Monday, 23 November 2026
লগইন
ব্ৰেকিং

আপাৰ চিয়াং মাল্টিপাৰ্পজ প্ৰজেক্টলৈ অভয়বাণী গৃহমন্ত্ৰী অমিত শ্বাহৰ

চিয়াঙবাসীক অভয়বাণী গৃহমন্ত্ৰী অমিত শ্বাহৰ

নিউজ ডেস্ক : অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত ১১,২০০ মেগাৱাট ক্ষমতাসম্পন্ন আপাৰ চিয়াং মাল্টিপাৰ্পজ প্ৰজেক্টৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাটাও তাতপৰ্যপূৰ্ণ মন্তব্য কৰিছে ।
অৰুণাচল প্ৰদেশ ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে স্থানীয় লোকসকলক আশ্বাস দিয়ে যে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ পৰম্পৰা, সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাস সুৰক্ষিত কৰিব।
ইটানগৰৰ সমীপৰ বান্দৰদেৱাস্থিত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত ভাষণ দি শ্বাহে কয়, "মই চিয়াং অঞ্চলৰ লোকসকলৰ আৱেগ আৰু আশংকাৰ বিষয়ে অৱগত, আৰু আপোনালোকৰ উদ্বেগসমূহ পোনপটীয়াকৈ সমাধান কৰিবলৈ মই অৰুণাচল প্ৰদেশলৈ আহিছো ।" 
উত্থাপিত কিছুমান উদ্বেগ যে "গুৰুত্বপূৰ্ণ", সেই কথা স্বীকাৰ কৰি শ্বাহে বাসিন্দাসকলক আশ্বাস দিয়ে যে চৰকাৰ স্থানীয় জনগোষ্ঠীসমূহৰ আকাংক্ষাৰ বিষয়ে সচেতন।
তেওঁ লগতে কয়, "মই চিয়াঙৰ মোৰ ভাই-ভনীসকলক আশ্বাস দিব বিচাৰো যে আমি ইতিবাচক আলোচনাৰ জৰিয়তে আগবাঢ়ি যোৱাৰ পথ উলিয়াম । আপোনালোকে এই বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই ।”
লগতে পঢ়ক,”স্থানীয় সংস্কৃতিৰ প্ৰতি আপোনালোকৰ যি সন্মান আছে, চৰকাৰ আৰু মোৰো একেধৰণৰ সন্মান আছে । এই ঠাইৰ পৰম্পৰা, সংস্কৃতি আৰু ধৰ্মৰ সৈতে কোনো আপোচ নকৰাকৈ আমি আগবাঢ়িম।"
এই বিষয়টোত প্ৰথমবাৰৰ বাবে ৰাজহুৱা মন্তব্য আগবঢ়োৱা গৃহমন্ত্ৰীগৰাকীয়ে ৰাইজক অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'বলৈ আৰু ৰাজ্য প্ৰশাসনৰ জৰিয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক নিজৰ উদ্বেগসমূহ অৱগত কৰিবলৈ আহ্বান জনায়।
##Amit Shah #Siang Upper Multipurpose Project #arunachal pradesh

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।