নিউজ ডেস্ক : ২০২ নং ৰাষ্ট্ৰীয় ঘাইপথত অব্যাহত থকা নিৰাপত্তাজনিত সমস্যাৰ বাবে মণিপুৰৰ উখৰুল আৰু কামজং জিলাৰ বাসিন্দাসকলে ইম্ফললৈ যাত্ৰা কৰিবলৈ অধিক দীঘলীয়া আৰু জৰাজীৰ্ণ ৰামভা-নাপেটপালি পথৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে, যাৰ ফলত পূৰ্বৰে পৰা কঠিন হৈ থকা এই যাত্ৰা যাত্ৰীসকলৰ বাবে এক বৃহৎ দুৰ্ভোগত পৰিণত হৈছে ।
বহুকেইখন ভিতৰুৱা গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা এই বিকল্প পথটো যোৱা ফেব্ৰুৱাৰী মাহত চলি থকা নগা-কুকি সংঘাতৰ মাজতে নতুনকৈ উত্তেজনা সৃষ্টি হোৱাৰ পৰাই এক গুৰুত্বপূৰ্ণ জীৱনৰেখা (লাইফলাইন) হিচাপে পৰিগণিত হৈছে। অৱশ্যে, পথটোৰ এক বৃহৎ অংশ এতিয়াও অতি শোচনীয় অৱস্থাত আছে, যাৰ ফলত যাত্ৰীসকলে খৰালি কালত ধূলি আৰু গাঁতৰ সন্মুখীন হোৱাৰ লগতে বাৰিষা কালত বোকা আৰু পিছল পথৰ বাবে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হয়।
তথ্য অনুসৰি, লিটান হৈ এনএইচ-২০২ (NH-202) ৰে ইম্ফলৰ পৰা উখৰুললৈ যোৱা সাধাৰণ যাত্ৰাটোত প্ৰায় তিনিৰ পৰা চাৰি ঘণ্টা সময় লাগে। অৱশ্যে, নিৰাপত্তাৰক্ষী আৰু এছকৰ্ট বাহন নিয়োগ কৰা সত্ত্বেও ঘাইপথটোত বাহনৰ ওপৰত হোৱা বাৰম্বাৰ আক্ৰমণৰ বাবে যাত্ৰীসকল এই পথটো ব্যৱহাৰ কৰিবলৈ শংকিত হৈ পৰিছে।
২০২৬ চনৰ ১৮ এপ্ৰিলত সন্দেহযুক্ত সশস্ত্ৰ উগ্ৰপন্থীয়ে ইম্ফলৰ পৰা উখৰুল অভিমুখে গৈ থকা ব্যক্তিগত আৰু যাত্ৰীবাহী বাহনত কাষৰীয়া পাহাৰীয়া অঞ্চলৰ পৰা অতৰ্কিতে আক্ৰমণ চলায়, যাৰ ফলত ভাৰতীয় সেনাৰ এজন অৱসৰপ্ৰাপ্ত জোৱানসহ দুজন সাধাৰণ নাগৰিক নিহত হয়।
২৯ মে’ত অচিনাক্ত বন্দুকধাৰীয়ে নিৰাপত্তা বেষ্টনীৰ মাজেৰে গৈ থকা ভাৰতীয় খাদ্য নিগমৰ (FCI) এখন চাউল কঢ়িওৱা ট্ৰাকত আক্ৰমণ চলায়, যাৰ ফলত ট্ৰাকখনৰ চালকজন নিহত হোৱা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, ৪ নৱেম্বৰত শেহতীয়া ঘটনাটো সংঘটিত হৈছিল, যেতিয়া এন এইচ-২০২ (NH-202) ৰ টি এম কাছম (TM Kasom) ৰ ওচৰত যাত্ৰীবাহী বাহন আৰু অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনৰ ওপৰত গুলীচালনা কৰা হৈছিল। এই ঘটনাত কোনো লোক হতাহত বা আহত হোৱাৰ খবৰ লাভ কৰা হোৱা নাই।
এই পৰিস্থিতিৰ মাজতে বাসিন্দাসকলে ৰামভা-নাপেটপালি পথটো অধিক ব্যৱহাৰ কৰিবলৈ লৈছে, যিটো পথেৰে ইম্ফল পাবলৈ প্ৰায় ছয়ৰ পৰা সাত ঘণ্টা সময় লাগে। একক লেনযুক্ত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ (PMGSY) এই পথটোৱে ইম্ফল পোৱাৰ আগতে শ্বকভাও, লুংফু, শ্বিংতা, মাৰৌ, শ্বিংকাপ, টাংখুল হুণ্ডুং, নংদাম, মৈৰাংপুৰেল, ৰিছ'ফুং, নংৰেন আৰু লেইকৈচিঙৰ দৰে গাঁওসমূহক সংযোগ কৰিছে।
উখৰুল হৈ ইম্ফললৈ যাত্ৰা কৰা সেনাপতি জিলাৰ লোকসকলৰ বাবেও এই পথটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। অৱশ্যে ইয়াৰ ঠেক আৰু ওখোৰা-মোখোৰা ভূখণ্ডৰ বাবে ই গধুৰ বাহন আৰু বাণিজ্যিক বাছ চলাচলৰ বাবে অনুপযোগী।
