নিউজ ডেস্ক : দীপাৱলী আৰু ধনতেৰছ উৎসৱৰ পূৰ্বে ঘিউ আৰু মাখনৰ দাম বৃদ্ধি কৰিলে আমূল কৰ্তৃপক্ষই। গুজৰাটৰ প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা জনোৱা হৈছে যে, ১ কিলোগ্ৰাম ঘিউৰ কাৰ্টনত ৫০ টকা দাম বৃদ্ধি কৰা হৈছে। আনহাতে, ৫০০ গ্ৰামৰ মাখনৰ পেকেটৰ দাম ১৫ টকা বৃদ্ধি পাইছে। অৰ্থাৎ প্ৰতি কিলোগ্ৰামত ৩০ টকাকৈ দাম বৃদ্ধি পাইছে।
বুধবাৰৰ পৰাই ঘিউ আৰু মাখনৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত কাৰ্যকৰী হৈছে বুলি আমূল কৰ্তৃপক্ষই সদৰী কৰে। মূল্যবৃদ্ধিৰ পিছত আমূলৰ ১ কিলোগ্ৰাম ঘিউৰ কাৰ্টনৰ দাম ৬৩০ টকাৰ পৰা বৃদ্ধি পাই ৬৮০ টকা হৈছে। ৫০০ গ্ৰামৰ ‘আমূল পিউৰ ঘিউ’ৰ দাম ২০ টকা বৃদ্ধি পাই ৩২৫ টকাৰ পৰা ৩৪৫ টকা হৈছে।
আনহাতে, আমূল মাখনৰ ১০০ গ্ৰামৰ পেকেটৰ দাম ৩ টকা বৃদ্ধি পাই ৬৩ টকাৰ পৰা ৬৬ টকা হৈছে। একেদৰে, ৫০০ গ্ৰামৰ আমূল মাখনৰ পেকেটৰ দাম ৩১০ টকাৰ পৰা বৃদ্ধি পাই ৩২৫ টকা হৈছে।
প্ৰসংগক্ৰমে, ইয়াৰ পূৰ্বে বিগত মে’ মাহত পশ্চিমবংগসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতেই আমূলে গাখীৰৰ দাম বৃদ্ধি কৰিছিল। পশুখাদ্যৰ মূল্যবৃদ্ধি, পৰিবহণৰ ব্যয় বৃদ্ধি আৰু প্ৰক্ৰিয়াকৰণৰ সামগ্ৰিক খৰচ বৃদ্ধি পোৱাকে এই মূল্যবৃদ্ধিৰ কাৰণ হিচাপে উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটৰ প্ৰতিষ্ঠানটোৱে। ১৪ মে’ৰ পৰা গাখীৰৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ ফলত শিশুৰ খাদ্যৰ পৰা আৰম্ভ কৰি মিঠাই প্ৰস্তুত কৰালৈকে বিভিন্ন ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিছিল বুলি প্ৰকাশিত কেইবাটাও বাতৰিত উল্লেখ কৰা হৈছিল।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।