ইয়াৰ প্ৰত্যুত্তৰত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে মন্তব্য কৰে— “আমি সকলো কথা জানো।” একে সময়তে শীৰ্ষ আদালতে স্পষ্ট কৰি দিয়ে যে SIRৰ সৈতে জড়িত সকলো পদক্ষেপ পৰ্যালোচনা কৰা হ’ব।
মঙলবাৰে উচ্চতম ন্যায়ালয়ত SIR সম্পৰ্কীয় গোচৰৰ শুনানি আৰম্ভ হোৱাৰ পূৰ্বে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা উক্ত শপতনামাখন দাখিল কৰা হয়। শপতনামাখনত কোৱা হয় যে আয়োগৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কোনো মতভেদ নাই। সংবিধানৰ বিধি অনুসৰণ কৰিয়েই সকলো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
কোনো বিষয়ত ভিন্নমত থকাটোৱেই মতবিৰোধৰ অৰ্থ নহয় বুলি উল্লেখ কৰি শপতনামাখনত নিৰ্বাচন আয়োগে কয়, ‘কোনো সিদ্ধান্ত গ্ৰহণৰ সন্দৰ্ভত আলোচনা চলি থকাৰ সময়ত সদস্যসকলৰ মাজত বিভিন্ন মতামত বা প্ৰশ্ন থাকিব পাৰে। কিন্তু তাক মতবিৰোধ বুলি চিহ্নিত কৰাটো উচিত নহয়।’
আয়োগৰ দাবী অনুসৰি, নিয়ম অনুসৰি প্ৰথমে ফাইল নিৰ্বাচন আয়ুক্তসকলৰ ওচৰলৈ যায় আৰু তাৰ পিছত মুখ্য নিৰ্বাচন আয়ুক্তৰ ওচৰ পায়গৈ। জৰুৰীকালীন পৰিস্থিতিত অনলাইনযোগেও অনুমোদন লোৱা হয় আৰু পৰৱৰ্তী সময়ত সেই অনুমোদন নথিভুক্ত কৰা হয়।
কোনো ফাইলত নিৰ্বাচন আয়ুক্তসকলে লিখা টোকা বা প্ৰশ্নক আয়োগৰ চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰিব নোৱাৰি। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ ভিত্তিতেই গোচৰসমূহ ৰুজু কৰা হৈছে বুলিও দাবী কৰিছে নিৰ্বাচন আয়োগে। আয়োগে কোনো আভ্যন্তৰীণ নথি সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ অনুমতি দিয়া নাছিল বুলিও শপতনামাখনত উল্লেখ কৰা হৈছে।
নিৰ্বাচন আয়োগে দাখিল কৰা শপতনামাৰ সবিশেষ প্ৰত্যুত্তৰ দিয়াৰ বাবে গোচৰকাৰীসকলৰ অধিবক্তাই আদালতৰ পৰা ১০ দিনৰ সময় বিচাৰে। মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠে সেই আবেদন মঞ্জুৰ কৰে। গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ১৭ নৱেম্বৰ ধাৰ্য কৰা হৈছে।
SIRত অনিয়মৰ অভিযোগ, ফৰ্ম ৬-ৰ ক্ষেত্ৰত নিয়মৰ পৰিৱৰ্তন আৰু একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগকে ধৰি কেইবাটাও বিষয়ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। সেই গোচৰসমূহ একত্ৰিত কৰি মঙলবাৰে উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ হয়।
মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনৰ খণ্ড বিচাৰপীঠে এই গোচৰসমূহৰ শুনানি গ্ৰহণ কৰে।
উল্লেখ্য যে, সোমবাৰে উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগে দাখিল কৰা শপতনামাখনত উল্লেখ কৰা হৈছিল যে, ২০২৫ চনৰ জুন, ২০২৫ চনৰ অক্টোবৰ আৰু ২০২৬ চনৰ মে’ মাহত SIR সন্দৰ্ভত জাৰি কৰা তিনিখন নিৰ্দেশ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছিল।
ইয়াৰ উপৰি, ফৰ্ম ৬ সংশোধন কৰাৰ অভিযোগো খাৰিজ কৰিছে নিৰ্বাচন আয়োগে। আয়োগৰ বক্তব্য অনুসৰি, ফৰ্মখন সংশোধন কৰাৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে। SIRৰ বাবে ব্যৱহাৰ কৰা ঘোষণাপত্ৰখন এখন পৃথক নথি। অৱশ্যে, অনলাইন আবেদনৰ সৈতে ঘোষণাপত্ৰখন যিদৰে দেখুওৱা হৈছিল, তাৰ ফলত ফৰ্ম ৬ সংশোধন কৰা হৈছে বুলি কোনোবাই ভাবিব পাৰে বুলিও আয়োগে স্বীকাৰ কৰিছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।