Saturday, 07 November 2026
লগইন

আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনৰ ফলাফলক লৈ ছ’চিয়েল মিডিয়াত মিমৰ বন্যা

এতিয়া ট্ৰাম্পক জ্ঞানেশৰ প্ৰয়োজন’!

নিউজ ডেস্ক : আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক লৈ সমগ্ৰ বিশ্বতে চৰ্চা চলিছে। কিন্তু ভাৰতত তেওঁক লৈ কোনে কি কৈছে, সেই বিষয়ে ট্ৰাম্পে খবৰ ৰাখেনে? যদি ৰাখে, তেন্তে ইমান পৰলৈ তেওঁ নিশ্চয় জানিবলৈ পাইছে যে, এই দেশত তেওঁৰ নামৰ সৈতে জড়িত হৈ পৰিছে আন এটা নাম— ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ। ছ’চিয়েল মিডিয়া খুলিলেই তেওঁলোকক ‘একেলগে’ দেখা পোৱা গৈছে। দাবী, ট্ৰাম্পক এতিয়া জ্ঞানেশৰ প্ৰয়োজন!

তথ্য অনুসৰি , মধ্যৱৰ্তী নিৰ্বাচনত পৰাজিত হোৱাৰ ফলত মাৰ্কিন কংগ্ৰেছৰ নিয়ন্ত্ৰণ হেৰুৱাইছে ট্ৰাম্পে। ৰাষ্ট্ৰপতিৰ পদত বাকী থকা সময়ছোৱা তেওঁ ডেম’ক্ৰেটিক পাৰ্টিৰ দ্বাৰা পৰিচালিত কংগ্ৰেছৰ সৈতেই অতিবাহিত কৰিব লাগিব। ভাৰতীয় ছ’চিয়েল মিডিয়াৰ একাংশৰ দাবী, জ্ঞানেশ কুমাৰ কাষত থাকিলে ট্ৰাম্পে হয়তো এনে দুৰ্দিনৰ সন্মুখীন হ’বলগীয়া নহ’লহেঁতেন! তেওঁক নিশ্চিতভাৱে ‘ৰক্ষা’ কৰিলেহেঁতেন। 

প্ৰকৃততে, আমেৰিকাৰ সৈতে ভাৰতৰ ৰাজনীতিৰ বৰ্তমানৰ বিতৰ্কক সংযোগ কৰি বহুতে ঠাট্টা-মস্কৰাত ভাগ লৈছে। ককৰোচ জনতা পাৰ্টি (CJP)-ৰ প্ৰধান অভিজিৎ দীপকে অথবা পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কেন্দ্ৰৰ বিজেপি চৰকাৰক কটাক্ষ কৰাৰ এনে সুযোগ হাতৰ পৰা যাবলৈ দিয়া নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এখন ছবি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এটা মিম ছ’চিয়েল মিডিয়াত পোষ্ট কৰে মহুৱা মৈত্ৰই। ছবিখনত ট্ৰাম্পৰ সৈতে মোদীক কৰমৰ্দন কৰা দেখা গৈছে আৰু মোদীয়ে তেওঁক কিবা কৈ থকা দেখা গৈছে। ছবিখনৰ ওপৰত লিখা হৈছে, ‘জ্ঞানেশৰ নম্বৰ পঠিয়াম নেকি?’ এই মিমটোৰ সৈতে মহুৱাই লিখিছে, ‘ফ্ৰেণ্ড ড’নাল্ড নিডছ জ্ঞানু’। অৰ্থাৎ, ‘বন্ধুসকল, ড’নাল্ডক জ্ঞানু লাগে।’

আনহাতে, দীপকে কোনো মিম পোষ্ট কৰা নাই। তেওঁ কেৱল এটা বাক্য লিখিছে— ‘‘জ্ঞানেশ কুমাৰে ট্ৰাম্পৰ সৈতে কেতিয়াও এনে হ’বলৈ নিদিলেহেঁতেন।’’

আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনৰ ফলাফলক লৈ ছ’চিয়েল মিডিয়াত মিমৰ বন্যা

