জানিব পৰা মতে, নিশা প্ৰায় ৯.১৫ বজাত বিমানবন্দৰৰ টেক্সিৱেৰে (Taxiway) গৈ থকা অৱস্থাত পানামা চিটিৰ পৰা ১৬৬গৰাকী যাত্ৰী আৰু ছগৰাকী কৰ্মচাৰী কঢ়িয়াই অনা Copa Airlinesৰ এখন Boeing 737 বিমানৰ উইঙৰ আগভাগ UPSৰ এখন মালবাহী Boeing 767 বিমানৰ সন্মুখভাগত খুন্দা মাৰে।
এই সংঘৰ্ষত দুগৰাকী লোক আহত হোৱা বুলি Copa Airlinesৰ তৰফৰ পৰা সদৰী কৰা হৈছে । পানামাস্থিত বিমান সংস্থাটোৱে এক বিবৃতিত কয় যে, সংঘৰ্ষৰ পিছত বিমানখন টাৰ্মিনেলত উপস্থিত কৰা হয় আৰু সকলো যাত্ৰীকে সুকলমে বিমানৰ পৰা নমাই অনা হয়। ইয়াৰে দুগৰাকী যাত্ৰীয়ে বিমানবন্দৰৰ জৰুৰীকালীন চিকিৎসাকৰ্মীৰ পৰা চিকিৎসা সেৱা গ্ৰহণ কৰে। প্ৰাৰম্ভিক তথ্য অনুসৰি, তেওঁলোকৰ আঘাত গুৰুতৰ নহয়।
আনহাতে, বাকী যাত্ৰীসকলৰ লগতে বিমানখনৰ ছগৰাকী কৰ্মচাৰীও সুস্থ অৱস্থাত আছে বুলি বিমান সংস্থাটোৱে জানিবলৈ দিয়ে।
বিবৃতিটোত বিমান সংস্থাটোৱে কয়, "এই ঘটনাৰ ফলত যাত্ৰীসকলৰ মাজত সৃষ্টি হোৱা অসুবিধা আৰু উদ্বেগৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ। যাত্ৰী আৰু বিমান কৰ্মচাৰীসকলৰ সুৰক্ষাই আমাৰ প্ৰাথমিকতা। এই ঘটনাৰ তদন্তত আমি কৰ্তৃপক্ষক সম্পূৰ্ণ সহযোগিতা আগবঢ়াম।”

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।