Friday, 06 November 2026
লগইন
ব্ৰেকিং

শনিবাৰে পুনৰ প্ৰতিবাদৰ আহ্বান CJP ৰ, উপস্থিত থাকিব দীপকেও

পুনৰ ৰাজপথত নামিব CJP !

নিউজ ডেস্ক : ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) বাতিলৰ দাবীত পুনৰ নতুনকৈ আন্দোলন আৰম্ভ কৰিছে ককৰোচ জনতা পাৰ্টিয়ে। এইবাৰ কেৰালাত প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে দলটোৱে। শনিবাৰে, ৭ নৱেম্বৰত কোচিৰ ৰাজেন্দ্ৰ ময়দানত এছআইআৰবিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিব চিজেপিৰ মুৰব্বী অভিজীত দীপকেও। অৱশ্যে দলটোৰ আন দুটা পৰিচিত মুখ সৌৰভ দাস আৰু আশুতোষ ৰাংকা কেৰালাৰ এই কাৰ্যসূচীত উপস্থিত নাথাকে।

সামাজিক মাধ্যমযোগে বৃহস্পতিবাৰে CJP ৰ তৰফৰ পৰা নতুন প্ৰতিবাদী কাৰ্যসূচীৰ কথা ঘোষণা কৰা হৈছে। এই কাৰ্যসূচীৰ নাম দিয়া হৈছে ‘কোচিত যন্তৰমন্তৰ’। চিজেপিয়ে লিখিছে, ‘‘গণতন্ত্ৰক ৰক্ষা কৰক। এছআইআৰ বাতিল কৰক। ৭ নৱেম্বৰৰ বিয়লি ৪ বজাত কোচিৰ ৰাজেন্দ্ৰ ময়দানত আমাৰ সৈতে যোগদান কৰক।’’

উক্ত কাৰ্যসূচীত দীপকৰ উপৰি উপস্থিত থাকিব CJPৰ ছাউথ জ’নৰ মুৰব্বী বিজয় মাল্লাংগী আৰু দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক আফৰিন নৱাজ । উল্লেখ্য যে, SIR ৰ বিৰোধিতা আৰু দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰমন্তৰত প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছিল দীপকেৰ দলে। কিন্তু মুম্বাইৰ পৰা তেওঁলোকৰ বিমান দিল্লীত অৱতৰণ কৰাৰ লগে লগেই আৰক্ষীয়ে তিনিওগৰাকী নেতাক গ্ৰেপ্তাৰ কৰে। পিছত শান্তি-শৃংখলা ভংগ নকৰাৰ চৰ্তত তেওঁলোকক মুকলি কৰি দিয়া হৈছিল।

কিন্তু তাৰ কিছুদিন পিছতে সৌৰভ আৰু ৰাংকাই ৰাষ্ট্ৰীয় পতাকা লৈ লোহাৰ গেট পাৰ হৈ যন্তৰমন্তৰত প্ৰৱেশ কৰে। আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে। বৰ্তমান দুয়োগৰাকীয়েই জামিনত মুকলি হৈ আছে। সেই ঘটনাৰ পিছত এইবাৰেই প্ৰথমবাৰৰ বাবে কোনো বৃহৎ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে CJP য়ে।

কিছুদিন পূৰ্বে দিল্লীৰ ৰামলীলা ময়দানত জ্ঞানেশৰ বিৰুদ্ধে আৰু SIR বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰিছিল কংগ্ৰেছ নেতৃত্বাধীন বিজেপিবিৰোধী মিত্ৰজোঁটে। এই কাৰ্যসূচীত ছাত্ৰ সংগঠনসমূহেও অংশগ্ৰহণ কৰিছিল। কিন্তু সেই কাৰ্যসূচীৰ পৰা দূৰত্ব বজাই ৰাখিছিল CJP য়ে।

দীপকেই জনায় যে তেওঁ এই আন্দোলনক সমৰ্থন কৰে। অৱশ্যে তেওঁ প্ৰত্যক্ষভাৱে আন্দোলনত অংশগ্ৰহণ নকৰে। কাৰণ, ইয়াৰ ফলত চিজেপিৰ নিৰপেক্ষ ভাবমূৰ্তি ক্ষুণ্ণ হ’ব পাৰে। ইয়াৰ কিছুদিন পিছতে কোচিক ‘যন্তৰমন্তৰ’লৈ ৰূপান্তৰিত কৰাৰ আহ্বান জনালে দীপকৰ দলটোৱে।
##cjp #likelyprotest #againstgovt #cjpleader # ৰামলীলাময়দান #গণতন্ত্ৰকৰক্ষাকৰক

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।