৈ নমঃ॥
দ্বিতীয় পুষ্পাঞ্জলি মন্ত্ৰ:
ওঁআয়ুরারোগ্যবিজয়ং দেহি দেবি নমোঽস্তু তে॥
এষ সচন্দন মহিষঘ্নী মহামায়ে চামুণ্ডে মুণ্ডমালিনী।
গন্ধ পুষ্প বিল্ব পত্রাঞ্জলিঃ ওঁ হ্রীং দুর্গায়ৈ নমঃ॥
তৃতীয় পুষ্পাঞ্জলি মন্ত্র:
ওঁ সর্বমঙ্গলমঙ্গল্যে শিবে সর্বার্থসাধিকে।
শরণ্যে ত্র্যম্বকে গৌরি নারায়ণি নমোঽস্তু তে॥
এষ সচন্দন গন্ধ পুষ্প বিল্ব পত্রাঞ্জলিঃ ওঁ হ্রীং দুর্গায়ৈ নমঃ॥

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।