নিউজ ডেস্ক: সহকৰ্মীক ৩০ হাজাৰ টকা ধাৰলৈ দিছিল। সেই ধন ঘূৰাই নোপোৱাৰ বাবেই সহকৰ্মীৰ শিৰচ্ছেদ কৰাৰ অভিযোগ উত্থাপন হৈছে গুজৰাটত। ছুৰাটৰ এই ঘটনাৰ সৈতে জড়িত অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত লোকজনৰ নাম সচীতকুমাৰ নৰেন্দ্ৰ বল ।
আৰক্ষীৰ সূত্ৰ অনুসৰি, উৰিষ্যাৰ বাসিন্দা সচীত কৰ্মসূত্ৰে ছুৰাটত বাস কৰিছিল। তাত তেওঁ এটা পাৱাৰ লুম প্ৰতিষ্ঠানত কৰ্মৰত আছিল। নিহত ব্যক্তিজনো একেটা প্ৰতিষ্ঠানতে কৰ্মৰত আছিল। তেওঁ কিছুদিন পূৰ্বে সচীতৰ পৰা ৩০ হাজাৰ টকা ধাৰলৈ লৈছিল। কিন্তু তাৰ পিছত সেই ধন আৰু ঘূৰাই দিয়া নাছিল। এই বিষয়টোক লৈ দুয়োৰে মাজত প্ৰায়ে কাজিয়াৰ সৃষ্টি হৈছিল। আৰক্ষীৰ প্ৰাথমিক অনুমান অনুসৰি, ধাৰে দিয়া ধন ঘূৰাই নোপোৱাৰ বাবেই সহকৰ্মীক হত্যা কৰে সচীতে।
তথ্য অনুসৰি, এই হত্যাকাণ্ডৰ বিষয়ে বিগত মঙলবাৰে প্ৰথমে আৰক্ষীৰ ওচৰলৈ খবৰ আহিছিল। সেইদিনা ছুৰাটৰ গোতলাওৱাড়ি মোড়ৰ সমীপৰ এটা কবৰস্থানত মূৰবিহীন এটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে কেইজনমান পথচাৰীয়ে। তেওঁলোকেই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীক জনোৱা হৈছিল যে কবৰস্থানখনত এটা মূৰবিহীন উলংগ মৃতদেহ পৰি আছে।
পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত সচীতৰ নাম পোহৰলৈ আহে। তেওঁক আটক কৰি জেৰা চলোৱাত অভিযুক্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। নিহত ব্যক্তিজনৰ কটা মূৰটো ক’ত লুকুৱাই ৰখা হৈছে, সেই বিষয়েও সচীতৰ পৰাই তথ্য লাভ কৰে আৰক্ষীয়ে। সেই অনুসৰি, কবৰস্থানখনৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰৈৰ অলকাপুৰী ৰে’লৱে দলঙৰ সমীপৰ পৰা কটা মূৰটো উদ্ধাৰ কৰা হয়।
অৱশ্যে, ঠিক কেতিয়া তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰিছিল, সেই বিষয়ে আৰক্ষীৰ জেৰাত এতিয়ালৈকে নিৰ্দিষ্টকৈ একো জনোৱা নাই ধৃত অভিযুক্তই। আৰক্ষীৰ প্ৰাথমিক অনুমান অনুসৰি, মৃতদেহটো উদ্ধাৰ হোৱাৰ দুদিন পূৰ্বে ব্যক্তিজনক হত্যা কৰা হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত এই বিষয়ে অধিক স্পষ্ট তথ্য পোহৰলৈ আহিব বুলি আশা কৰিছে তদন্তকাৰী বিষয়াসকলে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।