নিউজ ডেস্ক : বুধবাৰে সন্ধিয়া তেলেংগানাৰ খাম্মাম জিলাৰ বেথুপল্লী হ্ৰদত আৱদ্ধ হৈ থকা মাছমৰীয়াসকলক উদ্ধাৰ বাবে অভিযানৰ সময়ত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ SDRFৰ দুখন নাও দুৰ্ঘটনা হৈয় । যাৰ ফলত প্ৰায় ১০ জন কৰ্মী সন্ধানহীন হোৱাৰ আশংকা কৰা হৈছে ।
সংবাদ সংস্থা পিটিআইৰ মতে, ছাথুপল্লী মণ্ডলত অৱস্থিত বাঢ়নী পানীৰে উপচি পৰা হ্ৰদটোত কৰ্মীসকলে দুখন নাৱেৰে উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে নাও দুখন ওলটি পৰা বুলি সন্দেহ কৰা হৈছে। হ্ৰদটোত আৱদ্ধ হৈ থকা এটা মাছমৰীয়াৰ দলক উদ্ধাৰ কৰিবলৈ তেওঁলোকক মোতায়েন কৰা হৈছিল।
অন্ধ্ৰপ্ৰদেশৰ সীমান্তৱৰ্তী খাম্মাম জিলাত ঘূৰ্ণীবতাহ 'মুৰাছু' (Murasu)-ৰ প্ৰভাৱত প্ৰবল বৃষ্টিপাত হৈছে । খাম্মাম জিলাৰ উপায়ুক্ত দিৱাকৰ টিএছ আৰু অন্যান্য বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে সন্ধানহীন কৰ্মীসকলৰ সন্ধানত উদ্ধাৰকাৰী দল মোতায়েন কৰে।
তেলেংগানাৰ ৰাজহ মন্ত্ৰী পোংগুলেটী শ্ৰীনিবাস ৰেড্ডীয়ে এক্সত এটা পোষ্টৰ জৰিয়তে জানিবলৈ দিয়ে যে উদ্ধাৰকাৰী দলসমূহে সন্ধানহীন এছডিআৰএফ কৰ্মীসকলৰ সম্ভাৱ্য স্থান চিনাক্ত কৰিছে। তেওঁ কয় যে কৰ্মীসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হ’ব।
এই ঘটনাৰ সন্দৰ্ভত অৱগত হোৱাৰ পিছত মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে সন্ধানহীন কৰ্মীসকলক উদ্ধাৰ কৰিবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে বুলি এটা চৰকাৰী প্ৰেছ বিবৃতিত প্ৰকাশ পাইছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।