নিউজ ডেস্ক : আহি আছে সাগৰীয় ঘুৰ্ণী বতাহ ‘চাম্পি’ (Typhoon Champi) । সেয়ে টাইৱানৰ কেন্দ্ৰীয় বতৰ বিজ্ঞানীয়ে ঘুৰ্ণী বতাহ ‘চাম্পি’ আগমনৰ পৰিপ্ৰেক্ষিতত সাগৰ আৰু স্থলভাগ দুয়োৰে বাবে সতৰ্কবাণী জাৰি কৰি ৰাখিছে । চাম্পি বৰ্তমান ইলানৰ (Yilan) দক্ষিণ-পূবত অৱস্থিত আৰু ই উত্তৰ-পশ্চিম আৰু তাৰ পিছত উত্তৰ-পূব দিশলৈ গতি কৰিছে । ইয়াৰ ধুমুহাৰ প্ৰভাৱ টাইৱানত দেখিবলৈ পোৱা গৈছে ।
কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, চাম্পিয়ে শুক্ৰবাৰে আবেলিৰ পৰা সন্ধিয়াৰ ভিতৰত উত্তৰ-পূব উপকূলৰ ফালে অগ্ৰসৰ হোৱাৰ লগে লগে ইয়াৰ গতি মন্থৰ হোৱাৰ সম্ভাৱনা আছে । গতিকে, বৰ্তমানৰ মূল্যায়ন অনুসৰি ই স্থলভাগত আঘাত কৰাৰ (landfall) সম্ভাৱনা কম।
শনিবাৰে পুৱা আটাইতকৈ বেছি বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু নিশাৰ ভিতৰত ধুমুহা দ্বীপটোৰ পৰা আঁতৰি যাব । ৰাষ্ট্ৰসংঘৰ এটা সংস্থা ‘বিশ্ব বতৰ বিজ্ঞান সংগঠন’ (World Meteorological Organization) ৰ দ্বাৰা প্ৰস্তুত কৰা এখন তালিকাৰ পৰা ঘুৰ্ণীবতাহসমূহৰ নামাকৰণ কৰা হয় । সদস্য ৰাষ্ট্ৰসমূহে এই নামবোৰ জমা দিয়ে । ইয়াৰে কিছুমান নাম ইংৰাজীত, যেনে—ডলফিন (Dolphin)।
সাগৰীয় ঘুৰ্ণীবতাহৰ বাবে ধ্বংসলীলা সৃষ্টি কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ১০০ৰো অধিক বিমান উৰণ বাতিল কৰা হৈছে । বৰ্তমান বিশ্বজুৰি বিভিন্ন ধৰণৰ বতৰ পৰিৱৰ্তনৰ ঘটনা দেখিবলৈ পোৱা গৈছে । ইয়াৰ ভিতৰ আছে পূব প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অধিক ঘুৰ্ণী বতাহ সক্ৰিয়তা দেখা গৈছে । ইণ্ডোনেছিয়াৰ অৰণ্যসমূহ ক্ৰমান্বয়ে শুকান আৰু উষ্ণ হৈ পৰাৰ বাবে দেশখনে বিগত এক দশকতকৈও অধিক সময়ৰ ভিতৰত আটাইতকৈ ভয়াৱহ বনজুইৰ সৈতে যুঁজিছে । বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত ভাৰতত কৃষি কাৰ্য বিপদাপন্ন হৈ পৰিছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।