অভিনেতা অজয় দেৱগনে তেওঁৰ হিন্দী 'দৃশ্যম' ফ্ৰেঞ্চাইজিৰ তৃতীয় তথা অন্তিমখন চলচ্চিত্ৰখনৰ বাবে পুনৰ বিজয় চালগাঁওকাৰ চৰিত্ৰলৈ ৰূপান্তৰিত হৈছে। শুক্ৰবাৰ অৰ্থাৎ ২ অক্টোবৰৰ দিনটোত "Drishyam 3: The Conclusion"-এ ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে ইয়াৰ পূৰ্বৰ সংস্কৰণসমূহৰ তুলনাত প্ৰথম দিনাৰ উপাৰ্জনৰ ৰেকৰ্ডো ভংগ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, 'Drishyam 3: The Conclusion' চিনেমাখনে মুক্তিৰ প্ৰথম দিনা সমগ্ৰ ভাৰতত ১৫,৭৫৯ টা শ্ব’ৰ জৰিয়তে ৬৬.৭৫ কোটি টকা নেট আৰু ৮০.১০ কোটি টকা গ্ৰছ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও, চিনেমাখনে বিদেশৰ পৰা আৰু ১৫ কোটি টকা উপাৰ্জন কৰে, যাৰ ফলত প্ৰথম দিনাই সমগ্ৰ বিশ্বজুৰি ইয়াৰ মুঠ উপাৰ্জন ৯৫.১০ কোটি টকাৰ ঘৰ চুবলৈ সক্ষম হৈছে।
ভাৰতত প্ৰথম দিনাই ৬৬.৭৫ কোটি টকা সংগ্ৰহ কৰি 'Drishyam 3: The Conclusion'- এ অজয় দেৱগনৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ প্ৰথম দিনা সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছে। এই ছবিখনে তেওঁৰ পূৰ্বৰ ৰেকৰ্ডধাৰী ছবি 'সিংহাম এগেইন'ক অতি সহজে পিছ পেলাইছে, যিয়ে প্ৰথম দিনা প্ৰায় ৪৩.৫ কোটি টকা উপাৰ্জন কৰিছিল। অভিনেতাগৰাকীৰ কেৰিয়াৰৰ শীৰ্ষ পাঁচখন আটাইতকৈ ডাঙৰ অপেনাৰ ছবিৰ ভিতৰত আনকেইখন হৈছে 'সিংহাম ৰিটাৰ্ণছ' (৩২.১ কোটি টকা), 'গোলমাল এগেইন' (৩০.১৫ কোটি টকা) আৰু 'ৰেড ২' (১৯.২৫ কোটি টকা)।
শুক্ৰবাৰে, এই থ্ৰীলাৰ ছবিখনে সামগ্ৰিকভাৱে ৬৭.০৮ শতাংশ দৰ্শকৰ উপস্থিতি লাভ কৰে। ৰাতিপুৱাৰ শ্ব'সমূহত ৪৬.৩৮ শতাংশ উপস্থিতি থকাৰ বিপৰীতে আবেলি ৭০.১৫ শতাংশ বৃদ্ধি হয়। ইয়াৰ পিছত সন্ধিয়া ৭৫.৩১ শতাংশ আৰু নিশাৰ শ্ব'সমূহত এই উপস্থিতি ৭৬.৪৬ শতাংশলৈ বৃদ্ধি হয়।
'Drishyam-3' হ’ল অজয় দেৱগনৰ হিন্দী দৃশ্যম ফ্ৰেঞ্চাইজিৰ তৃতীয়টো সংস্কৰণ, যিখন ২০১৫ চনৰ 'Drishyam 1' আৰু ২০২২ চনৰ 'Drishyam 2' ৰ পৰৱৰ্তী ছবি। শেহতীয়াভাৱে মুক্তি পোৱা এই চলচ্চিত্ৰখনে ইয়াৰ পূৰ্বৱৰ্তী দুয়োখন ছবিৰে প্ৰথম দিনাৰ উপাৰ্জনৰ অভিলেখ অতি সহজতে অতিক্ৰম কৰিছে।
উল্লেখনীয় যে, যি সময়ত প্ৰথমখন 'Drishyam' ছবিয়ে প্ৰথম দিনা ৫.৮৫ কোটি টকা উপাৰ্জন কৰি পৰৱৰ্তী সময়ত বিশ্বজুৰি মুঠ ১১০ কোটি টকাৰ ব্যৱসায় কৰিছিল, তাৰ বিপৰীতে 'Drishyam 2' ছবিখনে প্ৰথম দিনাই ১৫.৩৮ কোটি টকাৰ মুকলি কৰি থিয়েটাৰত চলি থকাৰ শেষলৈকে বিশ্বজুৰি মুঠ ৩৪২ কোটি টকাৰ এক বৃহৎ ধন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।