Saturday, 07 November 2026
লগইন
ব্ৰেকিং

‘মোক প্ৰত্যাহ্বান জনাইছা নেকি?’ মাজতে মঞ্চ এৰি গ’ল ছেহৱাগ!

’ৰাইজ এণ্ড ফল ২’ ত উত্তেজনা

নিউজ ডেস্ক: ৰিয়েলিটী শ্ব’ ‘ৰাইজ এণ্ড ফল ২’ৰ সঞ্চালনাৰ দায়িত্বত আছে বীৰেন্দ্ৰ ছেহৱাগ। অনুষ্ঠানটোৰ শেহতীয়া খণ্ডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গৌতম গুলাটি আৰু মনীষ কাশ্যপৰ মাজত বাক-বিতণ্ডা আৰম্ভ হোৱাৰ পিছতে মঞ্চ এৰি ওলাই যায় ছেহৱাগ। পিছত গৌতমৰ বিৰুদ্ধে তেওঁক অসন্মান কৰাৰ অভিযোগো উত্থাপন কৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে। ঘটনাটোৰ একাধিক ভিডিঅ’ দ্ৰুতগতিত সমাজমাধ্যমত বিয়পি পৰে। গৌতমৰ আচৰণক লৈ দৰ্শকৰ এটা অংশই সমালোচনা কৰে।

মনীষৰ সৈতে বাক-বিতণ্ডা চলি থকাৰ সময়ত গৌতমক ছোফাৰ ওপৰত ভৰি তুলি থোৱা দেখা যায়। তেওঁৰ এই আচৰণতে ছেহৱাগ বিৰক্ত হৈছিল বুলি ধাৰণা কৰা হৈছে। ইয়াৰ পিছতে মঞ্চ এৰি ওলাই যায় সঞ্চালকগৰাকী। গৌতমে তেতিয়াও তৰ্ক অব্যাহত ৰখাত নীহাৰিকা তিৱাৰীয়ে কয়, “ছেহৱাগ ছাৰে মঞ্চ এৰি গুচি গ’ল! অথচ গৌতমজীয়ে তৰ্ক বন্ধ কৰাৰ নামেই লোৱা নাই।”

পিছত অৱশ্যে পুনৰ মঞ্চলৈ উভতি আহে ছেহৱাগ। গৌতম আৰু মনীষক উদ্দেশ্যি তেওঁ কয়, “আপোনালোকে জানে, এইদৰে কথা শুনাৰ অভ্যাস মোৰ নাই।” প্ৰতিযোগীসকলৰ আচৰণক লৈ ক্ষোভ প্ৰকাশ কৰি ছেহৱাগে আৰু কয়, “মোৰ ধাৰণা আছিল, এয়া C আখৰেৰে আৰম্ভ হোৱা চেলিব্ৰিটীসকলৰ অনুষ্ঠান। কিন্তু এতিয়া এনে লাগিছে, এয়া ‘C’ আখৰেৰে আৰম্ভ হোৱা ক্ৰিমিনেলসকলৰ অনুষ্ঠান।”

উল্লেখ্য যে, গৌতমৰ আচৰণক লৈও পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰে সঞ্চালকগৰাকীয়ে। তেওঁ কয়, “গৌতম, এয়া কেনেধৰণৰ আচৰণ? ইয়াত এজন সঞ্চালনা কৰিবলৈ আহিছে, আৰু তুমি এইদৰে ভৰি তুলি থিয় হৈ আছা !” তেওঁ আৰু কয়, “মোক প্ৰত্যাহ্বান জনাইছা, সেয়াও আকৌ মোকেই! এয়া মানি ল’ব নোৱাৰি।” প্ৰতিযোগীসকলে বাৰে বাৰে তেওঁৰ কথাৰ মাজতে বাধা দিয়াত বিৰক্তি প্ৰকাশ কৰে ছেহৱাগে। ঋষভ জয়ছোৱালক উদ্দেশ্যি তেওঁ কয়, “ঋষভ, তই ইয়ালৈ আহি যা, মই তাত বহি লওঁ।”

‘ৰাইজ এণ্ড ফল ২’ত গৌতমৰ আচৰণ দেখি এগৰাকী নেটিজেনে লিখিছে, “তথাকথিত ভদ্ৰলোকজনে সঞ্চালকক অসন্মান কৰিলে!” আন এগৰাকী নেটিজেনেও গৌতমৰ আচৰণক সমালোচনা কৰি লিখিছে, “গৌতমে আনক জ্ঞান দিছিল যে অতিথিৰ সন্মুখত কোনোবাই অভদ্ৰ আচৰণ কৰিলে তেওঁৰ ভাল নালাগে। অথচ আজি নিজেই ছেহৱাগক অসন্মান কৰিলে।”

প্ৰতিযোগীসকলৰ আচৰণক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে সীমা অতিক্ৰম নকৰিবলৈও সকীয়াই দিয়ে ছেহৱাগে। ইয়াৰ পিছতে তেওঁ নিজৰ কেৰিয়াৰৰ এটা অভিজ্ঞতাৰ কথা উল্লেখ কৰে। ছেহৱাগে জনোৱা মতে, ১৯৯৯ চনত অভিষেক মেচত পাকিস্তানৰ ক্ৰিকেটাৰ শ্বোৱেইব আখতাৰে হেনো তেওঁক গালি-গালাজ কৰিছিল। সেই সময়ত তেওঁ প্ৰত্যুত্তৰ নিদি নিজৰ খেলতহে মনোযোগ দিছিল। তাৰ পিছৰ টেষ্ট মেচখনতে ছেহৱাগে ৩০৯ ৰান সংগ্ৰহ কৰিছিল।
##virendersehwag # RiseandFall2

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।