Friday, 20 November 2026
লগইন
ব্ৰেকিং

মণিপুৰত অব্যাহত হিংসাত্মক ঘটনা, দুৰ্বৃত্তৰ গুলীত নিহত মহিলা

অব্যাহত হিংসাত্মক ঘটনা

নিউজ ডেস্ক : মণিপুৰত অব্যাহত আছে হিংসাত্মক ঘটনা । বৃহস্পতিবাৰে সেনাপতি-কাংপোকপি জিলাৰ সীমান্তৱৰ্তী তাফৌ কুকি গাঁৱত দুৰ্বৃত্তৰ গুলীচালনাত এগৰাকী ৪০ বছৰীয়া মহিলা নিহত হোৱাৰ লগতে আন দুজন লোক আহত হয়। এই গুলীচালনাৰ ফলত কৃষকসকলে ধাননি পথাৰ এৰি পলায়ন কৰিবলগীয়া হয় আৰু ২ নং ৰাষ্ট্ৰীয় ঘাইপথত আতংকৰ সৃষ্টি হয় ।

আৰক্ষীৰ তথ্য অনুসৰি, পুৱা প্ৰায় ১১ বজাত এই গুলীচালনাৰ ঘটনাটো সংঘটিত হয়। তাফৌ গাঁৱৰ বাসিন্দা থাংগো চৌংলয়ৰ পত্নী কিমনেইনেং চৌংলয় গুলিবিদ্ধ হৈ থিতাতে নিহত হয়।

আহত ব্যক্তি দুজন ক্ৰমে চেহনগাম চৌংলয় ওৰফে ডেভিদ আৰু লামখোচন চৌংলয় বুলি চিনাক্ত কৰা হৈছে, দুয়োজনেই তাফৌ গাঁৱৰ বাসিন্দা। এই ঘটনাত তেওঁলোকো গুলিবিদ্ধ হৈ আহত হয়।

প্ৰাপ্ত তথ্য মতে, গাঁওবাসীয়ে ধান কাটি থকাৰ সময়তে এই গুলীচালনাৰ সূত্ৰপাত ঘটে। গুলীৰ শব্দ শুনি কৃষকসকলে নিৰাপদ স্থানলৈ পলায়ন কৰাত অঞ্চলটোত ধান কটা কাম ব্যাহত হৈ পৰে।

উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গাঁওবাসীয়ে যাত্ৰীসকলক ২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই স্পৰ্শকাতৰ অংশটোৰে যাত্ৰা নকৰিবলৈ সতৰ্ক কৰি দিয়ে।

যোৱা ২৮ অক্টোবৰত নিখোজ হোৱাৰ পাছত তাফৌ কুকি গাঁৱৰ দুজন কুকি যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হোৱা উত্তেজনাৰ কেইদিনমান পাছতেই বৃহস্পতিবাৰৰ এই ঘটনাটো সংঘটিত হয়।

যোৱা ১ নৱেম্বৰত চলোৱা তালাচী অভিযানত পাওগিনলাল হাংছিং (২০) আৰু টিংগিনলুন চৌংলয়ৰ (২০) মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এছ পি ৰোডৰ কাষৰ ২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পূব দিশৰ এটা অঞ্চলৰ পৰা তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

এই হত্যাকাণ্ডৰ পাছত কাংপোকপিত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয় আৰু চৰকাৰে তেওঁলোকৰ দাবী চনদ পূৰণ নকৰালৈকে 'কমিটী অন ট্ৰাইবেল ইউনিটি' (CoTU)-এ মৃতদেহ দুটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
##bigupdate #newsupdate #kuki #manipur #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।