Friday, 06 November 2026
লগইন
ব্ৰেকিং

অৰুণাচলত প্ৰায় ৪৫,০০০ বৰ্গমিটাৰ এলেকাত নিৰ্মাণ হ'ব যুদ্ধ স্মাৰক

১৯৬২ৰ ভাৰত-চীন যুদ্ধত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক : ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ত চীনা বাহিনীৰ বিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিয়া অসম ৰাইফলছৰ জোৱান স্মৃতিত অৰুণাচল প্ৰদেশৰ কেয়ী পান্যৰ (Keyi Panyor) জিলাত ৫ কোটি টকা ব্যয় সাপেক্ষে এখন যুদ্ধ স্মাৰক নিৰ্মাণ কৰি আছে । প্ৰায় ৪৫,০০০ বৰ্গমিটাৰ জুৰি পৰিকল্পনা কৰা এই স্মাৰকখনে সেনাৰ ত্যাগক স্মৰণ কৰাৰ লগতে দেশ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিকসকলৰ অৱদানক স্বীকৃতি দিব ।

সেনা তেবীৰ মৃত্যুৰ ৬৪ বাৰ্ষিকী উপলক্ষে ২০ অক্টোবৰত এই প্ৰকল্পটো বিশেষভাৱে চৰ্চালৈ আহে। ভাৰতীয় সেনাৰ জাট ৰেজিমেণ্টৰ ১৯ সংখ্যক বেটেলিয়ন, ইণ্ডো-তিব্বতীয় সীমান্ত আৰক্ষী (ITBP)ৰ জোৱান আৰু স্থানীয় ৰাইজে সৈনিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই । ৰাজ্য চৰকাৰে নিৰ্মাণকাৰ্যৰ প্ৰথম পৰ্যায়ৰ বাবে ৫ কোটি টকা আৱণ্টন দিছে ।

নামণি সোৱণশিৰি জিলাৰ ন্যেলাম গাঁৱৰ বাসিন্দা তেবীয়ে ৫ নং অসম ৰাইফলছত কৰ্মৰত আছিল আৰু ১৯৬২ চনত চীনা আক্ৰমণৰ সময়ত কামেং খণ্ডত যুদ্ধত থিতাতে নিহত হৈছিল। সামৰিক বিষয়াসকলৰ মতে, ১৯ অক্টোবৰত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল আৰু তাৰ পিছদিনা তেওঁ মৃত্যু হৈছিল ।

৬০ সংখ্যক আইটিবিপি বেটেলিয়নৰ কমাণ্ডেণ্ট থাংলিয়ান মাঙে চীনা বাহিনীৰ অগ্ৰগতিৰ সময়ত তেবীৰ সাহসৰ কথা সোঁৱৰণ কৰে আৰু কয় যে এই স্মাৰকখনে দেশ ৰক্ষাৰ বাবে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা সৈনিকসকলৰ ঐতিহ্য ৰক্ষা কৰাত সহায় কৰিব।

জাট ৰেজিমেণ্টৰ ১৯ সংখ্যক বেটেলিয়নৰ মেজৰ ভানু মহে তেবীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি প্ৰতিকূল পৰিস্থিতিৰ মাজতো যুঁজ দিয়াৰ তেওঁৰ দৃঢ়তাৰ কথা সোঁৱৰণ কৰে। তেওঁ কয় যে এই স্মাৰকখনে ১৯৬২ চনৰ যুদ্ধত যুঁজা সৈনিকসকলৰ ত্যাগক স্বীকৃতি দিব, য'ত বিশেষভাৱে মনোযোগ দিয়া হ’ব তেবীৰ ওপৰত, যাৰ অৱদান নিজৰ গৃহ ৰাজ্যতে বছৰ বছৰ ধৰি তুলনামূলকভাৱে অজ্ঞাত হৈ আছিল ।
##bigupdate #newsupdate #assamrifles #arunachalpradesh #warmemorial #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।