Friday, 20 November 2026
লগইন

মণিপুৰৰ কুকি-জো সম্প্ৰদায়ক কেন্দ্ৰীয় শাসিত ৰাজ্য প্ৰদানৰ দাবী ইনপি মণিপুৰৰ

পৃথক বিধানসভা লাগে মণিপুৰৰ কুকি-জো

নিউজ ডেস্ক: কুকি-জো সম্প্ৰদায়ৰ বাবে বিধানসভাৰ সৈতে এক পৃথক প্ৰশাসনৰ দাবী কুকি ইনপি মণিপুৰৰ । ভাৰতীয় সংবিধানৰ অধীনত কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা বিচাৰিছে সংগঠনটোৱে । উল্লেখ্য যে, ২০২৬ চনৰ ১৩ৰ পৰা ১৬ নৱেম্বৰৰ ভিতৰত সংগঠনটোৱে সাধাৰণ নাগৰিকৰ হত্যাকাণ্ডত সম্প্ৰদায়টো জড়িত থকাৰ অভিযোগ নাকচ কৰে । পক্ষপাত প্ৰতিবেদনক লৈ মণিপুৰ আৰক্ষীক ৭২ ঘণ্টাৰ চৰম সময়সীমা বান্ধি দিয়ে সংগঠনটোৱে ।

কুকি ইনপি মণিপুৰে কুকি-জো সম্প্ৰদায়ৰ ভূমি, পৰিচয় আৰু নিৰাপত্তা সুৰক্ষিত কৰাৰ বাবে পৃথক প্ৰশাসনৰ দাবীক এক "অস্তিত্বৰ বাবে অপৰিহাৰ্য" বিষয় হিচাপে অভিহিত কৰিছে। KIM-এ ভাৰতীয় সংবিধানৰ অধীনত বিধানসভাৰ সৈতে এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ আহ্বান জনাইছে। সংগঠনটোৱে যুক্তি দিছে যে "শাৰীৰিক, প্ৰশাসনিক আৰু ৰাজনৈতিক পৃথকীকৰণ"ৰ পৰিস্থিতিত সম্প্ৰদায়টোৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰি।
সংগঠনটোৱে কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদাৰ বাবে নতুন দিল্লীস্থিত গৃহ পৰিক্ৰমা মন্ত্ৰণালয়তো আবেদন জনাইছে ।
##bigupdate #newsupdate #kuki #manipur #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।