"ইম্ফললৈ যাত্ৰা কৰাটো এক শাস্তিলৈ পৰিণত হৈছে"
পথে- ঘাটে অৱনতি ঘটা আৰু যাত্ৰাৰ সময় বৃদ্ধি পোৱাৰ বাবে স্থানীয় অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পৰিছে। পূৰ্বে কৃষি সামগ্ৰী বিক্ৰী আৰু ব্যৱসায়-বাণিজ্য কৰিবলৈ নিয়মিতভাৱে ইম্ফললৈ যাত্ৰা কৰা পাহাৰীয়া জিলাসমূহৰ কৃষক আৰু ব্যৱসায়ীসকলে এতিয়া দুৰ্গম যাত্ৰাৰ বাবে অহা-যোৱাৰ সংখ্যা হ্ৰাস কৰিছে।
উখৰুল আৰু ইম্ফলৰ মাজত সঘনাই অহা-যোৱা কৰা যাত্ৰী আৱনে কয় যে নতুনকৈ সংকট আৰম্ভ হোৱাৰ পৰাই পাৰ্বত্য জিলাসমূহৰ বাসিন্দাসকলে তীব্ৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে। পথৰ শোচনীয় অৱস্থাৰ বাবে বিকল্প পথটোত দুৰ্ঘটনা সঘনাই সংঘটিত হৈ আহিছে, আৰু পথ দুৰ্ঘটনাত কিছুমান পৰিয়ালে আপোনজনক হেৰুওৱাৰো খবৰ পোৱা গৈছে।
লগতে আৱনে কয়, "দীঘলীয়া বাটটোৰে যোৱাটো মোৰ বাবে এক শাস্তিৰ দৰে হৈ পৰিছে। ৰাস্তাৰ অৱস্থা অতিশয় বেয়া আৰু এই বাটেৰে যোৱাটো কোনো হাবিৰ মাজেৰে 'অফ-ৰোডিং' (off-roading) কৰাৰ দৰে লাগে। মাত্ৰ এটা কামৰ বাবে ইম্ফললৈ যাবলৈ হ'লেও মই তাত কমেও দুই-তিনিদিন থাকিবলগীয়া হয়, কাৰণ দীঘলীয়া যাত্ৰাৰ বাবে আমি একেদিনাই উখৰুললৈ উভতি আহিব নোৱাৰোঁ।"
যাত্ৰীসকলৰ ওপৰত আৰ্থিক বোজাও যথেষ্ট বৃদ্ধি পাইছে। পূৰ্বে উখৰুলৰ পৰা ইম্ফললৈ যাত্ৰাৰ ভাড়া ৩০০ টকা আছিল যদিও এতিয়া প্ৰতিজন যাত্ৰীৰ বাবে এই ভাড়া ৭৫০ টকালৈ বৃদ্ধি পাইছে।
আৱনে কয় যে, বিকল্প পথটোত কোনো কুকি বসতি নাথাকিলেও বৰ্তমানৰ নিৰাপত্তাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাসিন্দাসকলক নিশাৰ ভাগত যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। অৱশ্যে, চিকিৎসা সংকটৰ সময়ত মানুহ কেতিয়াবা নিশাও যাত্ৰা কৰিবলৈ বাধ্য হয়।
ৰাগীযুক্ত বা যাতায়তৰ উপযোগী উন্নত পথ নিৰ্মাণ/উন্নয়নৰ দাবী
পথটোৰ ওপৰত বৰ্ধিত নিৰ্ভৰশীলতাৰ প্ৰতি লক্ষ্য ৰাখি উখৰুলৰ বিধায়ক ৰাম মুইভাহে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী যুমনাম খেমচান্দ সিঙলৈ পত্ৰ লিখি ৰাজ্য চৰকাৰক ৰামভা-নাপেটপালি পথটোক ৰাজ্যিক ঘাইপথলৈ উন্নীত কৰিবলৈ আৰু ইয়াক অন্ততঃ মধ্যমীয়া পথৰ মানদণ্ডলৈ বিকশিত কৰিবলৈ আহ্বান জনায় যদিও স্থানীয় নেতা আৰু বাসিন্দাসকলে কৰা কিছু সৰু-সুৰা মেৰামতিৰ বাহিৰে আজিলৈকে কোনো ডাঙৰ নিৰ্মাণ কাৰ্য হাতত লোৱা হোৱা নাই।
শেহতীয়াকৈ যাত্ৰীসকলৰ বাবে ২ নং ৰাষ্ট্ৰীয় ঘাইপথে (NH-202) নিৰাপত্তাজনিত শংকাৰ সৃষ্টি কৰি থকাৰ বাবে উখৰুল আৰু কামজঙৰ বাসিন্দাসকল ক্ৰমান্বয়ে ৰামভা-নাপেটপালি পথৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। তেওঁলোকৰ মতে, এই পথছোৱাৰ উন্নয়ন এতিয়া কেৱল আন্তঃগাঁথনিৰ দাবী হৈ থকা নাই, বৰঞ্চ নিৰাপদ যাতায়াত, স্বাস্থ্যসেৱা লাভ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহৰ বাবে ই এক জৰুৰী প্ৰয়োজনীয়তা হৈ পৰিছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।