Friday, 20 November 2026
লগইন
ব্ৰেকিং

অডিশ্যনৰ প্ৰলোভন দি বেংগালুৰুলৈ নিয়া নাবালিকাক মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ

দুষ্টচক্ৰৰ কবলৰ পৰা উদ্ধাৰ নাবালিকাক

 নিউজ ডেস্ক : নেমাৰ অডিচনৰ প্ৰলোভন দি বেংগালুৰুলৈ লৈ যোৱাৰ পিছত নিৰুদ্দেশ হোৱা আগৰতলাৰ এগৰাকী নাবালিকাক সমাজকৰ্মী, তেওঁৰ পিতৃ আৰু এটা সামাজিক সংগঠনৰ সদস্যসকলৰ সমন্বিত প্ৰচেষ্টাত উদ্ধাৰ কৰি পৰিয়ালৰ সৈতে পুনৰ মিলিত কৰোৱা হৈছে।

তথ্য অনুসৰি, ১৩ অক্টোবৰত নিৰুদ্দেশ হোৱা কিশোৰীগৰাকীক নিশিমা বেন নামৰ এগৰাকী মহিলাই অডিশ্যনৰ বাবে বেংগালুৰুলৈ যাবলৈ প্ৰৰোচিত কৰাৰ অভিযোগ উঠিছে। কিশোৰীগৰাকীয়ে জনোৱা মতে, তেওঁ প্ৰথমে অকলে যাবলৈ অনিচ্ছুক আছিল যদিও মহিলাগৰাকীয়ে ১৫ দিনৰ পাছত তালৈ যাব বুলি আশ্বাস দিছিল। নিজৰ দুৰ্দশাৰ বৰ্ণনা দি নাবালিকাগৰাকীয়ে কয় যে, তাইক নিজৰ সোণৰ চেইনডাল বন্ধকত থৈ যাত্ৰাৰ বাবে টকা যোগাৰ কৰিবলৈ কোৱা হৈছিল।

নাবালিকাগৰাকীয়ে কয়, "মোক মোৰ সোণৰ চেইনডাল বিক্ৰী কৰি সেই টকাৰে তালৈ যাবলৈ কৈছিল। ইয়াৰ পিছতে যুৱৰাজ চৌধুৰীয়ে মোৰ সোণৰ চেইনডাল বন্ধকত ৰাখি মোক ৩০,০০০ টকা দিছিল। তেওঁ মোৰ বিমানৰ টিকটো বুক কৰি দিছিল।"

অৱশ্যে বেংগালুৰুত উপস্থিত হোৱাৰ পিছত নাবালিকাগৰাকীয়ে অভিযোগ কৰে যে তেওঁক বিমানবন্দৰৰ পৰা নি এক অচিনাকি স্থানলৈ লৈ যোৱা হৈছিল। প্ৰথম অৱস্থাত তেওঁক পিছদিনা আন এটা স্থানলৈ স্থানান্তৰ কৰা হ’ব বুলি কোৱা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁ জানিব পাৰে যে তাত কোনো চলচ্চিত্ৰৰ অডিশ্যন বা শ্বুটিং নাছিল।

"তেওঁ মোক কৈছিল যে তাত কোনো শ্বুটিং চলা নাই আৰু এইটোৱেই মই কৰিবলগীয়া কাম আছিল" বুলি নাবালিকাগৰাকীয়ে অভিযোগ উত্থাপন কৰে।

 লগতে নাবালিকাগৰাকীয়ে অভিযোগ কৰে যে তাইৰ মোবাইল ফোনটো নষ্ট কৰি ছিম কাৰ্ডখন উলিয়াই লোৱা হৈছিল, যাৰ ফলত পৰিয়ালৰ সৈতে তাইৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। তাই এইবুলিও অভিযোগ উত্থাপন কৰে যে ইয়াত জড়িত লোকসকলে তাইৰ পৰিয়ালৰ পৰা বাৰে বাৰে ধন দাবী কৰিছিল, আৰু এই ধনৰ পৰিমাণ প্ৰথমে ৫ লাখ টকাৰ পৰা ৮ লাখ টকালৈ আৰু পৰৱৰ্তী সময়ত ২ লাখ টকালৈ সলনি কৰিছিল।

তেওঁ নিশিমা বেন, যুৱৰাজ চৌধুৰী, নবীন চৌধুৰী আৰু ইনজামুল হকৰ নাম উল্লেখ কৰিছিল, যিসকলক তেওঁ এটা আশ্ৰমৰ সৈতে জড়িত বুলি দাবী কৰি উক্ত ঘটনাত জড়িত থকাৰ অভিযোগ তুলে। লগতে দাবী কৰে যে যুৱৰাজ আৰু নবীন দুয়ো ভায়েক আছিল আৰু তেওঁলোক আগৰতলাৰ বাসিন্দা।

নাবালিকাগৰাকীৰ পিতৃয়ে কয় যে তাই নিৰুদ্দেশ হোৱাৰ কিছু সময়ৰ পাছতেই পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপিছিল। পৰৱৰ্তী সময়ত তেওঁলোকক অৱগত কৰা হয় যে ১৩ অক্টোবৰৰ দুপৰীয়া প্ৰায় ১২:৪৫ বজাত তাই বাংগালুৰুলৈ যোৱা এখন বিমানত উঠিছিল।

