Friday, 06 November 2026
লগইন
ব্ৰেকিং

কৰ্মভূমি এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড! জুইত জাহ গ’ল কমেও ৪টা দবা

কৰ্মভূমি এক্সপ্ৰেছত অগ্নিকাণ্ড

নিউজ ডেস্ক : পঞ্জাৱৰ অমৃতসৰৰ পৰা পশ্চিমবংগৰ নিউ জলপাইগুৰি (এনজেপি) ষ্টেচনলৈ আহি থকা কৰ্মভূমি এক্সপ্ৰেছত অগ্নিকাণ্ড। ক’লা ধোঁৱাৰে ঢাক খালে আকাশ। ৰে’লখনৰ কমেও চাৰিটা দবা জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে। ঘটনাত কেইবাজনো যাত্ৰী আহত হয়। অৱশ্যে এই পৰ্যন্ত কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই। কিহৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল, সেই সন্দৰ্ভত তদন্ত চলি আছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু ৰে’লৱেৰ বিষয়াসকল উপস্থিত হয়। দীৰ্ঘসময়ৰ প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ অনা হয়।

ইতিমধ্যে কৰ্মভূমি এক্সপ্ৰেছত সংঘটিত অগ্নিকাণ্ডৰ ছবি আৰু ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে। তাত দেখা গৈছে যে ৰে’লখনৰ কেইবাটাও দবাত দাউদাউকৈ জুই জ্বলি আছে। দবাকেইটাৰ পৰা ওলোৱা ক’লা ধোঁৱাই চৌদিশৰ অঞ্চল ছানি ধৰিছে। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণৰ চেষ্টা চলাই আছে।

তথ্য অনুসৰি, শুক্ৰবাৰেই অমৃতসৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ১২৫০৮ নম্বৰৰ কৰ্মভূমি এক্সপ্ৰেছে। পঞ্জাৱৰ চৰাই বাঞ্জাৰাত ৰাজপুৰা ষ্টেচনৰ সমীপত দুপৰীয়া প্ৰায় ১ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। আম্বালা ডিভিজনৰ এগৰাকী জ্যেষ্ঠ ৰে’ল বিষয়াই জানিবলৈ দিয়া মতে, কোনো যাত্ৰীৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই। ইতিমধ্যে জুই নিয়ন্ত্ৰণলৈ অনা হৈছে। আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।

জানিব পৰা মতে, ৰে’লখনৰ ইঞ্জিনৰ পিছফালৰ পঞ্চমটো দবাত প্ৰথমে জুইৰ সূত্ৰপাত হয়। তাৰ পিছত জুই আন তিনিটা দবালৈ বিয়পি পৰে। পাটিয়ালাৰ জিলা উপায়ুক্ত হিমাংশু আগৰৱালে জানিবলৈ দিয়া মতে, প্ৰাথমিকভাৱে পেণ্ট্ৰি কাৰৰ পৰা জুই বিয়পি পৰা বুলি সন্দেহ কৰা হৈছে। শ্বৰ্ট চাৰ্কিটৰ ফলতো অগ্নিকাণ্ড সংঘটিত হ’ব পাৰে। অৱশ্যে তদন্তৰ পিছতহে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ নিশ্চিতভাৱে জানিব পৰা যাব।

আনহাতে, ৰে’ল আৰক্ষীৰ এছএইচঅ’ গুৰপ্ৰীৎ সিঙে জানিবলৈ দিয়া মতে, এটা দবাৰ ফেনত শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত জুইৰ সূত্ৰপাত হৈছিল। তাৰ পিছত অতি কম সময়ৰ ভিতৰতে জুই কাষৰ দবাকেইটালৈ বিয়পি পৰে।

উল্লেখ্য যে, অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত কৰ্মভূমি এক্সপ্ৰেছখন আৰু এনজেপিলৈ লৈ যোৱা সম্ভৱ নহয়। যাত্ৰীসকলক ৰে’লখনৰ পৰা নমাই আন এখন ৰে’লৰ জৰিয়তে গন্তব্যস্থানলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই। অৱশ্যে এই প্ৰক্ৰিয়াত কিছু সময়ৰ প্ৰয়োজন হ’ব পাৰে। আনহাতে, অগ্নিকাণ্ডৰ ফলত উক্ত ৰে’লপথত ৰে’
##bigupdate #newsupdate #tragicincident #karmbhoomiexpress #punjab #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।