নিউজ ডেস্ক : অসম-অৰুণাচলৰ সীমা বিবাদক লৈ বিশেষ আলোচনা । তিনিচুকীয়া জিলাৰ অন্তৰ্গত অসম-অৰুণাচল প্ৰদেশ আন্তঃৰাজ্যিক সীমান্তৰ তিনিটা সহমতত উপনীত হোৱা অংশৰ জৰীপ আৰু সীমা নিৰ্ধাৰণৰ বাবে প্ৰস্তুতি চলি আছে। ভাৰতীয় জৰীপ বিভাগে (Survey of India) অহা ২৫ ডিচেম্বৰৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি আশা কৰা হৈছে ।
প্ৰস্তাৱিত জৰীপৰ পূৰ্বে প্ৰশাসনিক, লজিষ্টিক (সা-সুবিধা) আৰু নিৰাপত্তাজনিত ব্যৱস্থাৱলী সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে নামচাইৰ গোল্ডেন পেগোডাত অসম আৰু অৰুণাচল প্ৰদেশৰ বিষয়াসকলৰ মাজত এখন প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়।
সম্ভাৱ্য সূচী অনুসৰি, ভাৰতীয় জৰীপ বিভাগে নামচাই-তিনিচুকীয়া অংশ, পাৰবুকৰ পৰা পাগলামলৈকে সামৰি লোৱা নামনি দিবাং উপত্যকা-তিনিচুকীয়া অংশ আৰু লোহিত-তিনিচুকীয়া অংশত সীমা নিৰ্ধাৰণৰ কাম হাতত ল’ব । উক্ত বৈঠকত তিনিচুকীয়াৰ জিলা আয়ুক্ত সুমিত চাত্তাৱান (আই.এ.এছ.), শদিয়াৰ সহ-জিলা আয়ুক্ত সিন্ধু এন ৰাঘৱন (আই.এ.এছ.), জ্যেষ্ঠ আৰক্ষী বিষয়াৰ লগতে দুয়োখন ৰাজ্যৰ অন্যান্য প্ৰতিনিধিসকল উপস্থিত থাকে।
জৰীপ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া, ভূমি ৰাজহ সহায়ক, জি.আই.এছ. (GIS) সহায়ক আৰু বন বিভাগৰ বিষয়াসকলকে ধৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী নিয়োগ কৰাৰ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়।
জৰীপৰ স্থান চিনাক্তকৰণ আৰু ক্ষেত্ৰ পৰ্যায়ত সমন্বয় সাধন কৰাৰ ক্ষেত্ৰত গাঁও প্ৰধান আৰু স্থানীয় প্ৰতিনিধিসকলক জড়িত কৰাৰ গুৰুত্বৰ ওপৰতো দুয়োটা প্ৰশাসনে আলোকপাত কৰে।
জৰীপকাৰী দলসমূহৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ লগতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) নিয়োগ কৰা হ’ব। জিলা প্ৰশাসনে থকাৰ ব্যৱস্থা আৰু ক্ষেত্ৰ পৰ্যায়ৰ সহায়কে ধৰি সকলো লজিষ্টিক সাহায্যও আগবঢ়াব।
২৫ ডিচেম্বৰৰ ভিতৰত জৰীপ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত সীমান্তৰ খুঁটা স্থাপনৰ কাম হাতত লোৱা হ’ব আৰু চিহ্নিত খণ্ডসমূহত এই কাম সম্পূৰ্ণ কৰাৰ বাবে ২০২৭ চনৰ ৩১ জানুৱাৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।