শ্বাহে কয় যে কংগ্ৰেছ নেতাজনে চৰকাৰৰ উত্তৰ সহ্য কৰিব নোৱাৰিব আৰু বিতৰ্কৰ পৰা পলাই যাব । হাৰিয়ানাৰ কৰ্নালত অনুষ্ঠিত এক সমাৱেশত শ্বাহে কয়, "যদি ৰাহুল গান্ধীয়ে আলোচনাত মিলিত হ’ব বিচাৰে, যদি আপোনাৰ উদ্বেগৰ পিছত সত্যতা আৰু যুক্তি আছে তেন্তে সংসদৰ ভিতৰলৈ আহক আৰু আলোচনা কৰক। আহক আমি ইজনে সিজনৰ মুখামুখি হওঁ!”
তেওঁ লগত কয়,”গান্ধীয়ে উত্তৰবোৰ চম্ভালিব নোৱাৰিব । সদায় কৰাৰ দৰেই আপুনি কেৱল পলাই যাব । আমি কিয় এই সমাৱেশ কৰিবলৈ বাধ্য হৈছো, মই তাৰ ব্যাখ্যা কৰিব বিচাৰোঁ। দেশৰ জনসাধাৰণে ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে।" বিৰোধীৰ প্ৰতিবাদৰ কৌশলক সকীয়াই দি শ্বাহে কয় যে কংগ্ৰেছে য’তেই তেওঁলোকৰ ৰাজনৈতিক যুঁজখন লৈ যাব, তাতেই বিজেপিয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব।
তেওঁ লগতে কয়, "ভাৰতীয় জনতা পাৰ্টীয়ে আপোনাক সকলোতে উত্তৰ দিব—সংসদত, বিধানসভাত, আমাৰ গাঁৱত, আমাৰ পথাৰত আৰু ৰাজপথত। আরু যদি আপুনি জোৰ কৰি মানুহ গোটাব বিচাৰে, তেন্তে আপোনাক উচিত প্ৰত্যুত্তৰ দিবলৈ বিজেপিৰ কৰ্মীসকল তাত উপস্থিত থাকিব।"

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।