নাবালিকাগৰাকীৰ সম্ভাৱ্য ঠিকনাৰ বিষয়ে তথ্য লাভ কৰি পৰিয়ালটোৱে ১৪ অক্টোবৰত মুম্বাইলৈ গৈছিল যদিও চাৰিদিন ধৰি বিচাৰ-খোঁচাৰ কৰাৰ পাছতো তাইৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে। পিতৃয়ে জনোৱা মতে তেওঁ ত্ৰিপুৰালৈ উভতি আহিছিল, কিন্তু প্ৰায় ১০ৰ পৰা ১৫ দিনৰ পাছত সুমিত নামৰ এজন সমাজকৰ্মীয়ে তেওঁক ফোন কৰি এটা স্থানৰ সন্ধান পোৱা বুলি জনায় আৰু তেওঁক বেংগালুৰুলৈ আহিবলৈ কয়।

উল্লেখ্য যে, বেংগালুৰুত তেওঁক হিন্দু মহাসংগঠনৰ সদস্য নাগেশৰ লগতে আন স্বেচ্ছাসেৱকসকলে সহায় কৰিছিল। অৱস্থানৰ তথ্যৰ ভিত্তিত দলটোৱে অৱশেষত নাবালিকাগৰাকীক বেংগালুৰু বিমানবন্দৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰৈৰ এখন ঠাইত বিচাৰি উলিয়ায়।

পিতৃজনে কয় যে, তেওঁৰ কন্যাক এজন ল’ৰাকে ধৰি আন কেইবাটাও শিশুৰ সৈতে পোৱা গৈছিল। তেওঁ অভিযোগ কৰে যে জীয়েকক উদ্ধাৰ কৰি নিজৰ বাহনত উঠোৱাৰ পাছত কিছুমান লোক তাত উপস্থিত হৈ শিশুসকলক লৈ যাবলৈ চেষ্টা কৰিছিল। সংগঠনটোৰ সদস্যসকলে হস্তক্ষেপ কৰি পৰিয়ালটোক সেই স্থানৰ পৰা ওলাই অহাত সহায় কৰে।

পুনৰ্মিলনক লৈ সকাহ প্ৰকাশ কৰি পিতৃগৰাকীয়ে কয় যে, এই হস্তক্ষেপে তেওঁৰ পৰিয়াললৈ অপৰিসীম আনন্দ কঢ়িয়াই আনিছে।

উদ্ধাৰ অভিযানৰ সৈতে জড়িত সমাজকৰ্মী খোকন চন্দ্ৰ পালে কয় যে বিষয়টো তেওঁলোকৰ সংগঠনৰ অধ্যক্ষৰ দৃষ্টিগোচৰ কৰা হৈছিল, যাৰ পিছত বেংগালুৰু আৰু মুম্বাইত থকা সংগঠনটোৰ নেটৱৰ্কসমূহৰ সৈতে যোগাযোগ কৰা হয়।

পালে অভিযোগ কৰে যে, নাবালিকাগৰাকী মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰিছিল আৰু কৈছিল যে চহৰ দুখনৰ সদস্যসকলৰ সৈতে সমন্বয় ৰক্ষা কৰি তাইৰ গতিবিধি নিৰীক্ষণ কৰা হৈছিল।

"আমি ছোৱালীজনীৰ গতিবিধি আৰু অৱস্থানৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিলোঁ আৰু সকলো প্ৰয়োজনীয় প্ৰচেষ্টাৰ সমন্বয় সাধন কৰিছিলোঁ। এই প্ৰচেষ্টাৰ ফলস্বৰূপে আমি দুদিন পূৰ্বে ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ" বুলি তেওঁ উল্লেখ কৰে।

তেওঁ লগতে ত্ৰিপুৰা প্ৰশাসনৰ ভূমিকাক স্বীকাৰ কৰি কয় যে মুখ্যমন্ত্ৰী মাণিক সাহাই গোচৰটো নিৰীক্ষণ কৰি আছিল। পালে কয় যে প্ৰশাসনে বিষয়টো সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

ৰাজ্যখনত সক্ৰিয় হৈ থকা কথিত মানৱ সৰবৰাহকাৰী চক্ৰৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি পালে দাবী কৰে যে শোষণৰ উদ্দেশ্যে ত্ৰিপুৰাৰ পৰা নাবালক ল'ৰা-ছোৱালীক দেশৰ আন প্ৰান্তলৈ আৰু বিদেশলৈ সৰবৰাহ কৰা হৈছে। তেওঁ অভিভাৱকসকলক সজাগ হৈ থাকিবলৈ আৰু সন্তানৰ সৈতে যোগাযোগ বজাই ৰাখিবলৈ আহ্বান জনায়, বিশেষকৈ যেতিয়া তেওঁলোকক ৰাজ্যৰ বাহিৰত চাকৰি বা আন সুযোগৰ প্ৰস্তাৱ দিয়া হয়।
##bigupdate #newsupdate #minorgirl #tripura #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।