Friday, 06 November 2026
লগইন
ব্ৰেকিং

আজি স্বামীগৃহ কৈলাশলৈ উভতিব মা দুৰ্গা

আজি বিজয়া দশমী

নিউজ ডেস্ক: আজি বিজয়া দশমী। বিজয়া দশমী হ'ল সনাতন ধৰ্মৰ অন্যতম পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ উৎসৱ, যিটোৱে মূলতঃ অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ আৰু অন্যায়ৰ ওপৰত ন্যায়ৰ জয়। ধৰ্মীয় বিশ্বাস অনুসৰি আজিৰ দিনটোত মা দুৰ্গা পিতৃগৃহ এৰি পুনৰ স্বামীগৃহ কৈলাশলৈ উভতি যায়। যাৰ বাবে নদীত দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয়। শাস্ত্ৰ আৰু লোক-পৰম্পৰা অনুসৰি এই দিনটোৰ বহু তাৎপৰ্য আছে।

দেৱী দুৰ্গাৰ মহিষাসুৰ বধ : পৌৰাণিক কাহিনী অনুসৰি, দুৰাচাৰী অসৰুৰাজ মহিষাসুৰে যেতিয়া স্বৰ্গ-মৰ্ত্য অধিকাৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, তেতিয়া সকলো দেৱতাৰ সন্মিলিত শক্তিৰ পৰা দেৱী দুৰ্গাৰ আৱিৰ্ভাৱ হৈছিল। ৯ দিন আৰু ৯ ৰাতি ধৰি চলা ভয়ংকৰ যুদ্ধৰ অন্তত দশম দিনা দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰি ধৰণীক পাপমুক্ত কৰে। এই বিজয়া উদযাপন কৰাৰ বাবেই এই দিনটোক 'বিজয়া দশমী' বুলি কোৱা হয়।

ভগৱান ৰামচন্দ্ৰৰ ৰাৱণ বধ : ভাৰতৰ উত্তৰ আৰু পশ্চিম প্ৰান্তত এই দিনটোক 'দশেৰা' বা 'দশহৰা' হিচাপে পালন কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, ভগৱান শ্ৰীৰামচন্দ্ৰই লংকাৰ ৰজা দশানন ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰিছিল আৰু লংকা জয় কৰিছিল। ৰাৱণৰ দহটা মূৰক কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য আদি দহটা মানৱীয় দোষৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে ৰাৱণ বধৰ জৰিয়তে মানুহক নিজৰ ভিতৰৰ বেয়া গুণবোৰ ধ্বংস কৰাৰ বাৰ্তা দিয়া হয়।

আধ্যাত্মিক তাৎপৰ্য: আধ্যাত্মিক দৃষ্টিকোণৰ পৰা, নৱৰাত্ৰিৰ ৯টা দিন মানুহৰ ভিতৰত থকা তিনিটা গুণ—তামাসিক, ৰাজসিক আৰু সাত্বিক গুণৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰাৰ প্ৰক্ৰিয়া। দশমীৰ দিনা মানুহে এই আটাইকেইটা গুণক অতিক্ৰম কৰি শুদ্ধ চেতনা আৰু আত্ম-জ্ঞান লাভ কৰে, যিটোৱেই প্ৰকৃততে অন্তৰাত্মাৰ 'বিজয়'।

সামাজিক আৰু পাৰিবাৰিক সম্প্ৰীতি: বিজয়া দশমীৰ দিনা মা দুৰ্গা মৰ্ত্যৰ পিতৃগৃহ এৰি পুনৰ কৈলাসলৈ উভতি যায় । বিবাহিত মহিলাসকলে দেৱীক বিদায় জনোৱাৰ লগতে স্বামী আৰু পৰিয়ালৰ মংগলৰ বাবে ইজনে সিজনক সেন্দূৰ পিন্ধায়। এই বিদায়ৰ দুখৰ মাজতো সমাজত একতাৰ বাৰ্তা বিয়পাই দিবলৈ পৰম্পৰাসমূহ পালন কৰা হয়। 

উল্লেখ্য যে, বিবাহিত মহিলাসকলে দেৱীক বিদায় জনোৱাৰ লগতে স্বামী আৰু পৰিয়ালৰ মংগলৰ বাবে এগৰাকীয়ে আনগৰাকীক সেন্দূৰ পিন্ধায়।

ইয়াৰোপৰি এই দিনটোত সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয় আৰু সমনীয়াৰ মাজত শুভেচ্ছা তথা আলিংগনৰ জৰিয়তে পুৰণি মতানৈক্য দূৰ কৰা হয়।

নতুন শিক্ষা আৰু ব্যৱসায়ৰ আৰম্ভণি : এই দিনটোক অত্যন্ত শুভ বুলি গণ্য কৰা হয় বাবে বহুবছৰ ধৰি চলি অহা পৰম্পৰা অনুসৰি শিশুসকলৰ 'বিদ্য়াৰম্ভ' বা হাতেখড়ি আজিয়েই দিয়া হয়। লগতে বহুতে নতুন ব্যৱসায়, বাহন ক্ৰয় বা যিকোনো শুভ কামৰ শুভাৰম্ভ কৰিবলৈ এই দিনটো বাছি লয়।
##bigupdate #newsupdate #durgapuja #goddessdurga #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।