অৱশ্যে, জ্ঞানেশৰ নামৰ সৈতে ট্ৰাম্প একেবাৰে অপৰিচিত নহয়। আগষ্ট মাহত তেওঁ নিজেই ছ’চিয়েল মিডিয়াত জ্ঞানেশৰ নাম উল্লেখ কৰি এটা পোষ্ট কৰিছিল। ভাৰতত বৈধ পৰিচয়-পত্ৰ দেখুৱাই ভোটদান কৰাৰ নিয়মক প্ৰশংসা কৰি আমেৰিকাতো একেধৰণৰ আইন প্ৰৱৰ্তনৰ দাবী জনাইছিল ৰাষ্ট্ৰপতিগৰাকীয়ে। মধ্যৱৰ্তী নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত জ্ঞানেশৰ নাম লৈ ট্ৰাম্পক ঠাট্টা কৰাৰ সময়ত বহুতে ৰাষ্ট্ৰপতিগৰাকীৰ সেই পোষ্টটোৰ প্ৰসংগও উত্থাপন কৰে। ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়ে সেই বাতৰিৰ শিৰোনাম পোষ্ট কৰি লিখিছে, ‘‘পাহৰি নাযাব, ট্ৰাম্পে কিন্তু জ্ঞানেশ কুমাৰৰ প্ৰশংসা কৰিছিল। ইয়াৰ পৰাই জ্ঞানেশৰ বিষয়ে বহু কথাই বুজিব পাৰি।’’


আনহাতে, অধিবক্তা প্ৰশান্ত ভূষণে ট্ৰাম্পৰ উদ্দেশ্যে মোদীৰ ভাষ্যৰ ৰূপত লিখে, ‘‘বন্ধু, ক্ষমা কৰিবা, মই জ্ঞানেশক তোমাৰ ওচৰলৈ পঠিয়াব নোৱাৰিলোঁ! আচলতে মই নিজৰ সমস্যাবোৰ সমাধান কৰাত ব্যস্ত আছিলোঁ। কিন্তু এতিয়া ইয়াৰ মানুহে তেওঁক তেওঁৰ নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিছে। এতিয়া তেওঁ মোকো সহায় কৰিব পৰা নাই।’’

ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ প্ৰশংসা কৰি কি কৈছিল ট্ৰাম্পে? ছ’চিয়েল মিডিয়াত তেওঁ লিখিছিল, ‘‘ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আমাৰ প্ৰশাসনৰ এজন ব্যক্তিক সুধিছিল, ‘আমেৰিকাত বৈধ পৰিচয়-পত্ৰ অবিহনে আপোনালোকে কেনেকৈ ভোটদান কৰায়?’ ভাৰতৰ শেহতীয়া নিৰ্বাচনত ৬৪ কোটি লোকে ভোটদান কৰিছিল। ই-মেইলৰ জৰিয়তে ভোটদান কৰিছিল এক শতাংশতকৈও কম লোকে। প্ৰতিগৰাকী ভোটাৰৰ হাতত বৈধ পৰিচয়-পত্ৰ আছিল। আমাৰ তৎকালীনভাৱে ‘দ্য ছেভ আমেৰিকা এক্ট’ (The SAVE America Act) প্ৰৱৰ্তন কৰা উচিত।’’

উল্লেখ্য যে, ভাৰতত ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) প্ৰক্ৰিয়াৰ জৰিয়তে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলসমূহে। বিৰোধীসকলৰ দাবী, ইয়াৰ মূল হোতা হৈছে জ্ঞানেশ কুমাৰ। নিৰ্বাচনত বিজেপিক সুবিধা কৰি দিয়াৰ উদ্দেশ্যে তেওঁ SIR-ক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে আৰু বেআইনীভাৱে ভোটাৰ তালিকাৰ পৰা বহু লোকৰ নাম কৰ্তন কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধী দলসমূহে। এই সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় বাতৰিকাকতত এটা প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত বিতৰ্ক আৰু অধিক বৃদ্ধি পাইছে। জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু SIR বাতিলৰ দাবীত আন্দোলন অব্যাহত আছে। আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনৰ ফলাফলে এই বিষয়টোক লৈ ঠাট্টা-মস্কৰাৰ আন এক সমল যোগাইছে।
##bigupdate #newsupdate #donaldtrump #gyaneshkumar #abhijeetdipke #usmidtermelection #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।